Cyclone Dana: আহি আছে ঘূৰ্ণী বতাহ 'ডানা', অসমৰ ১৪ জিলাত হালধীয়া এলাৰ্ট জাৰি... | cyclone dana in west bengal and odisha yellow alert in assam 14 dist Assam news - Assam Tv9

Cyclone Dana: আহি আছে ঘূৰ্ণী বতাহ ‘ডানা’, অসমৰ ১৪ জিলাত হালধীয়া এলাৰ্ট জাৰি…

Updated On: 

25 Oct 2024 12:40 PM

Assam: বংগোপসাগৰত উৎপত্তি হোৱা ডানাই ইতিমধ্যে লৈছে ভয়ংকৰ ৰূপ। এই ডানাৰ প্ৰভাৱ কেইবাখন ৰাজ্যত পৰিব পাৰে। ইয়াৰ মাজতে অসমৰ ১৪ খন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগে য়ালো এলাৰ্ট জাৰি কৰিছে।

1 / 5বংগোপ সাগৰত উৎপত্তি হোৱা ডানাই ইতিমধ্যে লৈছে ভয়ংকৰ ৰূপ। ২৪ অক্টোবৰৰ সন্ধিয়াৰ পৰা ২৫ অক্টোবৰৰ পুৱাৰ ভাগলৈ সাগৰীয় ঘূৰ্ণী বতাহ ডানাই প্ৰতি ঘন্টাত ১২০ কিলোমিটাৰ বেগেৰে ওড়িশাৰ পুৰি আৰু পশ্চিম বংগৰ সাগৰ দ্বীপৰ মাজত কোবাই যাব পাৰে।

বংগোপ সাগৰত উৎপত্তি হোৱা ডানাই ইতিমধ্যে লৈছে ভয়ংকৰ ৰূপ। ২৪ অক্টোবৰৰ সন্ধিয়াৰ পৰা ২৫ অক্টোবৰৰ পুৱাৰ ভাগলৈ সাগৰীয় ঘূৰ্ণী বতাহ ডানাই প্ৰতি ঘন্টাত ১২০ কিলোমিটাৰ বেগেৰে ওড়িশাৰ পুৰি আৰু পশ্চিম বংগৰ সাগৰ দ্বীপৰ মাজত কোবাই যাব পাৰে।

2 / 5

এই ডানাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ আৰু ওড়িশাৰ বহু শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। ৰে’লৰ লগতে বাতিল হৈছে বিমান সেৱা। ডানাৰ ফলত পশ্চিম বংগ আৰু ওড়িশাত সৰ্বাধিক প্ৰভাৱ পৰিব। ইতিমধ্যে ইয়াৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ।

3 / 5

২৪ আৰু ২৫ অক্টোবৰত সাগৰৰ পাৰলৈ মাছমৰীয়া সকলক নোযোৱাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। ডানাৰ প্ৰভাৱৰ ফলত ধাৰাসাৰ বৰষুণ - বতাহ, ঢেৰেকনি আদি আহিব পাৰে। এই ক্ষেত্ৰত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে পশ্চিম বংগ আৰু ওড়িশা চৰকাৰে।

4 / 5

কালিৰ পৰা অসমৰ বিভিন্ন অঞ্চলৰ বতৰ ডাৱৰীয়া হোৱা দেখা হৈছে। আজিও বহু জিলাত আৰম্ভ হৈছে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ। ইয়াৰ ক্ষেত্ৰত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।

5 / 5

আজি গুৱাহাটীকে ধৰি ১৪ খন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে হালধীয়া এলাৰ্ট। এই জিলা কেইখন- ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও ,কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ।

ভগৱানৰ কৃপা লাভ কৰিলে কি সংকেতে দেখা দিয়ে? ক'লে প্ৰেমানন্দ মহাৰাজে...
আমাৰ পেটত কিদৰে কৃমিৰ সৃষ্টি হয়? চাওঁ আহক এই সমস্যা দূৰ কৰাৰ ঘৰুৱা উপায়
জীৱনত সফল হোৱাটো নিশ্চিত, আজিৰে পৰা পালন কৰক এইকেইটা নিয়ম!
কেনেকৈ ৰোধ কৰিব গ্ৰীষ্মকালীন ভাইৰাছৰ সংক্ৰমণ? তালিকাত ৰাখক এইসমূহ খাদ্য