গুৱাহাটী মহানগৰীত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা শীৰ্ষক বিশাল পদযাত্ৰা | BJP's Tiranga Yatra in Guwahati Celebrates 'Operation Sindoor' Success Assam news - Assam Tv9

শতাধিক কৰ্মী-সমৰ্থকৰ অংশগ্ৰহণেৰে গুৱাহাটী মহানগৰীত “ত্ৰিৰংগা যাত্ৰা” বিজেপিৰ

Updated On: 

15 May 2025 00:49 AM

বুধবাৰে ভাৰতীয় সেনাক সন্মান জনাই 'ত্ৰিৰংগা যাত্ৰা' শীৰ্ষক পদযাত্ৰা কৰে বিজেপিয়ে । এই পদযাত্ৰাত হাতে হাতে ভাৰতৰ জাতীয় পতাকা লৈ শতাধিক বিজেপিৰ কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে ।

1 / 5অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত বুধবাৰে বিজেপিয়ে গুৱাহাটী "ত্ৰিৰংগা যাত্ৰা" শীৰ্ষক পদযাত্ৰা কৰে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চলোৱা ‘অপাৰেচন সেন্দূৰ’ৰ সফলতা উপলক্ষে ৰাজ্যৰ ৰাজধানীত এই পদযাত্ৰা কৰে বিজেপিয়ে ।

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত বুধবাৰে বিজেপিয়ে গুৱাহাটী "ত্ৰিৰংগা যাত্ৰা" শীৰ্ষক পদযাত্ৰা কৰে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চলোৱা ‘অপাৰেচন সেন্দূৰ’ৰ সফলতা উপলক্ষে ৰাজ্যৰ ৰাজধানীত এই পদযাত্ৰা কৰে বিজেপিয়ে ।

2 / 5

আদাবাৰীৰ পৰা জালুকবাৰীলৈ উলিওৱা এই পদযাত্ৰাত শতাধিক দলীয় কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে। ইষ্টাৰ্ণ আৰ্মিৰ প্ৰাক্তন অধিনায়ক লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতাইও এই পদযাত্ৰাত যোগদান কৰে।

3 / 5

পদযাত্ৰাৰ সময়ত হাতে হাতে ভাৰতৰ জাতীয় পতাকা লৈ বিজেপি কৰ্মী আৰু সমৰ্থকসকলে ভাৰত মাতা কি জয়, ভাৰতীয় সেনা জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে।

4 / 5

ফেচবুক পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ,"আমাৰ বাহিনীয়ে নিজকে বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ বুলি দেখুৱাইছে আৰু ‘অপাৰেচন সেন্দূৰ’ত শত্ৰুক উচিত শিক্ষা দিছে । ইয়াৰ সফলতা আৰু আমাৰ বাহিনীৰ বীৰত্বক উদযাপন কৰিবলৈ মই গুৱাহাটীৰ ত্ৰিৰংগা যাত্ৰা"ত অংশ লৈছো।"

5 / 5

ইফালে, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভাৰতীয় সশস্ত্ৰ বাহিনীক প্ৰশংসা কৰি কয় যে, তেওঁলোকে ভাৰতৰ শক্তিক সমগ্ৰ বিশ্বৰ আগত প্ৰদৰ্শন কৰিছে। উল্লেখ্য শাসকীয় বিজেপিয়ে ৰাজ্যখনৰ আন আন চহৰতো অনুৰূপ "ত্ৰিৰংগা যাত্ৰা" আয়োজন কৰে।

ব্ৰেইন টিউমাৰ লক্ষণবোৰ কেনেকুৱা ধৰণৰ হয় ? সবিশেষ জানক
কি কাৰণত দ্ৰুতগতিত চুলি সৰে ? কেনেকৈ ৰোধ কৰিব ? জানক
বেলুচিস্তান পৃথক হ'লে পাকিস্তানৰ ওচৰত কিমান শতাংশ অঞ্চল থাকিব? জানক...
এটা পৰমাণু বোমা নিৰ্মাণ কৰিলে কিমান খৰচ হয়? শুনিলে হ'ব আচৰিত....