Weight Loss : ওজন কমাবলৈ কোন কেইবিধ পানীয় অধিক উপকাৰী, জানক | Best Weight Loss Drinks in Assamese Assam news - Assam Tv9

Weight Loss : ওজন কমাবলৈ কোন কেইবিধ পানীয় অধিক উপকাৰী, জানক

Published: 

16 Sep 2024 22:35 PM

ওজন হ্ৰাস কৰাৰ বাবে খাদ্যৰ তালিকাৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন । দৈনিক ব্যায়াম কৰাৰ উপৰিও যিধৰণে খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে, সেই একেধৰণে ওজন হ্ৰাস কৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে । তদুপৰি ওজন হ্ৰাস কৰাৰ বাবে কেইবিধমান পানীয়ৰ ওপৰতো নিৰ্ভৰ কৰিব পাৰে।

1 / 8ওজন হ্ৰাস কৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খোৱাৰ উপৰিও কেইবিধমান পানীয়ৰ ওপৰতো নিৰ্ভৰ কৰিব পাৰে।

ওজন হ্ৰাস কৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খোৱাৰ উপৰিও কেইবিধমান পানীয়ৰ ওপৰতো নিৰ্ভৰ কৰিব পাৰে।

2 / 8

গ্ৰীণ টিত কেটেচিন নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে আৰু হজম শক্তি উন্নত কৰে। গ্ৰীণ টিয়ে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত অধিক সহায় কৰিব পাৰে ।

3 / 8

নেমুৰ পানীয়ে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে। এই পানীয়ত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ছালখন উজ্জ্বল কৰে।

4 / 8

নাৰিকলৰ পানীয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। এই পানীয়ত ইলেক্ট্ৰলাইট থাকে । খালী পেটত নাৰিকলৰ পানী খালে ওজন কমাবলৈ সহজ হয়।

5 / 8

চিয়া চীডত আঁহ আৰু ওমেগা-৩ ফেটি এচিড বেছি থাকে। চিয়া চীড তিয়াই থোৱা পানী খালে কোষ্ঠকাঠিন্য দূৰ হয় আৰু ওজন হ্ৰাস পায় ।

6 / 8

পদিনা, আদা আৰু দালচেনিৰে বনৌষধি চাহ বনাব পাৰি। এই চাহে পাচনতন্ত্ৰৰ সমস্যা, শাৰীৰিক প্ৰদাহ, তেজৰ শৰ্কৰা আদি দূৰ কৰাত সহায় কৰে। ই ওজন হ্ৰাস কৰাত সহায় কৰে ।

7 / 8

তিয়ঁহ আৰু পদিনা পাত পানীৰ বটলত তিয়াই লওক। এই ডিটক্স পানীয়ে পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে। এই পানীয়ই ওজন হ্ৰাস কৰে।

8 / 8

গ্ৰীণ টিৰ লগতে মাচা চাহ খাব পাৰে। মাচা চাহে ওজন কমাবলৈ সহায় কৰে। এই চাহত অধিক পৰিমাণৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…