জলমগ্ন ৰাজধানী দিল্লীঃ চাওক বৰষুণ-বানত বিধ্বস্ত দিল্লীৰ কিছু দৃশ্য.... Assam news - Assam Tv9

জলমগ্ন ৰাজধানী দিল্লীঃ চাওক বৰষুণ-বানত বিধ্বস্ত দিল্লীৰ কিছু দৃশ্য….

Published: 

29 Jun 2024 14:51 PM

জল সংকটে জুৰুলা কৰা দেশৰ ৰাজধানী দিল্লীত এতিয়া জলে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ। নেৰানেপেৰা বৰষুণৰ পৰিণতিত দিল্লীৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰষুণ আৰু বানৰ ফলত এইপৰ্যন্ত ৰাজধানী চহৰখনত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। পানীত ডুব গৈছে বহু গুৰুত্বপূৰ্ণ পথ। বৰষুণৰ ফলত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ১-ৰ চাদ খহি পৰাও পৰিলক্ষিত হৈছে। বানৰ কবলত পৰিছে এইমছ। মুঠৰ ওপৰত বৰষুণ আৰু তাৰ পিছত হোৱা বানে জ্বলা-কলা খুৱাইছে দিল্লীবাসীক। দিল্লীত সৃষ্টি হোৱা এনে উদ্বেগজনক পৰিস্থিতিৰ কিছু ছবি চাওক....

1 / 5বৰষুণ আৰু বানৰ ফলত দিল্লীৰ বহু অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। ৰোহিণী চেক্টৰ-১৮ৰ  মেট্ৰ' ষ্টেচনৰ সমীপত বৰষুণ তথা বানৰ ফলত সৃষ্টি হোৱা এটা গাঁতত এইদৰে সোমাই পৰে এখন বাহন।

বৰষুণ আৰু বানৰ ফলত দিল্লীৰ বহু অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। ৰোহিণী চেক্টৰ-১৮ৰ মেট্ৰ' ষ্টেচনৰ সমীপত বৰষুণ তথা বানৰ ফলত সৃষ্টি হোৱা এটা গাঁতত এইদৰে সোমাই পৰে এখন বাহন।

2 / 5

ধাৰাসাৰ বৰষুণৰ ফলত শুকুৰবাৰে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ১- ত চাদৰ এটা অংশ খহি পৰে। এই ঘটনাত এজন কেব চালকৰ মৃত্যু হয়।

3 / 5

বৰষুণৰ ফলত মিণ্টো ব্ৰিজৰ ওপৰত পুখুৰী সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। পানী জমা হৈ পৰাৰ ফলত মিণ্টো ব্ৰিজত ব্যাপক যান-যঁটৰ সৃষ্টি হয়।

4 / 5

ধাৰাসাৰ বৰষুণৰ পিছত পানী জমা হৈ পৰাৰ বাবে বাহনসমূহ প্ৰগতি ময়দান সুৰংগৰ সমীপৰ জলমগ্ন পথেৰে এইদৰে সাৱধানে পাৰ হ’বলগীয়া হৈছে।

5 / 5

নেৰানেপেৰা বৰষুণৰ বাবে দিল্লীৰ বহু স্থানত পানী জমা হৈ পৰিছে আৰু ইয়াৰ ফলত কৃত্ৰিম বানৰ কবলত পৰিছে বহু অঞ্চল। বৰষুণৰ পিছত প্লাৱিত হৈ পৰে ৰাজঘাট।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব