দিনটো ভাগৰুৱা যেন লাগি থাকে নেকি? এই পানীয়ই আপোনাক কৰি তুলিব সতেজ! | Do you feel tired throughout the day, This drink will refresh you Assam news - Assam Tv9

দিনটো ভাগৰুৱা যেন লাগি থাকে নেকি? এই পানীয়ই আপোনাক কৰি তুলিব সতেজ!

Published: 

29 Jun 2025 07:56 AM

গৰম দিনত প্ৰায়ে ভাগৰুৱা অনুভৱ কৰে নেকি? কাম কৰিবলৈ মন নোযোৱা, চকু দুটা গধুৰ হৈ পৰা আৰু মনটো ভাগৰুৱা অনুভৱ হয় নেকি? যদি আপোনাৰো এই সমস্যা হৈছে, তেন্তে কিছুমান প্ৰাকৃতিক আৰু থলুৱা শক্তি বৃদ্ধিকাৰী পানীয়ৰ প্ৰয়োজন, যিয়ে আপোনাৰ শৰীৰক সতেজ কৰাই নহয়, আপোনাৰ স্নায়ু শক্তিৰে ভৰাই তোলে।

1 / 5তুলসী আৰু আদা দুয়োবিধ আয়ুৰ্বেদিক বনৌষধি। যিয়ে ক্লান্তি, মানসিক চাপ আৰু চৰ্দি আৰু কাহৰ পৰা উপশম দিয়ে। এই বনৌষধি চাহে আপোনাক দিনটো সতেজ কৰি ৰাখে আৰু প্ৰাকৃতিক শক্তি প্ৰদান কৰে।

তুলসী আৰু আদা দুয়োবিধ আয়ুৰ্বেদিক বনৌষধি। যিয়ে ক্লান্তি, মানসিক চাপ আৰু চৰ্দি আৰু কাহৰ পৰা উপশম দিয়ে। এই বনৌষধি চাহে আপোনাক দিনটো সতেজ কৰি ৰাখে আৰু প্ৰাকৃতিক শক্তি প্ৰদান কৰে।

2 / 5

ৰাতিপুৱা সোনকালে নেমু আৰু মৌৰ পানী খালে শৰীৰৰ বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ হয়। যাৰ ফলত দিনটোৰ ভিতৰতে আপোনাক শক্তিশীল কৰি ৰাখে। এই পানীয়ই শৰীৰক বিষমুক্ত কৰি ভাগৰ দূৰ কৰে। এগিলাচ কুহুমীয়া পানীত আধা নেমু চেপি লৈ তাত এচামুচ মৌ দি সেৱন কৰিব।

3 / 5

খেজুৰত প্ৰচুৰ পৰিমাণে আইৰণ, ফাইবাৰ আৰু প্ৰাকৃতিক চেনি থাকে আৰু গাখীৰৰ লগত মিহলি হ’লে এই পানীয় শক্তি বৃদ্ধিকাৰী হৈ পৰে। গোটেই দিনটো ব্যস্ত থকাসকলৰ বাবে এইটো উত্তম। ৪-৫ টা খেজুৰ গৰম পানীত ১০ মিনিট তিয়াই লওক, তাৰ পিছত গাখীৰৰ সৈতে মিক্সাৰত ভালদৰে পিহি লওক। ইচ্ছা কৰিলে তাত অলপ ডালচেনিৰ গুৰি দিব পাৰে।

4 / 5

নাৰিকলৰ পানীত ইলেক্ট্ৰ’লাইট আৰু খনিজ পদাৰ্থ থাকে যিয়ে শৰীৰক হাইড্ৰেটেড কৰি ৰাখে, আনহাতে নেমুয়ে ইয়াত সতেজতা আৰু ভিটামিন চিৰ ৰং যোগ কৰে। এগিলাচ নাৰিকলৰ পানীত আধা নেমু চেপি ৰুচি অনুসৰি ক’লা নিমখ দিব। এই পানীয় ঠাণ্ডা কৰি খালে শৰীৰৰ ক্লান্তি দূৰ হয়।

5 / 5

সাট্টুত প্ৰচুৰ পৰিমাণে ফাইবাৰ, প্ৰ'টিন আৰু খনিজ পদাৰ্থ থাকে। পেট ঠাণ্ডা কৰি দিনটো শৰীৰ সক্ৰিয় কৰি ৰাখে। ২ চামুচ সত্তু লৈ তাত পানী অলপ মিহলাই ডাঠ পেষ্ট বনাওক। এতিয়া তাত নেমুৰ ৰস, ক’লা নিমখ, অলপ জিৰা আৰু ঠাণ্ডা পানী দিব। ভালদৰে মিহলাই বৰফ দিয়াৰ পিছত সেৱন কৰক।

এইবোৰ খাদ্যই বৃদ্ধি কৰে ইউৰিক এচিড, জানক...
তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে এই ৩টা প্ৰধান লক্ষণে দেখা দিয়ে, সাৱধান হওক...
মদ্যপান কৰাৰ পিছদিনা হেংঅ'ভাৰ ? নতুন বছৰ উদযাপনৰ পূৰ্বে উপশম পোৱাৰ উপায়
চুলিৰ পৰা হাড়লৈ, ক'লা তিলৰ স্বাস্থ্য উপকাৰিতা জানক
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...