পাৰ্থত জয়েৰে পাঁচ নতুন অভিলেখ গঢ়িলে ভাৰতেঃ অনন্য কৃতিত্ব বুমৰাহৰো.. | Border-Gavaskar trophy India vs Australia Team India makes 5 records won Perth test Jasprit Bumrah Assam news - Assam Tv9

পাৰ্থত জয়েৰে পাঁচ নতুন অভিলেখ গঢ়িলে ভাৰতেঃ অনন্য কৃতিত্ব বুমৰাহৰো..

Published: 

25 Nov 2024 17:37 PM

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ আজি চতুৰ্থ দিনাই বৃ্হৎ জয় সাব্যস্ত কৰে ভাৰতীয় দলে। পাৰ্থত অনুষ্ঠিত মেচখনত ভাৰতে ঘৰুৱা দলটোক ২৯৫ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। প্ৰথম ইনিংছত বেটিঙত ব্যৰ্থ হ’লেও দ্বিতীয় ইনিংছত ভাৰতীয় বেটাৰৰ চমকপ্ৰদ প্ৰদৰ্শনৰ সমান্তৰালকৈ বলাৰৰ দমনীয় প্ৰদৰ্শনেৰে ভাৰতে ৫খন মেচৰ এই শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। এই জয়েৰে ভাৰতীয় দলে পাঁচটা নতুন অভিলেখ গঢ়িছে।

1 / 5পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অষ্ট্ৰেলিয়াক পৰাস্ত কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ভাৰত। ইয়াৰ পূৰ্বে ইয়াত খেলা চাৰিওখন টেষ্টতে অষ্ট্ৰেলিয়াই জয়লাভ কৰিছিল। এইদৰে অপ্টাছ ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ জয়ৰ ধাৰা ভংগ হৈছে।

পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অষ্ট্ৰেলিয়াক পৰাস্ত কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ভাৰত। ইয়াৰ পূৰ্বে ইয়াত খেলা চাৰিওখন টেষ্টতে অষ্ট্ৰেলিয়াই জয়লাভ কৰিছিল। এইদৰে অপ্টাছ ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ জয়ৰ ধাৰা ভংগ হৈছে।

2 / 5

ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক ২৯৫ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ মাটিত ৰানৰ ক্ষেত্ৰত এয়া ভাৰতৰ সৰ্ববৃহৎ জয়। ইয়াৰ পূৰ্বে ১৯৭৭ চনত মেলবৰ্ণত ২২২ ৰানত জয়লাভ কৰিছিল ভাৰতে।

3 / 5

SENA (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া) দেশসমূহৰ ভিতৰত ভাৰতৰ এয়া সৰ্ববৃ্হৎ জয়। আনহাতে বিদেশৰ মাটিত ভাৰতৰ এয়া তৃতীয় বৃহৎ জয়। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজৰ নৰ্থ চাউণ্ডত ৩১৮ ৰান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে গালেত ৩০৪ ৰানত জয়লাভ কৰিছিল ভাৰতে।

4 / 5

এই মেচখনত ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব বহন কৰা যশপ্ৰীত বুমৰাহে সমুখৰ পৰা দলক নেতৃত্ব দি ৭২ ৰানত ৮ উইকেট দখল কৰে। বিদেশৰ মাটিত জয়ৰ ক্ষেত্ৰত যিকোনো ভাৰতীয় অধিনায়ক হিচাপে প্ৰদৰ্শনৰ ভিত্তিত এয়া নতুন অভিলেখ।

5 / 5

পাৰ্থত টেষ্টত জয়ী হোৱা মাত্ৰ দ্বিতীয়গৰাকী এছিয়ান অধিনায়ক হিচাপে পৰিগণিত হৈছে বুমৰাহ। লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে পাৰ্থত টেষ্ট জয় কৰা অধিনায়কজনো এগৰাকী ভাৰতীয়। অনিল কুম্বলেৰ নেতৃত্বত ভাৰতে ২০০৮ চনত পাৰ্থত জয়লাভ কৰিছিল।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension