কুকুৰাৰ মঙহ খায়ো কৰিব পাৰে ওজন নিয়ন্ত্ৰণ! চাওক কিদৰে পাব সহায়.... | chicken could help to weight loss know the right way and time to eat chicken Assam news - Assam Tv9

কুকুৰাৰ মঙহ খায়ো কৰিব পাৰে ওজন নিয়ন্ত্ৰণ! চাওক কিদৰে পাব সহায়….

Updated On: 

18 Jan 2025 09:22 AM

মেদবহুলতা আজিৰ সময়ৰ অন্যতম এক স্বাভাৱিক সমস্যা। অস্বাস্থ্যকৰ জীৱনশৈলী তথা খাদ্যাভাসৰ বাবে সাম্প্ৰতিক সময়ত এই সমস্যা যথেষ্ট বৃদ্ধি পাইছে। সেয়ে ওজন নিয়ন্ত্ৰণৰ চেষ্টাত ব্ৰতী লোকসকলে প্ৰায়ে নিজৰ প্ৰিয় খাদ্য ত্যাগ কৰাও দেখা যায়। পিছে এইক্ষেত্ৰত আপুনি ত্যাগ কৰিব নালাগে কুকুৰাৰ মঙহ। বৰঞ্চ কুকুৰাৰ মঙহে ওজন নিয়ন্ত্ৰণত সহায়হে কৰিব পাৰে। এই বিষয়ে চাওঁ আহক।

1 / 5কুকুৰাৰ মঙহ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। দেহৰ মাংসপেশী মজবুত কৰাতো কুকুৰাৰ মঙহে সহায় কৰে। পুষ্টিবিদ নমামী আগৰৱালাই কয় যে কুকুৰাৰ মাংসত প্ৰটিনৰ পৰিমাণ বেছি আৰু ইয়াৰ কেলৰি কম। সেয়ে সঠিকভাৱে কুকুৰাৰ মঙহ খালে ওজন নিয়ন্ত্ৰণতো সহায়ক হয়।

কুকুৰাৰ মঙহ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। দেহৰ মাংসপেশী মজবুত কৰাতো কুকুৰাৰ মঙহে সহায় কৰে। পুষ্টিবিদ নমামী আগৰৱালাই কয় যে কুকুৰাৰ মাংসত প্ৰটিনৰ পৰিমাণ বেছি আৰু ইয়াৰ কেলৰি কম। সেয়ে সঠিকভাৱে কুকুৰাৰ মঙহ খালে ওজন নিয়ন্ত্ৰণতো সহায়ক হয়।

2 / 5

কুকুৰাৰ মাংস প্ৰটিনৰ উৎকৃষ্ট উৎস। ইয়াৰ সহায়ত বিপাকীয় ক্ৰিয়া উন্নত হয় আৰু পেটো বহুসময়লৈ ভৰি থাকে। কুকুৰাৰ মঙহত কেলৰি কম। কম কেলৰি খালে আপুনি ওজন সোনকালে কমাব পাৰিব। কুকুৰা খালে শৰীৰত শক্তি পোৱা যায়, দেহৰ শক্তি ৱৰ্কআউটৰ বাবে অতি প্ৰয়োজনীয়।

3 / 5

কুকুৰাৰ মাংস ৰন্ধা পদ্ধতিয়ে ওজন নিয়ন্ত্ৰণত প্ৰভাৱ পেলায়। যদি আপুনি কুকুৰা ভাজি আৰু মাখন বা তেলত ৰান্ধি খায়, তেন্তে ই অধিক কেলৰিৰ লগতে চৰ্বিও বৃদ্ধি কৰিব। এনেদৰে কুকুৰা খালে ওজন বাঢ়িবলৈ আৰম্ভ কৰিব। তাৰ পৰিৱৰ্তে গ্ৰিলিং, উতলাই বা ভাপত দি কুকুৰা খাব পাৰে।

4 / 5

কুকুৰাৰ মাংস স্বাস্থ্যকৰ কৰিবলৈ মছলাৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব দিব লাগে। মাংস ৰন্ধাৰ সময়ত হালধি, আদা, নহৰু, জালুক, নেমু আদি প্ৰাকৃতিক মছলা ব্যৱহাৰ কৰিব লাগে। মছলাবোৰে সোৱাদ বৃদ্ধি কৰাই নহয় বিপাকীয় ক্ৰিয়াও ক্ষিপ্ৰ কৰে।

5 / 5

পৰাপক্ষত দুপৰীয়া সময়ত কুকুৰাৰ মঙহ খাব লাগে। কুকুৰাৰ মঙহে শৰীৰত শক্তি প্ৰদান কৰাৰ লগতে কেলৰি বাৰ্ণ কৰাতো সহায় কৰে। ৱৰ্কআউটৰ পিছত কুকুৰা খোৱাটো পেশীৰ বাবে অতি উত্তম।

বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?
লিভাৰৰ বাবে সুৰাতকৈও অধিক বিপজ্জনক এই ৩টা বস্তু | These 3 things are more dangerous for Liver than alcohol
Barakৰ পৰা BrahMos লৈ, ভাৰতৰ ৫ শক্তিশালী অস্ত্ৰৰ বৈশিষ্ট্য জানক | India Pakistan Tension from Bara to Brahmos Indias Powerful Weapons Operation Sindoor