সপৰিয়ালে কাজিৰঙাত শচীন তেণ্ডুলকাৰ, ডিঙিত গামোচা লৈ কৰিলে জীপ ছাফাৰী | Cricket legend Sachin Tendulkar enjoys a jeep safari with his family at Kaziranga National Park in Assam Assam news - Assam Tv9

সপৰিয়ালে কাজিৰঙাত শচীন তেণ্ডুলকাৰ, ডিঙিত গামোচা লৈ কৰিলে জীপ ছাফাৰী

Published: 

08 Apr 2025 | 10:37 AM

কাজিৰঙাত সপৰিয়ালে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। ডিঙিত গামোচা লৈ ভ্ৰমণ কৰিলে কাজিৰঙা । পুৱাই পৰিয়ালসহ জীপ, হাতী ছাফাৰী শচীন তেণ্ডুলকাৰৰ।

1 / 5দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত উপস্থিত হৈছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ৷ সপৰিয়ালে কাজিৰঙা দৰ্শন কৰিলে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে।

দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত উপস্থিত হৈছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ৷ সপৰিয়ালে কাজিৰঙা দৰ্শন কৰিলে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে।

2 / 5

নগাঁও জিলা প্ৰশাসনে আদৰণি জনাই শচীন তেণ্ডুলকাৰক৷ তাত উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ কাষলৈ গৈ কথা পাতে মাষ্টাৰ ব্লাষ্টাৰে।

3 / 5

কাজিৰঙাৰ নৈসৰ্গিক শোভা উপভোগ কৰে ক্ৰিকেটৰ ভগৱানে। কাজিৰঙাৰ সুৰক্ষাত নিয়োজিত হৈ থকা বন দুৰ্গাৰ লগত মত বিনিময় কৰে ক্ৰিকেটাৰ গৰাকীয়ে৷

4 / 5

তাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুৱাই জীপ ছাফাৰী ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে। কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰি অভিভূত হৈ পৰে শচীন তেণ্ডুলকাৰ। তেওঁ কয়- "বাঘ, হাতী আৰু বহুত কিবাকিবি চালো..."

5 / 5

উল্লেখ্য যে প্ৰায় ৭ দিনীয়া ভ্ৰমণসূচী হাতত লৈ বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছিল শচীন আৰু তেওঁৰ পৰিয়াল। বিমানবন্দৰৰ পৰা পোনে পোনে মেঘালয়লৈ ৰাওনা হয় কিংবদন্তি ক্ৰিকেটাৰ গৰাকী। দুটা নিশা মেঘালয়লত কটাই ৭ এপ্ৰিলত কাজিৰঙাত উপস্থিত হয় তেণ্ডুলকাৰ ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...