পোহৰলৈ আহিছে দীপিকা পাডুকনৰ কন্যাৰ ফটো, সকলোৱে ক'লে এয়া... | Deepika Padukone And Ranveer Singh Reveal Daughter Dua Face Assam news - Assam Tv9

পোহৰলৈ আহিছে দীপিকা পাডুকনৰ কন্যাৰ ফটো, সকলোৱে ক’লে এয়া…

Published: 

22 Oct 2025 13:27 PM

Dua First Pictures: দীপাৱলী উপলক্ষে অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰণবীৰ সিঙে নিজৰ কন্যা দুৱা পাডুকন সিঙৰ মুখখন সকলোকে দেখুৱাইছে। দুৱাৰ সৈতে দীপিকা আৰু ৰণবীৰে কেইবাখনো ফটো শ্বেয়াৰ কৰে।

1 / 5অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰণবীৰ সিং বলীউডৰ উদ্যোগৰ অন্যতম জনপ্ৰিয় দম্পতী। ৰণবীৰ আৰু দীপিকাৰ প্ৰেম কাহিনী ছবিৰ কাহিনীতকৈ কম নহয়। যথেষ্ট সময় ডেটিং কৰাৰ পিছত ২০১৫ চনত তেওঁলোকৰ এংগেজমেণ্ট হয় আৰু তাৰ পিছত ২০১৮ চনত বিবাহ হয়।

অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰণবীৰ সিং বলীউডৰ উদ্যোগৰ অন্যতম জনপ্ৰিয় দম্পতী। ৰণবীৰ আৰু দীপিকাৰ প্ৰেম কাহিনী ছবিৰ কাহিনীতকৈ কম নহয়। যথেষ্ট সময় ডেটিং কৰাৰ পিছত ২০১৫ চনত তেওঁলোকৰ এংগেজমেণ্ট হয় আৰু তাৰ পিছত ২০১৮ চনত বিবাহ হয়।

2 / 5

ৰণবীৰ আৰু দীপিকাই ২০২৪ চনত এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। কিন্তু কণমানিটোৰ ফটো পোহৰলৈ অনা নাছিল পিতৃ-মাতৃয়ে। অনুৰাগীসকলে দুৱাৰ প্ৰথম আভাস পাবলৈ আগ্ৰহী হৈ পৰিছিল।

3 / 5

অৱশেষত অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল। এতিয়া অনুৰাগীক দীপাৱলী উপহাৰ দি ৰণবীৰ আৰু দীপিকাই নিজৰ কন্যা দুৱাৰ মুখখন দেখুৱাইছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে দুৱাৰ ফটো।

4 / 5

ৰণবীৰ আৰু দীপিকাই নিজৰ কন্যাৰ ধুনীয়া ফটো শ্বেয়াৰ কৰি অনুৰাগীক এটা ডাঙৰ উপহাৰ দিলে। ফটো সমূহ পোষ্ট কৰি তেওঁলোকে লিখিছে, "দিপাৱলী শুভেচ্ছা!"

5 / 5

এই ফটোবোৰত দুৱাক ৰঙা ফ্ৰক পিন্ধা দেখা গৈছে। দুৱাৰ প্ৰথম আভাস আৰু হাঁহিটোৱে সকলো অনুৰাগীৰ হৃদয় জয় কৰিলে।

৬৭১ দিন ধৰি জয়ৰ সোৱাদ বিচাৰি হাবাথুৰি খাইছে ভাৰতে! এই তথ্যই আচৰিত কৰিব আপোনাক
বাৰে বাৰে মুখৰ ঘাঁ হৈ থাকে নেকি? ইয়াৰ কাৰণ জানক...
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি খাব লাগে? জানিলে দূৰ হ’ব মনৰ শংকা
এডিলেইডত বিশ্ব অভিলেখ গঢ়িলে ৰোহিতে, পিছ পৰিল পাকিস্তানৰ এইগৰাকী তাৰকা