Cannesত দেখা গ'ল আলিয়া ভাটৰ ৰূপৰ চমক, চাওক ফটো | Cannes film festival 2025 alia bhatt debut outfit photos fans reaction Assam news - Assam Tv9

Cannesত দেখা গ’ল আলিয়া ভাটৰ ৰূপৰ চমক, চাওক ফটো

Published: 

24 May 2025 | 10:38 AM

বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে নিজৰ কেৰিয়াৰত বহু সফলতা অৰ্জন কৰিছে। এতিয়া অভিনেত্ৰীগৰাকীয়ে আন এক ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰিছে। ভাইৰেল হৈ পৰিছে আলিয়াৰ কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ফটো।

1 / 5চলচ্চিত্ৰ জগতত এক বৃহৎ স্থান দখল কৰিছে আলিয়া ভাটে। ইয়াৰ বাবে অভিনেত্ৰীগৰাকীৰ বিশেষ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। নিজৰ অভিনয়েৰে মানুহক মনোৰঞ্জন দিয়াৰ লগতে সৌন্দৰ্য্যৰে সকলোকে মোহিত কৰি ৰাখিছে আলিয়া।

চলচ্চিত্ৰ জগতত এক বৃহৎ স্থান দখল কৰিছে আলিয়া ভাটে। ইয়াৰ বাবে অভিনেত্ৰীগৰাকীৰ বিশেষ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। নিজৰ অভিনয়েৰে মানুহক মনোৰঞ্জন দিয়াৰ লগতে সৌন্দৰ্য্যৰে সকলোকে মোহিত কৰি ৰাখিছে আলিয়া।

2 / 5

এতিয়া অভিনেত্ৰীগৰাকীয়ে আন এক ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰিছে। ভাইৰেল হৈ পৰিছে আলিয়াৰ কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ফটো। য'ত তেওঁক বেইজ ৰঙৰ পোছাক পিন্ধি দেখা গৈছে। ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে তেওঁ কাঁন ২০২৫ৰ অংশ নহ’ব যদিও অভিনেত্ৰীগৰাকীয়ে কাঁনত অভিষেক ঘটাইছে।

3 / 5

এই সময়ছোৱাত অভিনেত্ৰীগৰাকীক Schiaparelli ডিজাইন কৰা বেইজ ৰঙৰ অফ শ্বোল্ডাৰ বডি ফিট গাউন পিন্ধি দেখা গৈছে। ইয়াৰ থিম ফুল আৰু এই গাউনৰ সৈতে অভিনেত্ৰীগৰাকীৰ ৰূপে সকলোকে আকৰ্ষিত কৰিছে । আলিয়াই চুলিত খোপা বন্ধাৰ লগতে পাতল মেকআপ কৰা দেখা গৈছে।

4 / 5

বেইজ ৰঙৰ ফুলৰ ৰাফেল ড্ৰেছত আলিয়াক অতি সুন্দৰী পৰী যেন দেখা গৈছে। ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে লুকটো অতি সৰল কৰি ৰাখিবলৈ চেষ্টা কৰিছে। এই সময়ছোৱাত তেওঁক সুখী আৰু হাঁহি থকা দেখা গৈছে। চুলিত বনোৱা খোপাই আলিয়াৰ লুকটো সম্পূৰ্ণ কৰি তুলিছে।

5 / 5

আলিয়াৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক'বলৈ গ'লে ২০২৪ চনত জিগ্ৰা ছবিত দেখা গৈছিল। এই ছবিখনৰ প্ৰযোজকো আছিল আলিয়া ভাটে। বৰ্তমান ২০২৫ চনত আলফা ছবিত দেখা যাব অভিনেত্ৰীগৰাকী। ইয়াৰ পিছত তেওঁ লাভ এণ্ড ৱাৰ নামৰ ছবি এখনৰ অংশ হ'ব। এই ছবিখন ২০২৬ চনত মুক্তি পাব পাৰে।

সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
এইদৰে সহজে নিয়ন্ত্ৰণত ৰাখক উচ্চ ৰক্তচাপ, জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে