স্বাধীনতা দিৱসৰ দিনটোত দাম কমিছে সোণৰ! চাওক গুৱাহাটীত আজি সোণৰ দাম কিমান? | Celebrate Independence Day with Lower Gold Prices in Guwahati, Check Today’s Gold Price in Assamese Assam news - Assam Tv9

স্বাধীনতা দিৱসৰ দিনটোত দাম কমিছে সোণৰ! চাওক গুৱাহাটীত আজি সোণৰ দাম কিমান?

Published: 

15 Aug 2025 09:55 AM

আজি স্বাধীনতা দিৱসৰ দিনটোত সামান্য হ্ৰাস পাইছে সোণৰ দৰ। গতিকে গ্ৰাহকসকলে আজি লাভ কৰিব কিছু সকাহ। চাওঁ আহক আজি গুৱাহাটীত সোণৰ দাম কিমান।

1 / 5আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। দেশৰ এই বিশেষ দিনটোত যদি আপুনি সোণ ক্ৰয়ৰ কথা ভাবিছে, নিশ্চিতভাৱে সোণ ক্ৰয়ৰ পূৰ্বে বজাৰত সোণৰ দৰ সম্পৰ্কে এক সম্যক জ্ঞান লোৱা উচিত হ’ব।

আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। দেশৰ এই বিশেষ দিনটোত যদি আপুনি সোণ ক্ৰয়ৰ কথা ভাবিছে, নিশ্চিতভাৱে সোণ ক্ৰয়ৰ পূৰ্বে বজাৰত সোণৰ দৰ সম্পৰ্কে এক সম্যক জ্ঞান লোৱা উচিত হ’ব।

2 / 5

সাধাৰণতে বজাৰত প্ৰায় প্ৰতিদিনেই উত্থাপ-পতন ঘটে সোণৰ দৰৰ। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত সম্পূৰ্ণৰুপে নিৰ্ভৰশীল সোণৰ মূল্যৰ এই উত্থান পতন। সেই অনুসৰি কেতিয়াবা যদি বজাৰত সোণৰ দাম হঠাতে কিছু হ্ৰাস পায়, কেতিয়াবা আকৌ হুৰমূৰকৈ দাম বৃদ্ধি পায়।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি দেশৰ বজাৰত সোণৰ দৰ কিছু হ্ৰাস পাইছে। তথ্য মতে আজি দেশৰ বজাৰত প্ৰতিগ্ৰাম ১৮ কেৰেট সোণৰ দাম ৭,৬০০ টকা। আনহাতে ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ক্ৰমে ৯,২৮৯ আৰু ১০,১৩৪ টকা।

4 / 5

দেশৰ বজাৰৰ দৰে গুৱাহাটীৰ বজাৰতো সোণৰ মূল্যৰ ক্ষেত্ৰত পৰিৱৰ্তন ঘটিছে বুলি  প্ৰকাশ কৰিছে গুড ৰিটাৰ্ণছে। গুৱাহাটীৰ বজাৰতো আজি দেশৰ বজাৰৰ দৰেই ১৮ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৬,০০০ টকা দৰত উপলব্ধ হৈছে। আনহাতে ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৯২,৮৯০ টকা আৰু ২৪ কেৰেট সোণ ১০ গ্ৰামত আজি ১,০১,৩৪০ টকাত বিক্ৰী হৈছে গুৱাহাটীত।

5 / 5

সোণৰ দৰৰ ক্ষেত্ৰত গ্ৰাহকসকলে সকাহ লাভ কৰিছে যদিও পিছে আজি বৃদ্ধি পাইছে ৰূপৰ দাম। গুড ৰিটাৰ্ণছৰ তথ্য মতে আজি ৰূপৰ দাম প্ৰতিগ্ৰামত ০.১০ টকা বৃদ্ধি পাইছে। এই দৰ বৃদ্ধিৰ ফলত আজি দেশৰ লগতে গুৱাহাটীতো ১ কিলোগ্ৰাম ৰূপ ১,১৬,১০০ টকাত বিক্ৰী হৈছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

কেতিয়াৰ পৰা মহিলাসকলে মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰা হ'ল?
এনে প্ৰকৃতিৰ লোকে লাভ কৰে নৰক যন্ত্ৰণা, জানক সকলো...
মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ কিয় হয় ? ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক
ফেটি লিভাৰ হ'লে কি কি খাদ্য খাব নালাগে? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...