সন্তানৰ নামকৰণ কৰিলে বৰষা-ভাস্কৰেঃ সামাজিক মাধ্যমযোগে অনুৰাগীক জনালে কন্যাৰ নাম | barsharani bishaya and bhaskar boruah named their girl child Assam news - Assam Tv9

সন্তানৰ নামকৰণ কৰিলে বৰষা-ভাস্কৰেঃ সামাজিক মাধ্যমযোগে অনুৰাগীক জনালে কন্যাৰ নাম

Published: 

09 Feb 2025 | 09:10 PM

অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ সংসাৰলৈ যোৱা বৰ্ষৰ শেষৰ ফালে আগমন ঘটিছিল এটি সন্তানৰ। আজি সদ্যোজাত কন্যা শিশুটিৰ নামকৰণ কৰিছে বৰষা-ভাস্কৰে।

1 / 5যোৱা বৰ্ষৰ শেষৰ ফালে বৰষা-ভাস্কৰৰ যুগ্ম জীৱনৰ চিন স্বৰূপে সংসাৰলৈ আহিছিল এটি কন্যা সন্তান। ২৫ ডিচেম্বৰত এই অনন্য সুখৰ গৰাকী হৈছিল দম্পতীহাল।

যোৱা বৰ্ষৰ শেষৰ ফালে বৰষা-ভাস্কৰৰ যুগ্ম জীৱনৰ চিন স্বৰূপে সংসাৰলৈ আহিছিল এটি কন্যা সন্তান। ২৫ ডিচেম্বৰত এই অনন্য সুখৰ গৰাকী হৈছিল দম্পতীহাল।

2 / 5

এই খবৰ প্ৰকাশ কৰাৰ পিছতে সামাজিক মাধ্যমত দম্পতীহালত শুভেচ্ছাবাণীৰে উপচাই পেলাইছিল অনুৰাগী তথা শুভাকাংক্ষীয়ে। সন্তান জন্মৰ পিছতে বৰষাৰাণী বিষয়ায়ো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল এক বিশেষ আৱেগিক পোষ্ট।

3 / 5

আজি বৰষা আৰু ভাস্কৰে নামকৰণ কৰিছে তেওঁলোকৰ সন্তানটিৰ নাম। নিজা ইনষ্টাগ্ৰাম একাউণ্ট যোগে বৰষাৰাণী বিষয়াই অনুৰাগীৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে। সদ্যোজাত কন্যা শিশুটিৰ নাম আদিত্ৰি বৰুৱা ৰাখিছে দম্পতীহালে।

4 / 5

উল্লেখ্য যে আদিত্ৰি দেৱী লক্ষীৰ অন্য এটি নাম। অৰ্থাৎ ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ নামেৰেই সন্তানৰ নাম ৰাখিছে বৰষা-ভাস্কৰে। সন্তানৰ নাম প্ৰকাশ কৰি বৰষাৰাণী বিষয়াই লগতে পোষ্টটোত অনুৰাগী তথা শুভাকাংক্ষীৰ মৰম-আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

5 / 5

এতিয়া ৰাজ্যৰ সাংস্কৃতিক জগতৰ এক চৰ্চিত দম্পতী বৰষা-ভাস্কৰৰ প্ৰথম পৰিচয় হৈছিল ইনষ্টাগ্ৰামত। অনুৰাগী হিচাপে ভাস্কৰে প্ৰথমে বৰষাৰাণী বিষয়ালৈ কৰা এটা মেছেজৰ পিছতে দুয়োৰে সম্পৰ্ক আগবাঢ়িছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...