এইসকল লোকে কেতিয়াও খালী পেটত নাখাব তিয়ঁহঃ বিশেষজ্ঞৰ পৰামৰ্শ নামানিলে পৰিব বিপদত | Cucumber May Not Suit Everyone on an Empty Stomach, Says Ayurveda Expert Assam news - Assam Tv9

এইসকল লোকে কেতিয়াও খালী পেটত নাখাব তিয়ঁহঃ বিশেষজ্ঞৰ পৰামৰ্শ নামানিলে পৰিব বিপদত

Published: 

06 Jul 2025 | 08:20 PM

এইসময়ত বজাৰত তথা বাৰীত প্ৰচুৰ পৰিমাণে উপলব্ধ এবিধ খাদ্য সামগ্ৰী হৈছে তিয়ঁহ। স্বাস্থ্যৰ বাবে তিয়ঁহ যথেষ্ট উপকাৰী যদিও কিছু লোকৰ ক্ষেত্ৰত খালী পেটতে তিয়ঁহ খালে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই বিষয়ে জানো আহক।

1 / 5আমাৰ দেহৰ বাবে যথেষ্ট উপকাৰী তিয়ঁহ। বিশেষকৈ গ্ৰীষ্মকালত তিয়ঁহৰ অত্যন্ত উপকাৰিতা আছে। তিয়ঁহত প্ৰচুৰ পৰিমাণে পানী থাকে। সেয়ে ই দেহ হাইড্ৰেট কৰি ৰখাত সহায় কৰে। ইয়াৰ লগতে তিয়ঁহে শৰীৰ শীতল কৰি ৰখা আৰু হজম শক্তি উন্নত কৰাতো সহায় কৰে। ইয়াত ভিটামিন চি পোৱা যায়, সেয়ে ই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ লগতে ছালৰ বাবেও উপকাৰী।

আমাৰ দেহৰ বাবে যথেষ্ট উপকাৰী তিয়ঁহ। বিশেষকৈ গ্ৰীষ্মকালত তিয়ঁহৰ অত্যন্ত উপকাৰিতা আছে। তিয়ঁহত প্ৰচুৰ পৰিমাণে পানী থাকে। সেয়ে ই দেহ হাইড্ৰেট কৰি ৰখাত সহায় কৰে। ইয়াৰ লগতে তিয়ঁহে শৰীৰ শীতল কৰি ৰখা আৰু হজম শক্তি উন্নত কৰাতো সহায় কৰে। ইয়াত ভিটামিন চি পোৱা যায়, সেয়ে ই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ লগতে ছালৰ বাবেও উপকাৰী।

2 / 5

বহুলোকে পুৱা খালী পেটত তিয়ঁহ কোৱা দেখা যায়। পিছে কিছুমান লোকৰ বাবে এনে অভ্যাস গুৰুতৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে। কিছুমান স্বাস্থ্যজনিত সমস্যাৰ বাবে এনে হয়। আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই জানিবলৈ দিয়া মতে খালী পেটত তিয়ঁহ খালে কোনো কোনো লোকৰ এচিডিটি হ’ব পাৰে। প্ৰতিজন ব্যক্তিৰ হজম শক্তিৰ ওপৰত এয়া নিৰ্ভৰ কৰে।

3 / 5

বিশেষজ্ঞগৰাকীয়ে কয় যে যিসকল লোকৰ পেট পৰিষ্কাৰ আৰু এচিডিটিৰ সমস্যা নাই, তেওঁলোকে খালী পেটত তিয়ঁহ খালে কোনো সমস্যা নহয়। কিন্তু যিসকলৰ এচিডিটিৰ অত্যাধিক সমস্যা বা বাট, পিত্ত আৰু কফ দোষ শৰীৰত সঠিক মাত্ৰাত অৰ্থাৎ ভাৰসাম্যযুক্ত নহয়, তেওঁলোকে খালী পেটত তিয়ঁহ খাব নালাগে।

4 / 5

যদি কোনো লোকৰ এচিডিটি থাকে বা শৰীৰৰ পিত্ত, কফ আৰু বাট দোষৰ ভাৰসাম্যতা নাথাকে, তেওঁলোকে পুৱা যিকোনো ফল, কিচমিচ বা লঘু ব্ৰেকফাষ্ট কৰাৰ পিছত তিয়ঁহ খাব লাগে। কিন্তু এচিডিটিৰ সৃষ্টি কৰিব পৰা কোনো ফল-মূল বা আন খাদ্যবস্তু নাখাব।

5 / 5

তিয়ঁহ চালাড হিচাপে খোৱাৰ উপৰিও নানা ধৰণে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি। মাখনৰ সৈতে তিয়ঁহ মিহলি কৰি দিব পাৰে। তদুপৰি তিয়ঁহৰ জুচ বা ডিটক্স পানী প্ৰস্তুত কৰিব পাৰে। ইফালে চেণ্ডুইচতো তিয়ঁহ দি খাব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...