প্ৰদ্যুত বৰদলৈ-শিবামনি বৰাৰ ঘটনাকলৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ | Congress Member Behind Attack on Pradyut Bordoloi and Sibamoni Bora: Himanta Biswa Sarma Assam news - Assam Tv9

টিকটৰ পৰা বঞ্চিত হৈ দলৰ সাংসদ-বিধায়িকাক আক্ৰমণ কংগ্ৰেছ কৰ্মীৰ, বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰীৰ

Published: 

28 Apr 2025 21:43 PM

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সোমবাৰে তেওঁ দাবী কৰে যে, কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়িকা শিবামনি বৰাৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত পঞ্চায়ত নিৰ্বাচনৰ টিকট নোপোৱা এজন কংগ্ৰেছৰ সদস্য আছিল।

1 / 5কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়িকা শিবামনি বৰাৰ ওপৰত হোৱা আক্ৰমণক লৈ বিস্ফোৰক অভিযোগ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দাবী কৰে যে, কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়িকা শিবামনি বৰাৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ আঁৰত পঞ্চায়ত নিৰ্বাচনৰ টিকট নোপোৱা এজন কংগ্ৰেছৰ সদস্য আছিল।

কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়িকা শিবামনি বৰাৰ ওপৰত হোৱা আক্ৰমণক লৈ বিস্ফোৰক অভিযোগ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দাবী কৰে যে, কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়িকা শিবামনি বৰাৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ আঁৰত পঞ্চায়ত নিৰ্বাচনৰ টিকট নোপোৱা এজন কংগ্ৰেছৰ সদস্য আছিল।

2 / 5

শোণিতপুৰ জিলাত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ সময়তে সাংবাদিকৰ আগত মুখ্য়মন্ত্ৰী শৰ্মাই কয় যে,এজন ব্যক্তিক জিলা পৰিষদৰ টিকটৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু পিছত তেওঁক টিকট দিবলৈ অস্বীকাৰ কৰা হৈছিল। সেই ব্যক্তিজন আক্ৰমণৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিছে । অৱশ্যে তদন্তৰ পিছতহে সবিশেষ জানিব পৰা যাব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

3 / 5

এক্সৰ এটা পোষ্টত তেওঁ কয়, "ধিঙৰ ঘটনাৰ মূলতে আছিল এজন কংগ্ৰেছ নেতা, যিগৰাকীয়ে দুজন মানুহৰ পৰা টকা লৈ এটা টিকট বিক্ৰী কৰিছিল। দিল্লীৰ কংগ্ৰেছৰ নেতাসকলে বিজেপিক দোষ দিব নালাগে, বৰঞ্চ অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰত চলি থকা দুৰ্নীতি নিয়ন্ত্ৰণ কৰিব লাগে।"

4 / 5

ধিং থানা এলেকাৰ উপৰ-ডুমডুমীয়া গাঁৱত সাংসদ বৰদলৈ আৰু বিধায়িকা শিবামনি বৰাৰ লগতে দলীয় কর্মীসকলে এখন নির্বাচনী সভাৰ পৰা আন এখন নির্বাচনী সভালৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰে । ইফালে এই সন্দৰ্ভত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ডিজিপি হৰমিত সিঙক সাক্ষাৎ কৰি আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰক পত্ৰ দাখিল কৰে।

5 / 5

ডিজিপিক সাক্ষাৎ কৰি ৰাজ্যিক কংগ্ৰেছৰ মুখপাত্ৰ বেদব্ৰত বৰাই অভিযোগ কৰে যে, " বিজেপিৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ নেতা-কৰ্মীক আক্ৰমণ কৰিছে। নিয়মীয়া গুণ্ডাগিৰি বন্ধ নকৰিলে সমগ্ৰ ৰাজ্যতে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰম্ভ হ'ব।"

Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক