কেন্দ্ৰই বৃদ্ধি কৰিলে আগৰ-কাঠৰ চিপচ-তেলৰ বাৰ্ষিক ৰপ্তানিৰ সীমা... | Centre increased annual export limit of agarwood chips and oil Assam news - Assam Tv9

কেন্দ্ৰই বৃদ্ধি কৰিলে আগৰ-কাঠৰ চিপচ-তেলৰ বাৰ্ষিক ৰপ্তানিৰ সীমা…

Published: 

21 Jan 2025 | 01:43 PM

কেন্দ্ৰই প্ৰকাশ এক অধিসূচনাত কোৱা হৈছে যে, কৃত্ৰিম উপায়েৰে কৰা আগৰৰ খেতিৰ(সাঁচিগছৰ খেতি) উৎসৰ পৰা আহৰণ কৰা আগৰ-কাঠৰ চিপচ আৰু পাউদাৰৰ বাৰ্ষিক ৰপ্তানিৰ সীমা ২৫,০০০ কিলোগ্ৰামৰ পৰা ১,৫১,০৮০ কিলোগ্ৰামলৈ বৃদ্ধি কৰা হৈছে ।

1 / 5ৰাজ্যসমূহৰ আগৰ-কাঠৰ চিপচ আৰু পাউদাৰৰ বাৰ্ষিক ৰপ্তানিৰ সীমা বৃদ্ধি কৰিছে কেন্দ্ৰই । কেন্দ্ৰই প্ৰকাশ এক অধিসূচনাত কোৱা হৈছে যে, কৃত্ৰিম উপায়েৰে কৰা আগৰৰ খেতিৰ(সাঁচিগছৰ খেতি) উৎসৰ পৰা আহৰণ কৰা আগৰ-কাঠৰ চিপচ আৰু পাউদাৰৰ বাৰ্ষিক ৰপ্তানিৰ সীমা ২৫,০০০ কিলোগ্ৰামৰ পৰা ১,৫১,০৮০ কিলোগ্ৰামলৈ বৃদ্ধি কৰা হৈছে ।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

ৰাজ্যসমূহৰ আগৰ-কাঠৰ চিপচ আৰু পাউদাৰৰ বাৰ্ষিক ৰপ্তানিৰ সীমা বৃদ্ধি কৰিছে কেন্দ্ৰই । কেন্দ্ৰই প্ৰকাশ এক অধিসূচনাত কোৱা হৈছে যে, কৃত্ৰিম উপায়েৰে কৰা আগৰৰ খেতিৰ(সাঁচিগছৰ খেতি) উৎসৰ পৰা আহৰণ কৰা আগৰ-কাঠৰ চিপচ আৰু পাউদাৰৰ বাৰ্ষিক ৰপ্তানিৰ সীমা ২৫,০০০ কিলোগ্ৰামৰ পৰা ১,৫১,০৮০ কিলোগ্ৰামলৈ বৃদ্ধি কৰা হৈছে ।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

2 / 5

উল্লেখ্য যে,আগৰ-কাঠ সুগন্ধি, ধূপ, পৰম্পৰাগত ঔষধ আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় বুলি কোৱা হয় । এই আগৰ তথা সাঁচিগছৰ খেতি উজনি অসমত বিশেষভাৱে দেখা যায় । আগৰ-কাঠ আৰু ইয়াৰ তেলৰ এখন বিশাল আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে ।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

3 / 5

বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এক অধিসূচনাৰ যোগে লগতে কয় যে, আগৰ তেলৰ ৰাজ্যভিত্তিক বাৰ্ষিক ৰপ্তানিৰ সীমা নিৰ্দিষ্ট চৰ্ত সাপেক্ষে ১৫০০ কিলোগ্ৰামৰ পৰা ৭,০৫০ কিলোগ্ৰামলৈ বৃদ্ধি কৰা হৈছে।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

4 / 5

মনকৰিবলগীয়া যে, দেশৰ ভিতৰতে আগৰ-কাঠৰ ৰপ্তানিৰ লগত উত্তৰ-পূবৰ চাৰিখন ৰাজ্যৰ বিশেষভাৱে জড়িত হৈ আছে । এই আগৰ-কাঠৰ ৰপ্তানিৰ লগত জড়িত ৰাজ্যসমূহৰ ভিতৰত আছে অসম, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, কৰ্ণাটক, কেৰালা আৰু মেঘালয়।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

5 / 5

অসমৰ উজনিৰ অঞ্চলসমূহত এই আগৰ তথা সাঁচিগছৰ খেতি বিশেষভাৱে দেখা যায় । উজনি অসমৰ গোলাঘাট, শিৱসাগৰকে ধৰি বহু ঠাইৰ খেতিয়কে আগৰৰ খেতি তথা সাঁচিগছৰ খেতিৰ দ্বাৰা বিশেষভাৱে লাভৱান হৈ আহিছে । ব্যৱসায়িক দিশৰ পৰা এই আগৰ-কাঠৰ বজাৰখনো এক বহুমূলীয়া বজাৰ । বৰ্তমান এই ব্যৱসায়ৰ সৈতে উজনি অসমৰ বহু থলুৱা লোক জড়িত হৈ পৰিছে ।(Photo Credits: Anuwar Hazarika/NurPhoto via Getty Images)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...