ধনতেৰাচৰ দিনটোত হোৰাহোৰে কমিল সোণৰ দাম, পূৰ কৰিব পাৰিব সোণ ক্ৰয়ৰ আশা... | Dhanteras Brings Relief for Buyers as Gold and Silver Prices Fall Assam news - Assam Tv9

ধনতেৰাচৰ দিনটোত হোৰাহোৰে কমিল সোণৰ দাম, পূৰ কৰিব পাৰিব সোণ ক্ৰয়ৰ আশা…

Updated On: 

18 Oct 2025 | 11:01 AM

আজি ধনতেৰাচ। প্ৰচলিত বিশ্বাস অনুসৰি আজি অধিকাংশ লোকেই সৌভাগ্যৰ আশাত সোণ ক্ৰয়ৰ পৰিকল্পনা কৰিছে। যদি আপুনিও আজি সোণ ক্ৰয় কৰাৰ কথা ভাবিছে, তাৰ পূৰ্বে চাওক আজি বজাৰত সোণৰ দাম কিমান।

1 / 5আজি ধনতেৰাচ। এই বিশেষ দিনটোত সোণ ক্ৰয় কৰিলে সৌভাগ্যৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। এনে পৰিস্থিতিত আজি বজাৰত সোণৰ দামৰ প্ৰতি সকলোৰে লক্ষ্য ৰাখিছে। এতিয়া দেশবাসীৰ আশা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিছে। কিয়নো আজি বজাৰত দাম কমিছে সোণৰ।

আজি ধনতেৰাচ। এই বিশেষ দিনটোত সোণ ক্ৰয় কৰিলে সৌভাগ্যৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। এনে পৰিস্থিতিত আজি বজাৰত সোণৰ দামৰ প্ৰতি সকলোৰে লক্ষ্য ৰাখিছে। এতিয়া দেশবাসীৰ আশা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিছে। কিয়নো আজি বজাৰত দাম কমিছে সোণৰ।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি দেশৰ বজাৰত প্ৰতিগ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১৯১ টকা হ্ৰাস পাইছে। সেই অনুসৰি আজি ১ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১৩,০৮৬ টকা হৈছে। দেশৰ বজাৰত এই দৰ আজি গুৱাহাটীৰ বজাৰতো প্ৰযোজ্য হ’ব।

3 / 5

একেদৰে আজি ২২ কেৰেট সোণৰ ক্ষেত্ৰত ১ গ্ৰাম সোণৰ মূল্যত ১৭৫ টকাকৈ হ্ৰাস পাইছে। এইদৰে আজি ১ গ্ৰাম সোণৰ মূল্য ১১,৯৯৫ টকা হৈছে। গুৱাহাটীৰ বজাৰতো আজি গ্ৰাহকে এই দৰতে ২২ কেৰেট সোণ ক্ৰয় কৰিব পাৰিব।

4 / 5

ইফালে ১৮ কেৰেট সোণৰ ক্ষেত্ৰতো ৰেহাই লাভ কৰিব গ্ৰাহকসকলে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে আজি ১৮ কেৰেট সোণৰ ১৪৪ টকাকৈ দাম কমিছে। এইদৰে আজি প্ৰতিগ্ৰাম ১৮ কেৰেট সোণৰ দাম হ’ব ৯,৮১৪ টকা। দেশৰ লগতে গুৱাহাটীত এই দৰ পৰিলক্ষিত হ’ব।

5 / 5

সোণৰ লগতে আজি ৰূপৰ দামো হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা অনুসৰি আজি ৰূপৰ দাম প্ৰতিগ্ৰামত ১৩ টকাকৈ হ্ৰাস পাই ১৭২ টকা হৈছে। এইদৰে এক কিলোগ্ৰাম ৰূপৰ দাম আজি বজাৰত ১,৭২,০০০ টকা হৈছে।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি