নৈত উতি আহিল বাণ্ডিলে বাণ্ডিলে পাঁচশ টকীয়া নোট, দেখি হতবাক স্থানীয় লোক তথা আৰক্ষী | Bundles of RS500 Notes Found Floating in Nalbari River, Confirmed as Fake Currency Assam news - Assam Tv9

নৈত উতি আহিল বাণ্ডিলে বাণ্ডিলে পাঁচশ টকীয়া নোট, দেখি হতবাক স্থানীয় লোক তথা আৰক্ষী

Published: 

15 Sep 2025 13:44 PM

নৈত টকাৰ এনে উজান উঠা দেখি আচৰিত হৈ পৰে স্থানীয় লোকসকল। উজান উঠাক লৈ হাহাকাৰ। জানিব পৰা মতে এটা পলিথিনৰ ভিতৰত সোমোৱাই থোৱা টকাৰ বাণ্ডিলখিনি শিয়ালমাৰী চৰৰ নৈত উটি আহিছিল।

1 / 5নলবাৰী জিলাত দেখিবলৈ পোৱা গৈছে এক চাঞ্চল্যকৰ দৃশ্য। জিলাখনৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত উদ্ধাৰ হৈছে বাণ্ডিলে বাণ্ডিলে টকা৷ নদীত উটি আহিল কেৱল পাঁচ শ টকীয়া নোটৰ বাণ্ডিলে বাণ্ডিলে টকা। মুকালমুৱাৰ চৰাঞ্চলত নৈত উটি আহে এই ধনখিনি।

নলবাৰী জিলাত দেখিবলৈ পোৱা গৈছে এক চাঞ্চল্যকৰ দৃশ্য। জিলাখনৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত উদ্ধাৰ হৈছে বাণ্ডিলে বাণ্ডিলে টকা৷ নদীত উটি আহিল কেৱল পাঁচ শ টকীয়া নোটৰ বাণ্ডিলে বাণ্ডিলে টকা। মুকালমুৱাৰ চৰাঞ্চলত নৈত উটি আহে এই ধনখিনি।

2 / 5

নৈত টকাৰ এনে উজান উঠা দেখি আচৰিত হৈ পৰে স্থানীয় লোকসকল। উজান উঠাক লৈ হাহাকাৰ। জানিব পৰা মতে এটা পলিথিনৰ ভিতৰত সোমোৱাই থোৱা টকাৰ বাণ্ডিলখিনি শিয়ালমাৰী চৰৰ নৈত উটি আহিছিল।

3 / 5

নৈত এই টকাখিনি ভাহি আহি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় কিশোৰ এজনে। ইয়াৰ পিছতে তেওঁ স্থানীয় আন একাংশ লোকক এই বিষয়ে জানিবলৈ দিয়ে। স্থানীয় লোকসকলে পলিথিনৰ ভিতৰত টকাৰ বাণ্ডিল দেখি আচৰিত হৈ পৰে আৰু শিয়ালমাৰী চৰ আৰক্ষীক খবৰ দিয়ে।

4 / 5

এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ধনখিনি উদ্ধাৰ কৰে। অৱশ্যে আৰক্ষীয়ে নৈত উটি অহা ধনখিনি প্ৰাথমিক পৰীক্ষাৰ পিছতে নকল নোট বুলি নিশ্চিত কৰে। এই ঘটনাই স্বাভাৱিকতেই সকলোকে আচৰিত কৰি তোলে।

5 / 5

অৱশ্যে এই নকল নোটখিনি ক’ৰপৰা কিদৰে উটি আহিল এই বিষয়ে বৰ্তমান জানিব পৰা হোৱা নাই। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। কিন্তু এইদৰে নকল নোটৰ বাণ্ডিল উদ্ধাৰ হোৱাক লৈ সচেতন লোকসকলে প্ৰশাসনৰ চকুৰ আঁৰত এনে চোৰাং চক্ৰ চলি থকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

মঙলবাৰে হনুমানক অৰ্পণ কৰক এই ৪ বিধ বস্তু, লাভ কৰিব বিশেষ কৃপা!
ৰ’দৰ পৰা ভিতৰলৈ আহি এনে কাম কৰা মানেই হ’ব পাৰে বিঘিনি, এতিয়াই জানি ল’লে পাব পৰিত্ৰাণ
প্ৰস্ৰাৱত ফেন, তেজ, দুৰ্গন্ধ...আওকাণ নকৰিব এই লক্ষণ, কি ৰোগ?
আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ যুঁজত সাৰথি হৈ পৰিব এই ৫ বিধ খাদ্য, লাভ কৰিব অনন্য উপকাৰিতা