বিটিআৰৰ পৰিষদীয় সদস্য-সদস্যাৰ নতুন আৱাসগৃহ উদ্ধোধন মুখ্যমন্ত্ৰীৰ | CM Himanta Biswa Sarma inaugurated newly constructed residences of BTR Executive Members and Council Members Assam news - Assam Tv9

বিটিআৰৰ পৰিষদীয় সদস্য-সদস্যাৰ নতুন আৱাসগৃহ উদ্ধোধন মুখ্যমন্ত্ৰীৰ

Updated On: 

28 Jan 2025 | 09:49 PM

আজি কোকৰাঝাৰত বিটিআৰ পৰিষদীয় চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদীয় সদস্য-সদস্যাৰ নৱনিৰ্মিত আৱাসগৃহ উদ্বোধন কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰায় ১০০ কোটি টকাৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে কোকৰাঝাৰৰ বাউখুঙগ্ৰিত এই আৱাসগৃহটো নিৰ্মাণ কৰা হৈছে ।

1 / 5মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত বিটিআৰ পৰিষদীয় চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদীয় সদস্য-সদস্যাৰ নৱনিৰ্মিত আৱাসগৃহ উদ্বোধন কৰে । প্ৰায় ১০০ কোটি টকাৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে কোকৰাঝাৰৰ বাউখুঙগ্ৰিত এই আৱাসগৃহটো নিৰ্মাণ কৰা হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত বিটিআৰ পৰিষদীয় চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদীয় সদস্য-সদস্যাৰ নৱনিৰ্মিত আৱাসগৃহ উদ্বোধন কৰে । প্ৰায় ১০০ কোটি টকাৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে কোকৰাঝাৰৰ বাউখুঙগ্ৰিত এই আৱাসগৃহটো নিৰ্মাণ কৰা হৈছে ।

2 / 5

ইয়াৰ সমান্তৰালভাৱে কোকৰাঝাৰৰ হৰিনৌগৰীত নিৰ্মাণ কৰিবলগীয়া কোকৰাঝাৰ বিশ্ব বিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে । উল্লেখ্য যে, প্ৰায় ৮০ বিঘা ভূমিৰ চৌহদটো নতুন যুগৰ পাঠ্যক্ৰম যেনে এ আই, মেচিন লানিং, ৰ'বটিক্স আদিৰে উৎকৃষ্টতা শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এক মাষ্টাৰ প্লেনেৰে ডিজাইন কৰা হৈছে বুলি এক বিবৃতিত প্ৰকাশ কৰা হৈছে ।

3 / 5

লগতে বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, বিশ্ববিদ্যালয়খনৰ বাবে অহা এপ্ৰিল মাহৰ ভিতৰত এজন পূৰ্ণকালীন উপাচাৰ্য নিযুক্তি দিয়া হ'ব । লগতে বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ বাবে ৫০ কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্য়মন্ত্ৰী গৰাকীয়ে ।

4 / 5

আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, কাৰ্যবাহী, পাৰিষদ আৰু অন্যান্য গণ্য়মান্য ব্যক্তিসকল উপস্থিত থাকে ।

5 / 5

ইফালে, মুখ্যমন্ত্ৰীয়ে আজি কোকৰাঝাৰত বাথৌ পূজা উপলক্ষে আয়োজিত এক আধ্যাত্মিক অনুষ্ঠানতো অংশগ্ৰহণ কৰে । এই পূজা পালনে বিটিআৰৰ জনসাধাৰণৰ মাজত শান্তি, প্ৰগতি আৰু মংগলময় পৰিৱেশ অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...