কোচিং চেণ্টাৰত নামভৰ্তি কৰা শিক্ষাৰ্থীয়েও পাব স্কুটি: মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা | CM Himanta Biswa Sarma big announcement on Dr. Banikanta Kakati award assam Assam news - Assam Tv9

কোচিং চেণ্টাৰত নামভৰ্তি কৰা শিক্ষাৰ্থীয়েও পাব স্কুটি: মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

Updated On: 

07 Feb 2025 | 05:05 PM

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। অসম চৰকাৰে প্ৰদান কৰা স্কুটি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ডাঙৰ ঘোষণা। এতিয়াৰ পৰা কোচিং চেণ্টাৰত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীকো দিয়া হ'ব স্কুটি।

1 / 5প্ৰজ্ঞান ভাৰতী আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে দিলে গুৰুত্বপুৰ্ণ খবৰ। নিয়মীয়া শিক্ষাৰ্থীৰ লগতে  কোচিং চেণ্টাৰত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত স্কুটী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

প্ৰজ্ঞান ভাৰতী আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে দিলে গুৰুত্বপুৰ্ণ খবৰ। নিয়মীয়া শিক্ষাৰ্থীৰ লগতে কোচিং চেণ্টাৰত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত স্কুটী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

2 / 5

অৱশ্যে ইয়াৰ বাবে নিৰ্ধাৰিত যোগ্যতা অৰ্জন কৰিব লাগিব শিক্ষাৰ্থীসকলে। অহা শিক্ষাবৰ্ষৰ পৰা নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীকহে এই আঁচনিৰ বাবে যোগ্য বুলি গণ্য কৰা হ’ব।

3 / 5

বিৰতি বৰ্ষ(Gap year)ৰ পাছত নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলেও নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ লগে লগে স্কুটী লাভৰ বাবে যোগ্য বিবেচিত হ’ব। সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

4 / 5

উল্লেখ্য যে, পূৰ্বতে কেৱল নিয়মীয়া শিক্ষাৰ্থীয়েহে পাইছিল স্কুটি। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। ইয়াৰ বাবে বহু মেধাৱী শিক্ষাৰ্থী বঞ্চিত হোৱা অভিযোগ উত্থাপন কৰা হৈছিল।

5 / 5

তাৰ পাছত ভিন্ন উচ্চ শিক্ষাৰ বাবে Coaching কৰি থকা ছাত্ৰ-ছাত্ৰীসকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবলৈ অনুৰোধ জনাইছিল চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক। এতিয়া কোচিং কৰা শিক্ষাৰ্থীকো স্কুটি দিব বুলি কৰা ঘোষণাই উৎফুল্লিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰীসকলক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...