সপৰিয়ালে কাজিৰঙাত শচীন তেণ্ডুলকাৰ, ডিঙিত গামোচা লৈ কৰিলে জীপ ছাফাৰী | Cricket legend Sachin Tendulkar enjoys a jeep safari with his family at Kaziranga National Park in Assam Assam news - Assam Tv9

সপৰিয়ালে কাজিৰঙাত শচীন তেণ্ডুলকাৰ, ডিঙিত গামোচা লৈ কৰিলে জীপ ছাফাৰী

Published: 

08 Apr 2025 10:37 AM

কাজিৰঙাত সপৰিয়ালে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। ডিঙিত গামোচা লৈ ভ্ৰমণ কৰিলে কাজিৰঙা । পুৱাই পৰিয়ালসহ জীপ, হাতী ছাফাৰী শচীন তেণ্ডুলকাৰৰ।

1 / 5দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত উপস্থিত হৈছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ৷ সপৰিয়ালে কাজিৰঙা দৰ্শন কৰিলে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে।

দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত উপস্থিত হৈছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ৷ সপৰিয়ালে কাজিৰঙা দৰ্শন কৰিলে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে।

2 / 5

নগাঁও জিলা প্ৰশাসনে আদৰণি জনাই শচীন তেণ্ডুলকাৰক৷ তাত উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ কাষলৈ গৈ কথা পাতে মাষ্টাৰ ব্লাষ্টাৰে।

3 / 5

কাজিৰঙাৰ নৈসৰ্গিক শোভা উপভোগ কৰে ক্ৰিকেটৰ ভগৱানে। কাজিৰঙাৰ সুৰক্ষাত নিয়োজিত হৈ থকা বন দুৰ্গাৰ লগত মত বিনিময় কৰে ক্ৰিকেটাৰ গৰাকীয়ে৷

4 / 5

তাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুৱাই জীপ ছাফাৰী ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে। কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰি অভিভূত হৈ পৰে শচীন তেণ্ডুলকাৰ। তেওঁ কয়- "বাঘ, হাতী আৰু বহুত কিবাকিবি চালো..."

5 / 5

উল্লেখ্য যে প্ৰায় ৭ দিনীয়া ভ্ৰমণসূচী হাতত লৈ বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছিল শচীন আৰু তেওঁৰ পৰিয়াল। বিমানবন্দৰৰ পৰা পোনে পোনে মেঘালয়লৈ ৰাওনা হয় কিংবদন্তি ক্ৰিকেটাৰ গৰাকী। দুটা নিশা মেঘালয়লত কটাই ৭ এপ্ৰিলত কাজিৰঙাত উপস্থিত হয় তেণ্ডুলকাৰ ।

বাৰে বাৰে প্ৰস্ৰাৱ লাগি থাকে নেকি? হ'ব পাৰে এই ৰোগ...
বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…