Budget: দাখিলৰ পূৰ্বে ফাদিল, বিত্তমন্ত্ৰীৰ পদত্যাগ! ১৯৫০ৰ পাছত এতিয়া কেনেকৈ সুৰক্ষা দিয়া হয় বাজেটক? | Budget 2026 How Leaked 1950 Budget Secret Copy Know The Security See Details In Assamese Assam news - Assam Tv9

Budget: দাখিলৰ পূৰ্বে ফাদিল, বিত্তমন্ত্ৰীৰ পদত্যাগ! ১৯৫০ৰ পাছত এতিয়া কেনেকৈ সুৰক্ষা দিয়া হয় বাজেটক?

Published: 

29 Jan 2026 | 01:51 PM

Budget 2026: মাজত মাত্ৰ দুটা দিন বাকী। ১ ফেব্ৰুৱাৰীত দাখিল হ'ব বাজেট। কিন্তু আপুনি জানেনে এবাৰ বাজেট দাখিল হোৱাৰ পূৰ্বে গোপন নথি ফাদিল হৈছিল। তাৰ পাছতেই কটকটীয়া কৰা হৈছিল সুৰক্ষা।

1 / 5এখন দেশৰ বাবে বাজেট অতি গুৰুত্বপূৰ্ণ। কিয়নো বাজেটে নিৰ্ধাৰণ কৰে দেশৰ ভৱিষ্যত। ইয়াৰ প্ৰভাৱ দেশৰ প্ৰতিগৰাকী ব্যক্তিৰ ওপৰতে পৰে। এইবাৰ ১ ফেব্ৰুৱাৰী, ২০২৬ ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে নৱমবাৰৰ বাবে দাখিল কৰিব বাজেট। বছৰ বছৰ ধৰি বিত্তমন্ত্ৰীসকলে বাজেট দাখিল কৰি আহিছে।

এখন দেশৰ বাবে বাজেট অতি গুৰুত্বপূৰ্ণ। কিয়নো বাজেটে নিৰ্ধাৰণ কৰে দেশৰ ভৱিষ্যত। ইয়াৰ প্ৰভাৱ দেশৰ প্ৰতিগৰাকী ব্যক্তিৰ ওপৰতে পৰে। এইবাৰ ১ ফেব্ৰুৱাৰী, ২০২৬ ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে নৱমবাৰৰ বাবে দাখিল কৰিব বাজেট। বছৰ বছৰ ধৰি বিত্তমন্ত্ৰীসকলে বাজেট দাখিল কৰি আহিছে।

2 / 5

কিন্তু ১৯৫০ চনত এনে এক ঘটনা সংঘটিত হৈছিল, যি ভাৰতীয় ইতিহাসত এক বৃহৎ ঘটনা আছিল। সেই সময়ত ফাদিল হৈছিল বাজেটৰ গোপন তথ্য। কেন্দ্ৰীয় বাজেটৰ লগত জড়িত গোপন পৃষ্ঠা ৰাষ্ট্ৰপতি ভৱনৰ সংবাদ মাধ্যমৰ আগত ফাদিল হৈছিল। যিয়ে চৰকাৰ কঁপাই তুলিছিল। পাছত চৰকাৰে বাজেটৰ সুৰক্ষাৰ বাবে বহু ব্যৱস্থা হাতত লৈছিল।

3 / 5

১৯৫০ চনত বাজেটৰ নথি ৰাষ্ট্ৰপতি ভৱনত ছপা হৈছিল। সেই ঠাই নিৰাপদ বুলি গণ্য কৰা হয়। কিন্তু সংসদত বাজেট দাখিল হোৱাৰ পূৰ্বে বিত্তীয় প্ৰস্তাৱসমূহৰ সবিশেষ ফাদিল হৈছিল। এয়া কেনেকৈ হৈছিল, কোনে কৰিছিল সেই সন্দৰ্ভত আজি পৰ্যন্ত আনুষ্ঠানিক ঘোষণা নহ'ল। এই ঘটনাই নিৰাপদৰ দিশটোক লৈ বহু প্ৰশ্নৰ উত্থাপন কৰিছিল।

4 / 5

এই ঘটনাৰ পাছতে চৰকাৰে বিভিন্ন কৌশল অৱলম্বন কৰে। পাছত বাজেটৰ নথি-পত্ৰৰ ছপাৰ কাম মিণ্টো ৰোডৰ ভাৰত চৰকাৰ প্ৰেছলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হয়। নিৰাপত্তাৰ বাবে প্ৰৱেশ নিষিদ্ধ প্ৰৱেশ, ছীল কৰা চৌহদ, আৰু এতিয়া বন্ধ হৈ যোৱা "লক-ইন" পৰম্পৰাকে ধৰি কঠোৰ নিৰাপত্তা ব্যৱস্থা কাৰ্যকৰী কৰা হয়। বাজেট ছপাৰ লগত জড়িত লোকসকল বাজেটৰ দিনটোলৈকে বাহিৰৰ জগতৰ পৰা সংযোগ বিচ্ছিন্ন ৰাখে।

5 / 5

উল্লেখ্য যে, ১৯৫০ চনত জন মাথাই দেশৰ বিত্তমন্ত্ৰী আছিল। বাজেটৰ গোপন তথ্য ফাদিল হোৱাৰ পাছত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। লগতে নিৰাপত্তাৰ দিশটোতো বহু সিদ্ধান্ত লোৱা হৈছিল। তেতিয়াৰ পৰা বাজেটৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকল বাজেট দাখিল নোহোৱালৈকে বাহিৰৰ জগতখনৰ পৰা বিচ্ছিন্ন হৈ থাকে।

শীতৰ বজাৰত উভৈনদী কমলাৰ উপকাৰী গুণো অসীম, জানিলে আচৰিত হ’ব আপুনি
ইলাচি খলে শৰীৰৰ কি কি সমস্যা কম হয়?
প্ৰ'টিনৰ অভাৱৰ ফলত শৰীৰত দেখা দিয়ে লক্ষণসমূহ কি কি? জানক...
চাহ খাই ভাল পায় নেকি? কি ৰোগ হ’ব পাৰে জানক...
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...
গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
বকো-ছয়গাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ...
বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ