কেন্দ্ৰই বৃদ্ধি কৰিলে আগৰ-কাঠৰ চিপচ-তেলৰ বাৰ্ষিক ৰপ্তানিৰ সীমা... | Centre increased annual export limit of agarwood chips and oil Assam news - Assam Tv9

কেন্দ্ৰই বৃদ্ধি কৰিলে আগৰ-কাঠৰ চিপচ-তেলৰ বাৰ্ষিক ৰপ্তানিৰ সীমা…

Published: 

21 Jan 2025 13:43 PM

কেন্দ্ৰই প্ৰকাশ এক অধিসূচনাত কোৱা হৈছে যে, কৃত্ৰিম উপায়েৰে কৰা আগৰৰ খেতিৰ(সাঁচিগছৰ খেতি) উৎসৰ পৰা আহৰণ কৰা আগৰ-কাঠৰ চিপচ আৰু পাউদাৰৰ বাৰ্ষিক ৰপ্তানিৰ সীমা ২৫,০০০ কিলোগ্ৰামৰ পৰা ১,৫১,০৮০ কিলোগ্ৰামলৈ বৃদ্ধি কৰা হৈছে ।

1 / 5ৰাজ্যসমূহৰ আগৰ-কাঠৰ চিপচ আৰু পাউদাৰৰ বাৰ্ষিক ৰপ্তানিৰ সীমা বৃদ্ধি কৰিছে কেন্দ্ৰই । কেন্দ্ৰই প্ৰকাশ এক অধিসূচনাত কোৱা হৈছে যে, কৃত্ৰিম উপায়েৰে কৰা আগৰৰ খেতিৰ(সাঁচিগছৰ খেতি) উৎসৰ পৰা আহৰণ কৰা আগৰ-কাঠৰ চিপচ আৰু পাউদাৰৰ বাৰ্ষিক ৰপ্তানিৰ সীমা ২৫,০০০ কিলোগ্ৰামৰ পৰা ১,৫১,০৮০ কিলোগ্ৰামলৈ বৃদ্ধি কৰা হৈছে ।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

ৰাজ্যসমূহৰ আগৰ-কাঠৰ চিপচ আৰু পাউদাৰৰ বাৰ্ষিক ৰপ্তানিৰ সীমা বৃদ্ধি কৰিছে কেন্দ্ৰই । কেন্দ্ৰই প্ৰকাশ এক অধিসূচনাত কোৱা হৈছে যে, কৃত্ৰিম উপায়েৰে কৰা আগৰৰ খেতিৰ(সাঁচিগছৰ খেতি) উৎসৰ পৰা আহৰণ কৰা আগৰ-কাঠৰ চিপচ আৰু পাউদাৰৰ বাৰ্ষিক ৰপ্তানিৰ সীমা ২৫,০০০ কিলোগ্ৰামৰ পৰা ১,৫১,০৮০ কিলোগ্ৰামলৈ বৃদ্ধি কৰা হৈছে ।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

2 / 5

উল্লেখ্য যে,আগৰ-কাঠ সুগন্ধি, ধূপ, পৰম্পৰাগত ঔষধ আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় বুলি কোৱা হয় । এই আগৰ তথা সাঁচিগছৰ খেতি উজনি অসমত বিশেষভাৱে দেখা যায় । আগৰ-কাঠ আৰু ইয়াৰ তেলৰ এখন বিশাল আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে ।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

3 / 5

বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এক অধিসূচনাৰ যোগে লগতে কয় যে, আগৰ তেলৰ ৰাজ্যভিত্তিক বাৰ্ষিক ৰপ্তানিৰ সীমা নিৰ্দিষ্ট চৰ্ত সাপেক্ষে ১৫০০ কিলোগ্ৰামৰ পৰা ৭,০৫০ কিলোগ্ৰামলৈ বৃদ্ধি কৰা হৈছে।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

4 / 5

মনকৰিবলগীয়া যে, দেশৰ ভিতৰতে আগৰ-কাঠৰ ৰপ্তানিৰ লগত উত্তৰ-পূবৰ চাৰিখন ৰাজ্যৰ বিশেষভাৱে জড়িত হৈ আছে । এই আগৰ-কাঠৰ ৰপ্তানিৰ লগত জড়িত ৰাজ্যসমূহৰ ভিতৰত আছে অসম, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, কৰ্ণাটক, কেৰালা আৰু মেঘালয়।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

5 / 5

অসমৰ উজনিৰ অঞ্চলসমূহত এই আগৰ তথা সাঁচিগছৰ খেতি বিশেষভাৱে দেখা যায় । উজনি অসমৰ গোলাঘাট, শিৱসাগৰকে ধৰি বহু ঠাইৰ খেতিয়কে আগৰৰ খেতি তথা সাঁচিগছৰ খেতিৰ দ্বাৰা বিশেষভাৱে লাভৱান হৈ আহিছে । ব্যৱসায়িক দিশৰ পৰা এই আগৰ-কাঠৰ বজাৰখনো এক বহুমূলীয়া বজাৰ । বৰ্তমান এই ব্যৱসায়ৰ সৈতে উজনি অসমৰ বহু থলুৱা লোক জড়িত হৈ পৰিছে ।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…