অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে নেকি? বজাৰত ঘটিছে দৰৰ পৰিৱৰ্তন, চাওক আজি গুৱাহাটীত সোণৰ দৰ কিমান | Daily Gold Price Update: Check Today’s Gold Silver Prices in Guwahati in Assamese Assam news - Assam Tv9

অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে নেকি? বজাৰত ঘটিছে দৰৰ পৰিৱৰ্তন, চাওক আজি গুৱাহাটীত সোণৰ দৰ কিমান

Updated On: 

15 Aug 2025 09:40 AM

যদি আপুনিও সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবি আছে, তেতিয়াহ’লে বজাৰত আজি সোণৰ দৰ কিমান আগতীয়াকৈ তাৰ এক আভাস লোৱা উচিত হ’ব।

1 / 5আমাৰ সমাজত সোণৰ এক বিশেষ মান্যতা থাকে। সেয়ে সোণৰ অলংকাৰ ক্ৰয়ৰ হেঁপাহ প্ৰায় সকলোৰে থাকে। বজাৰত প্ৰায় প্ৰতিদিনেই সোণৰ দৰৰ পৰিৱৰ্তন ঘটে। কেতিয়াবা যদি হঠাতে উত্থান হয়, কেতিয়াবা আকৌ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হয়।

আমাৰ সমাজত সোণৰ এক বিশেষ মান্যতা থাকে। সেয়ে সোণৰ অলংকাৰ ক্ৰয়ৰ হেঁপাহ প্ৰায় সকলোৰে থাকে। বজাৰত প্ৰায় প্ৰতিদিনেই সোণৰ দৰৰ পৰিৱৰ্তন ঘটে। কেতিয়াবা যদি হঠাতে উত্থান হয়, কেতিয়াবা আকৌ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হয়।

2 / 5

সেয়ে অলংকাৰ ক্ৰয়ৰ কথা ভাবিলে আগতীয়াকৈ সোণৰ দৰৰ বিষয়ে জানিলে সহজ হয়। যদি আপুনিও সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবি আছে, তেতিয়াহ’লে বজাৰত আজি সোণৰ দৰ কিমান আগতীয়াকৈ তাৰ এক আভাস লোৱা উচিত হ’ব।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি দেশৰ বজাৰত ২২ কেৰেট আৰু ২৪ কেৰেট সোণত প্ৰতিগ্ৰামত ৫ টকাকৈ আৰু ১৮ সোণৰ দাম প্ৰতিগ্ৰামত ৪ টকাকৈ বৃদ্ধি পাইছে। সেই অনুসাৰে ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ৯,২৯৫ টকা, ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত ৭,৬০৫ টকা আৰু ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ১০,১৪০ টকাত আজি বজাৰত উপলব্ধ হৈছে।

4 / 5

দেশৰ বজাৰৰ এই মূল্যৰ পৰিৱৰ্তনৰ প্ৰভাৱ গুৱাহাটীতো পৰিছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। তথ্য অনুসৰি, গুৱাহাটীৰ বজাৰতো আজি দেশৰ বজাৰৰ দৰেই ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত ৭,৬০৫ টকা ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ৯,২৯৫ টকা আৰু ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ১০,১৪০ টকাত বিক্ৰী হৈছে।

5 / 5

সোণৰ দৰৰ এই পৰিৱৰ্তনৰ দৰে ৰূপৰ ক্ষেত্ৰতো প্ৰতিগ্ৰামত ০.১০ টকা হ্ৰাস পাইছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। সেই অনুসৰি আজি বজাৰত ১ কিলোগ্ৰাম ৰূপ ১,১২,৯০০ টকাত উপলব্ধ হৈছে বুলি প্ৰকাশ কৰিছে গুড ৰিটাৰ্ণছে।

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...