বড়োভূমিত তুংগত নিৰ্বাচনী প্ৰচাৰঃ প্ৰমোদ বড়োৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ | BPF’s Hagrama Mohilary Warns of Filing Case Against Pramod Boro Over Property Disclosure Ahead of BTC Election Assam news - Assam Tv9

বড়োভূমিত তুংগত নিৰ্বাচনী প্ৰচাৰঃ প্ৰমোদ বড়োৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ

Updated On: 

18 Sep 2025 22:25 PM

ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ সম্পত্তি সন্দৰ্ভতো আজি বিপিএফ মুৰব্বীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। প্ৰমোদ বড়োৱে সম্পত্তিৰ সম্পূৰ্ণ তালিকা প্ৰকাশ নকৰা বুলি অভিযোগ কৰি হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ ওপৰত আজি কেছ দিব বুলি হুংকাৰ দিয়ে।

1 / 5বড়োভূমিত জোৰদাৰ গতিত বলিছে নিৰ্বাচনী বতাহ। এফালে অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সৰ্বশক্তিৰে প্ৰচাৰ অভিযানত নামি পৰিছে। ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে মুখৰিত হৈ পৰিছে বড়োভূমি।

বড়োভূমিত জোৰদাৰ গতিত বলিছে নিৰ্বাচনী বতাহ। এফালে অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সৰ্বশক্তিৰে প্ৰচাৰ অভিযানত নামি পৰিছে। ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে মুখৰিত হৈ পৰিছে বড়োভূমি।

2 / 5

আজিও প্ৰতিকূল বতৰকো নেউচি কলাই গাঁও ভকতপাৰাত নিৰ্বাচনী প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে। হেলিকপ্টাৰেৰে নিৰ্বাচনী সভাত উপস্থিত হৈ প্ৰচাৰ চলায় বি পি এফৰ মুৰব্বীগৰাকীয়ে। বিটিচিৰ মূদৈবুৰী পৰিষদীয় সমষ্টিৰ ভকতপাৰাত দলীয় প্ৰাৰ্থী জগদীশ চৰকাৰৰ হৈ হাগ্ৰামা মহিলাৰীয়ে প্ৰচাৰ চলায়।

3 / 5

সহস্ৰাধিক দলীয় কৰ্মী তথা সমৰ্থকৰ উপস্থিতিত নিৰ্বাচনী সভাত অংশ লৈ হাগ্ৰামা মহিলাৰীয়ে সকলো জাতি জনগোষ্ঠীৰ লোক এইবাৰ বি পি এফৰ সমৰ্থনত ওলাই আহিছে বুলি মন্তব্য কৰে। ওদালগুৰি জিলাত ১০খন আসনৰ ভিতৰত ১০খনেই বিপিএফেই দখল কৰিব বুলিও হাগ্ৰামা মহিলাৰীয়ে লগতে কয়।

4 / 5

ইফালে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ সম্পত্তি সন্দৰ্ভতো আজি বিপিএফ মুৰব্বীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। প্ৰমোদ বড়োৱে সম্পত্তিৰ সম্পূৰ্ণ তালিকা প্ৰকাশ নকৰা বুলি অভিযোগ কৰি হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ ওপৰত আজি কেছ দিব বুলি হুংকাৰ দিয়ে।

5 / 5

হাগ্ৰামা মহিলাৰীৰ দাবী, বিটিচিত কেৱল মাত্ৰ বিপিএফ আৰু এইবাৰ প্ৰমোদ বড়ো পৰাস্ত হোৱাটো নিশ্চিত। তেওঁ লগতে নিৰ্বাচনত জয়ৰ পিছত শপত গ্ৰহণৰ সময়ত AC বাছেৰে কোকৰাঝাৰলৈ যাব নে নাই বুলিও স্থানীয় ৰাইজক উদেশ্যি প্ৰশ্ন কৰি নিজৰ আত্মবিশ্বাস প্ৰকাশ কৰে।

কিদৰে পালন কৰিব নৱৰাত্ৰিৰ ব্ৰত? নকৰিব এইকেইটা ভুল!
বৃক্ক অসুস্থ মানেই জীৱনৰ বিঘিনি! দৈনিক খাওক এই ৯ টা ফল, বৃক্ক হৈ থাকিব সুস্থ
মেথি গুটিয়ে দূৰ কৰিব আপোনাৰ চুলিৰ সমস্যা, মাথোঁ কৰক এইদৰে ব্যৱহাৰ...
আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...