Blood Moon 2025: বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ, নিশাৰ আকাশত জিলিকিল ‘ৰক্ত চন্দ্ৰ’, চাওক বিৰল দৃশ্য... | Blood moon Total lunar eclipse 2025 visible in India See pictures here Assam news - Assam Tv9

Blood Moon 2025: বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ, নিশাৰ আকাশত জিলিকিল ‘ৰক্ত চন্দ্ৰ’, চাওক বিৰল দৃশ্য…

Updated On: 

08 Sep 2025 08:28 AM

Chandra Grahan 2025: ৭ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে বছৰৰ দ্বিতীয় আৰু অন্তিমটো চন্দ্ৰগ্ৰহণ সংঘটিত হয়। যিটো নিশা ৯:৫৮ বজাৰ পৰা আৰম্ভ হয়। এই চন্দ্ৰগ্ৰহণ ভাৰতকে ধৰি বিশ্বৰ বহু দেশত দেখা গৈছিল। পূৰ্ণাংগ চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰৰ ৰং সলনি হৈছিল, যাক ‘ৰক্ত চন্দ্ৰ’ বা ‘ব্লাড মুন’ বোলা হয়।

1 / 5দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ। নিশা ৯:৫৮ বজাৰ পৰা আৰম্ভ হোৱা এই চন্দ্ৰগ্ৰহণৰ অন্ত পৰে ৮ ছেপ্টেম্বৰৰ মাজনিশা ১:২৬ বজাত। চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ লগে লগে ইয়াৰ সুতক সময়ৰো অন্ত পৰে।

দেশৰ বিভিন্ন প্ৰান্তত দেখা গ’ল পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ। নিশা ৯:৫৮ বজাৰ পৰা আৰম্ভ হোৱা এই চন্দ্ৰগ্ৰহণৰ অন্ত পৰে ৮ ছেপ্টেম্বৰৰ মাজনিশা ১:২৬ বজাত। চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ লগে লগে ইয়াৰ সুতক সময়ৰো অন্ত পৰে।

2 / 5

মানুহে চন্দ্ৰগ্ৰহণৰ বাবে যিমানেই অপেক্ষা কৰি আছিল, ৰক্ত চন্দ্ৰ চাবলৈও সমানেই আগ্ৰহেৰে অপেক্ষা কৰিছিল। সমগ্ৰ দেশতে নিশা ১১:০১ বজাৰ পৰা ১২:২৩ বজালৈ মানুহে এই দৃশ্য উপভোগ কৰে। এনেদৰে প্ৰায় ৮২ মিনিট ধৰি আকাশত ‘ব্লাড মুন’ দেখা গৈছিল।

3 / 5

নিশা ১১ বজাৰ পিছত প্ৰথমবাৰৰ বাবে জয়পুৰ আৰু যোধপুৰ অঞ্চলত দেখা গ’ল ৰক্ত চন্দ্ৰ। একে সময়তে দেশৰ বিভিন্ন কোণৰ পৰা দেখা গ’ল ৰক্ত চন্দ্ৰৰ দৰ্শনীয় ছবি। নতুন দিল্লী, মুম্বাই, কেৰালা, ঝাৰখণ্ডকে ধৰি বহু ৰাজ্যত স্পষ্ট ব্লাড মুন দেখা গৈছিল। অসমতো দেখা গ'ল ৰক্ত চন্দ্ৰৰ বিৰল দৃশ্য।

4 / 5

পূৰ্ণাংগ চন্দ্ৰগ্ৰহণক ৰক্ত চন্দ্ৰ বুলি কোৱা হয় আৰু এই সময়ছোৱাত পৃথিৱীয়ে চন্দ্ৰক সম্পূৰ্ণৰূপে নিজৰ ছাঁৰে আৱৰি ৰাখে। যেতিয়া চন্দ্ৰটো পৃথিৱীৰ ছাঁত সম্পূৰ্ণৰূপে ঢাক খায়, তেতিয়া চন্দ্ৰৰ ৰং পাতল কমলা হৈ পৰে। ইয়াকে ৰক্ত চন্দ্ৰ বোলা হয়।

5 / 5

ভাৰতৰ বহু চহৰৰ মানুহে আকাশত ৰক্ত চন্দ্ৰৰ দৃশ্য দেখিছিল আৰু এই উপলক্ষে চন্দ্ৰটো উজ্জ্বল ৰঙা দেখা গৈছিল। চন্দ্ৰৰ পোহৰ বৰ বেছি উজ্জ্বল নহয় বাবে চন্দ্ৰগ্ৰহণ খালী চকুৰে চোৱাত কোনো বিপদ নাই। গতিকে ইয়াক সকলোৱে চাব পাৰে।

এই ৪ ৰাশিৰ ওপৰত থাকে হনুমানৰ বিশেষ কৃপা, কেতিয়াও নহয় সুখ- সমৃদ্ধিৰ অভাৱ!
৯-৯-৯ দুৰ্লভ সংযোগ! মনৰ কামনা পূৰণ কৰিবলৈ কৰক এই কাম...
বিচনাৰ কাষতে এইসমূহ বস্তু ৰাখে যদি আঁতৰাওক এতিয়াই, অন্যথা বিপদেৰে ভৰিব জীৱন...
ৰাতিপুৱাৰ এই অভ্যাসে ওজন বৃদ্ধি কৰে, শৰীৰৰ চৰ্বি বৃদ্ধিৰ আঁৰৰ মূল কাৰণ জানক...