আপোনাৰ আপোনজনক এই বাৰ্তাৰে জনাওক দীপাৱলীৰ শুভেচ্ছা... | diwali 2024 date, images, best wishes, message in assamese Assam news - Assam Tv9

Diwali 2024 Wishes: দীপাৱলীৰ শুভ ক্ষণত আপোনাৰ আপোনজনক এই বাৰ্তাৰে জনাওক শুভেচ্ছা…

Updated On: 

31 Oct 2024 | 09:29 AM

২০২৪ চনৰ ১ নৱেম্বৰ শুকুৰবাৰে দেশজুৰি উদযাপন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী। প্ৰতি বছৰে কাতি মাহৰ অমাৱস্যাৰ দিনা দীপাৱলী উৎসৱ পালন কৰা হয়। দীপাৱলীৰ শুভ ক্ষণত আপোনাৰ আপোনজনক এই বাৰ্তাৰে জনাওক শুভেচ্ছা...

1 / 8"আপোনাক আৰু আপোনাৰ পৰিয়াললৈ আনন্দ,সমৃদ্ধি আৰু অগণন আশীৰ্বাদেৰে ভৰা দীপাৱলীৰ শুভেচ্ছা জনাইছো।"

"আপোনাক আৰু আপোনাৰ পৰিয়াললৈ আনন্দ,সমৃদ্ধি আৰু অগণন আশীৰ্বাদেৰে ভৰা দীপাৱলীৰ শুভেচ্ছা জনাইছো।"

2 / 8

ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আপোনাৰ জীৱনলৈ সুখৰ বৰষুণ সৰক, মাতৃ মহাকালীয়ে আপোনাক শক্তি দিয়ক, যমদেৱৰ কৃপাত দীৰ্ঘজীৱী হওক। প্ৰতিদিনে প্ৰগতি লাভ কৰক। পৰিয়ালৰ প্ৰতিজনৰ লগতে আপোনালৈ দীপাৱলীৰ শুভেচ্ছা জনালোঁ ।

3 / 8

"এই দীপাৱলীয়ে আপোনাৰ বাবে সফলতা, সমৃদ্ধি আৰু অন্তহীন আনন্দৰ মুহূৰ্ত কঢ়িয়াই আনক। দীপাৱলীৰ শুভেচ্ছা থাকিল!"

4 / 8

"দীপাৱলীৰ পোহৰে আপোনাৰ হৃদয়খন মৰম আৰু সুখেৰে ভৰাই তোলক। আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ দীপাৱলীৰ শুভেচ্ছা থাকিল!"

5 / 8

"দীপাৱলীৰ পোহৰে আপোনাৰ জীৱনৰ পথ আলোকিত কৰক আৰু আপোনাক সপোনৰ ওচৰলৈ লৈ যাওক। দীপাৱলীৰ শুভেচ্ছা থাকিল!"

6 / 8

"দীপাৱলীৰ এই শুভ ক্ষণত আপোনাৰ জীৱন উজ্জ্বলতা আৰু ইতিবাচক চিন্তা-চেতনাৰে ভৰি পৰক । দীপাৱলীৰ শুভেচ্ছা থাকিল!"

7 / 8

"পোহৰৰ উৎসৱ দীপাৱলীৰ এই শুভ ক্ষণত আপোনাৰ জীৱনটোক অন্তহীন আনন্দ আৰু সুখেৰে আলোকিত কৰক। দীপাৱলীৰ শুভেচ্ছা থাকিল!"

8 / 8

"দীপাৱলীৰ পোহৰে আপোনাৰ জীৱনৰ পৰা সকলো অন্ধকাৰ আঁতৰাই আপোনাৰ জীৱনলৈ শান্তি আৰু সুখ কঢ়িয়াই আনক। দীপাৱলীৰ শুভেচ্ছা থাকিল!"

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব