উমৰাছুৰ কয়লাখনিৰ পৰা উদ্ধাৰ পাঁচজন শ্ৰমিকৰ মৃতদেহ | Body of five labourers trapped inside coalmine at Umrangsu recovered Assam news - Assam Tv9

অৱশেষত উমৰাংছুৰ কয়লাখনিৰ পৰা উদ্ধাৰ পাঁচজন শ্ৰমিকৰ মৃতদেহ

Updated On: 

19 Feb 2025 20:48 PM

উমৰাংছুৰ কয়লাখনিৰ পৰা উদ্ধাৰ কৰা হ'ল আৱদ্ধ শ্ৰমিকৰ মৃতদেহ । বুধবাৰে পাঁচটাকৈ মৃতদেহ উদ্ধাৰ কৰা হয় কলয়াখনিটোৰ পৰা । এন ডি আৰ এফৰ অভিযানত উদ্ধাৰ মৃতদেহ কেইটা ।

1 / 6উমৰাংছুৰ কয়লাখনি

উমৰাংছুৰ কয়লাখনি

2 / 6

ডেৰমাহৰ অন্তত উদ্ধাৰ হ'ল আবদ্ধ শ্ৰমিক কেইজনৰ মৃতদেহ । যোৱা ৪ জানুৱাৰীত কয়লা খনিটোত আৱদ্ধ হৈছিল ৯ গৰাকী শ্ৰমিক ।

3 / 6

শ্ৰমিক কেইজন আবদ্ধ হোৱাৰ পাছতেই চলিছিল উদ্ধাৰ অভিযান । এন ডি আৰ এফৰ উপৰিও সেনা আৰু নৌ সেনাৰ দ্বাৰাও চলোৱা হৈছিল অভিযান ।

4 / 6

বুধবাৰে পাঁচটাকৈ মৃতদেহ উদ্ধাৰ কৰা হয় কলয়াখনিটোৰ পৰা । এন ডি আৰ এফৰ অভিযানত উদ্ধাৰ মৃতদেহ কেইটা ।

5 / 6

প্ৰথমাৱস্থাত চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল । বুধবাৰে আন পাঁচজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । মৃতদেহ বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ।

6 / 6

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে, "উমৰাংছ’ৰ কয়লা খনিৰ পানী নিষ্কাশন প্রক্রিয়া উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰাকৈ আজি সম্পন্ন কৰা হৈছিল। আজি ৫গৰাকী বনুৱাৰ মৃতদেহ উদ্ধাৰ কৰি খনিৰ খাদৰ পৰা উলিয়াই অনা হৈছে। মৃতদেহকেইটিৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে।"

শক্তিশালী হ'বলৈ খাওক নহৰু, দুই ফুটা নহৰুৱে দূৰ কৰিব সকলো সমস্যা!
বয়সৰ চাপ হ্ৰাস কৰে ফুলকবিয়ে! জানক কি কি ৰোগৰ বাবে উপকাৰী এইবিধ পাচলি
মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈ টকা আহে নেকি? কি হয় জানক...
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...