অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে নেকি এতিয়া? চাওক আজি গুৱাহাটীৰ বজাৰত কিমান দৰত বিক্ৰী হৈছে সোণ | Daily Gold Price Update: Guwahati Market Sees Increase, Silver Unchanged Assam news - Assam Tv9

অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে নেকি এতিয়া? চাওক আজি গুৱাহাটীৰ বজাৰত কিমান দৰত বিক্ৰী হৈছে সোণ

Published: 

14 Jul 2025 | 02:12 PM

বজাৰত প্ৰায় প্ৰতিদিনে সোণৰ দামৰ উত্থান-পতন ঘটে। কেতিয়াবা যদি হঠাতে দাম বৃদ্ধি পায়, কেতিয়াবা আকৌ হুৰমূৰকৈ দাম হ্ৰাস পোৱাও পৰিলক্ষিত হয়। সাধাৰণতে সোণৰ দামৰ এই তাৰতম্য বিশ্বজোৰা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। চাওঁ আহক আজি গুৱাহাটীত সোণৰ দাম কিমান।

1 / 5বিগত কিছুদিনত দেশৰ বজাৰত সোণৰ দামৰ ক্ষেত্ৰত ব্যাপক উত্থান-পতন দেখিবলৈ পোৱা গৈছে। বিশেষকৈ কিছুদিন পূৰ্বে মধ্য প্ৰাচ্যত সৃষ্টি হোৱা যুদ্ধৰ পৰিস্থিতিৰ প্ৰভাৱ স্পষ্টকৈ পৰিছে বজাৰত। তাৰ বাবেই সোণৰ দামৰ ক্ষেত্ৰতো যথেষ্ট তাৰতম্য ঘটা পৰিলক্ষিত হৈছিল।

বিগত কিছুদিনত দেশৰ বজাৰত সোণৰ দামৰ ক্ষেত্ৰত ব্যাপক উত্থান-পতন দেখিবলৈ পোৱা গৈছে। বিশেষকৈ কিছুদিন পূৰ্বে মধ্য প্ৰাচ্যত সৃষ্টি হোৱা যুদ্ধৰ পৰিস্থিতিৰ প্ৰভাৱ স্পষ্টকৈ পৰিছে বজাৰত। তাৰ বাবেই সোণৰ দামৰ ক্ষেত্ৰতো যথেষ্ট তাৰতম্য ঘটা পৰিলক্ষিত হৈছিল।

2 / 5

আজি দেশৰ বজাৰত সোণৰ দাম পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি ২২ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ১৫ টকাৰ বৃদ্ধিৰে ৯,১৫৫ টকা হৈছে। অৰ্থাৎ আজি দহ গ্ৰাম ২২ কেৰেটৰ সোণ ৯১,৫৫০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে ১৮ কেৰেট আৰু ২৪ কেৰেট সোণৰ ক্ষেত্ৰতো দাম বৃদ্ধি পাইছে। ১৮ কেৰেট সোণ আজি দেশত প্ৰতি গ্ৰাম ৭,৪৯১ টকাত আৰু ১০ গ্ৰাম ৭৪,৯১০ টকা দৰত বিক্ৰী হৈছে। সেইদৰে ২৪ কেৰেটৰ সোণৰ প্ৰতিগ্ৰামৰ দৰ হৈছে ৯,৯৮৮ টকা। এইদৰে ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম হৈছে ৯৯,৮৮০ টকা।

4 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, গুৱাহাটীৰ বজাৰতো আজি দেশৰ বজাৰৰ দৰে সোণৰ দৰৰ মূল্য পৰিৱৰ্তন ঘটিছে। গুৱাহাটীতো আজি দেশৰ বজাৰৰ দৰে ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত ৭,৪৯১ টকা, ২২ কেৰেট সোণ প্ৰতি গ্ৰামত ৯,১৫৫ টকা আৰু ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ৯,৯৮৮ টকা দৰত বিক্ৰী হৈছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

5 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য মতে গুৱাহাটীৰ বজাৰত আজি ৰূপৰ দামৰ কোনো পৰিৱৰ্তন ঘটা নাই। অৰ্থাৎ সোণৰ দাম আজি কিছু বৃদ্ধি পাইছে যদিও ৰূপত দাম আজি গুৱাহাটীৰ বজাৰত কালিৰ দৰৰ সৈতে সমান হৈ আছে। গুৱাহাটীৰ বজাৰত আজি এক কিলোগ্ৰাম ৰূপ ১,১৫,০০০ টকা দৰত বিক্ৰী হৈছে বুলি গুড ৰিটাৰ্ণছে জানিবলৈ দিছে।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি