যোষিতা কাণ্ডক লৈ গুৱাহাটীত প্ৰতিবাদত নামিল কংগ্ৰেছ, তুলিলে CBI তদন্তৰ দাবী | যোষিতা কাণ্ডক লৈ গুৱাহাটীত প্ৰতিবাদত নামিল কংগ্ৰেছ, তুলিলে CBI তদন্তৰ দাবী Assam news - Assam Tv9

যোষিতা কাণ্ডক লৈ গুৱাহাটীত প্ৰতিবাদত নামিল কংগ্ৰেছ, তুলিলে CBI তদন্তৰ দাবী

Published: 

27 Jul 2025 17:24 PM

বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ আত্মহননৰ ঘটনা সন্দৰ্ভত আজি বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে। বিৰোধী দলটোৱে যোষিতা দাসৰ আত্মহত্যাৰ ঘটনাৰ ন্যায়ৰ লগতে লোকনিৰ্মাণ বিভাগৰ দুৰ্নীতিৰ চি বি আই তদন্ত দাবী কৰিছে।

1 / 5বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ আত্মহননৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ভাড়াঘৰৰ কোঠাতে আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা অভিযন্তাগৰাকীৰ চুইচাইড নোটত পোহৰলৈ আহিছিল উৰ্ধতন কৰ্তৃপক্ষৰ দুৰ্নীতিৰ ভয়াৱহ ছবি। চুইচাইড নোটত অভিযন্তাগৰাকীয়ে দুৰ্নীতিপৰায়ণ বিষয়া,কৰ্মচাৰী তথা ঠিকাদাৰৰ মানসিক হেঁচা সহিব নোৱাৰি এই পন্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল।

বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ আত্মহননৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ভাড়াঘৰৰ কোঠাতে আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা অভিযন্তাগৰাকীৰ চুইচাইড নোটত পোহৰলৈ আহিছিল উৰ্ধতন কৰ্তৃপক্ষৰ দুৰ্নীতিৰ ভয়াৱহ ছবি। চুইচাইড নোটত অভিযন্তাগৰাকীয়ে দুৰ্নীতিপৰায়ণ বিষয়া,কৰ্মচাৰী তথা ঠিকাদাৰৰ মানসিক হেঁচা সহিব নোৱাৰি এই পন্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল।

2 / 5

যোষিতা দাসৰ এই ঘটনাক কেন্দ্ৰ কৰি আজি গুৱাহাটীত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে সমগ্ৰ ৰাজ্যজুৰি আজি এই ঘটনা সন্দৰ্ভত বিশাল প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। যোষিতা দাসে আত্মহননৰ পথ বাচি লোৱা ঘটনাই বিজেপি চৰকাৰৰ পৰ্বতসম দুৰ্নীতিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে বুলি দাবী কৰিছে বিৰোধী দলটোৱে।

3 / 5

প্ৰতিবাদকাৰী কংগ্ৰেছ দলে যোষিতাৰ এই আত্মহত্যাৰ ঘটনাই বিজেপিৰ আমোলত যে মহিলাসকল নিজ কৰ্মক্ষেত্ৰতো সুৰক্ষিত নহয়, সেই কথা পুনৰবাৰ প্ৰমাণিত কৰা বুলিও অভিযোগ কৰিছে। যোষিতা দাসৰ আত্মহত্যাৰ ঘটনাৰ ন্যায় বিচাৰি তথা লোকনিৰ্মাণ বিভাগৰ দুৰ্নীতিৰ চি বি আই তদন্ত দাবী কৰি গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীয়েও গণেশগুৰিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

4 / 5

কংগ্ৰেছৰ দাবী, বি জে পি চৰকাৰৰ চৰম গাফিলতি তথা মহিলা সুৰক্ষাত চৰম ব্যৰ্থতাৰ বাবে বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসে অত্যাধীক মানসিক চাপত আত্মহত্যাৰ দৰে এক চৰম পয্যায় বাচি ল'ব লগি হ'ল। বি জে পি চৰকাৰৰ দিনত লোক নিৰ্মাণ বিভাগৰ অত‍্যাধিক দুৰ্নীতিৰ বাবেই এনেধৰণৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে বুলি দাবী কংগ্ৰেছৰ।

5 / 5

উল্লেখ্য যে প্ৰায় এবছৰ ধৰি লোক নিৰ্মাণ বিভাগ (গৃহ)ত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত যোষিতা দাসে বৰপাৰাস্থিত ভাড়াঘৰত চৰম পন্থা গ্ৰহণ কৰিছিল। মৃত্যুৰ পূৰ্বে লিখি যোৱা টোকাটোত তেওঁ দুগৰাকী জ্যেষ্ঠ অভিযন্তা তেওঁৰ মৃত্যুৰ বাবে দায়ী বুলি উল্লেখ কৰি গৈছে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত দুই বিষয়াক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

কৰ্মস্থলীত কেনেকৈ সক্ৰিয় হৈ থাকিব পাৰি? অফিচৰ সময়ত অহা টোপনিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানক
চিংৰা দেখিলেই ওলায় লোভৰ পানী, পিছে লোভ সম্বৰণ নকৰিলেই এইসকল লোকৰ হ’ব বিপদ
নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ