বজাৰত আজি সোণৰ মূল্যই আচৰিত কৰিব আপোনাক, অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে যদি চাওক এতিয়াই | Check Today’s Gold & Silver Prices in Guwahati in Assamese Assam news - Assam Tv9

Gold Price: বজাৰত আজি সোণৰ মূল্যই আচৰিত কৰিব আপোনাক, অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে যদি চাওক এতিয়াই

Published: 

01 Sep 2025 | 10:13 AM

Gold Price Today: সাধাৰণতে বজাৰত সোণৰ মূল্যৰ দৈনিক পৰিৱৰ্তন ঘটে। কেতিয়াবা হঠাতে দাম কমিলেও কেতিয়াবা আকৌ হোৰাহোৰে সোণৰ দাম বৃদ্ধি পোৱা পৰিলক্ষিত হয়। এই তাৰতম্য মূলতঃ নিৰ্ভৰ কৰে আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱৰ ওপৰত।

1 / 5আজি পহিলা ছেপ্টেম্বৰ। মাহটোৰ সময়খিনি সুখকৰ কৰি তুলিবলৈ প্ৰথম দিনটোতে বহু লোকে ভিন্ন পৰিকল্পনা কৰে। বহুলোকে প্ৰিয়জনৰ মন জয় কৰিবলৈ পছন্দ অনুসাৰে অলংকাৰ উপহাৰ দিয়াৰ কথাও ভাবিব পাৰে। যদি আপুনিও সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে, বজাৰলৈ যোৱাৰ পূৰ্বে সোণৰ দৰৰ উমান লোৱা উচিত হ’ব।

আজি পহিলা ছেপ্টেম্বৰ। মাহটোৰ সময়খিনি সুখকৰ কৰি তুলিবলৈ প্ৰথম দিনটোতে বহু লোকে ভিন্ন পৰিকল্পনা কৰে। বহুলোকে প্ৰিয়জনৰ মন জয় কৰিবলৈ পছন্দ অনুসাৰে অলংকাৰ উপহাৰ দিয়াৰ কথাও ভাবিব পাৰে। যদি আপুনিও সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে, বজাৰলৈ যোৱাৰ পূৰ্বে সোণৰ দৰৰ উমান লোৱা উচিত হ’ব।

2 / 5

সাধাৰণতে বজাৰত সোণৰ মূল্যৰ দৈনিক পৰিৱৰ্তন ঘটে। কেতিয়াবা হঠাতে দাম কমিলেও কেতিয়াবা আকৌ হোৰাহোৰে সোণৰ দাম বৃদ্ধি পোৱা পৰিলক্ষিত হয়। এই তাৰতম্য মূলতঃ নিৰ্ভৰ কৰে আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱৰ ওপৰত। অৱশ্যে আজি সোণৰ দাম যথেষ্ট বৃদ্ধি হৈছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

3 / 5

গুড ৰিটাৰ্ণছে তথ্য অনুসৰি, আজি দেশৰ বজাৰত প্ৰতিগ্ৰাম ১৮ কেৰেট সোণত ৭০ টকা বৃদ্ধি পাইছে। এইদৰে আজি প্ৰতিগ্ৰাম ১৮ কেৰেট সোণৰ দৰ হৈছে ৭,৯৪১ টকা। একেদৰে আজি ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৮৫ টকা বৃদ্ধি পাই ৯,৭০৫ টকা আৰু ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ৯৩ টকা বৃদ্ধি পাই ১০,৫৮৮ টকা হৈছে।

4 / 5

গুৱাহাটীৰ বজাৰতো সোণৰ মূল্যৰ এইদৰে পৰিৱৰ্তন ঘটা বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। অৰ্থাৎ দেশৰ বজাৰৰ দৰে গুৱাহাটীৰ বজাৰতো আজি প্ৰতিগ্ৰাম ১৮ কেৰেট সোণ ৭,৯৪১ টকা, ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৯,৭০৫ টকা আৰু ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ১০,৫৮৮ টকা দৰত উপলব্ধ হৈছে বুলি প্ৰকাশ কৰিছে গুড ৰিটাৰ্ণছে।

5 / 5

সোণৰ মূল্য বৃদ্ধি পালেও অৱশ্যে ৰূপৰ মূল্য আজি সামান্য হ্ৰাস পাইছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে, আজি ৰূপৰ মূল্য প্ৰতিগ্ৰামত ১ টকাকৈ হ্ৰাস পাইছে। প্ৰতিবেদন মতে আজি গুৱাহাটীত প্ৰতিগ্ৰাম ৰূপ ১২৬ টকা দৰত উপলব্ধ হ’ব। এইদৰে আজি গুৱাহাটীত ১ কিলোগ্ৰাম ৰূপৰ দাম ১,২৬,০০০ টকা দৰত উপলব্ধ হ’ব বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি