সন্তানৰ নামকৰণ কৰিলে বৰষা-ভাস্কৰেঃ সামাজিক মাধ্যমযোগে অনুৰাগীক জনালে কন্যাৰ নাম | barsharani bishaya and bhaskar boruah named their girl child Assam news - Assam Tv9

সন্তানৰ নামকৰণ কৰিলে বৰষা-ভাস্কৰেঃ সামাজিক মাধ্যমযোগে অনুৰাগীক জনালে কন্যাৰ নাম

monjit-dutta
Published: 

09 Feb 2025 21:10 PM

অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ সংসাৰলৈ যোৱা বৰ্ষৰ শেষৰ ফালে আগমন ঘটিছিল এটি সন্তানৰ। আজি সদ্যোজাত কন্যা শিশুটিৰ নামকৰণ কৰিছে বৰষা-ভাস্কৰে।

1 / 5যোৱা বৰ্ষৰ শেষৰ ফালে বৰষা-ভাস্কৰৰ যুগ্ম জীৱনৰ চিন স্বৰূপে সংসাৰলৈ আহিছিল এটি কন্যা সন্তান। ২৫ ডিচেম্বৰত এই অনন্য সুখৰ গৰাকী হৈছিল দম্পতীহাল।

যোৱা বৰ্ষৰ শেষৰ ফালে বৰষা-ভাস্কৰৰ যুগ্ম জীৱনৰ চিন স্বৰূপে সংসাৰলৈ আহিছিল এটি কন্যা সন্তান। ২৫ ডিচেম্বৰত এই অনন্য সুখৰ গৰাকী হৈছিল দম্পতীহাল।

2 / 5এই খবৰ প্ৰকাশ কৰাৰ পিছতে সামাজিক মাধ্যমত দম্পতীহালত শুভেচ্ছাবাণীৰে উপচাই পেলাইছিল অনুৰাগী তথা শুভাকাংক্ষীয়ে। সন্তান জন্মৰ পিছতে বৰষাৰাণী বিষয়ায়ো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল এক বিশেষ আৱেগিক পোষ্ট।

এই খবৰ প্ৰকাশ কৰাৰ পিছতে সামাজিক মাধ্যমত দম্পতীহালত শুভেচ্ছাবাণীৰে উপচাই পেলাইছিল অনুৰাগী তথা শুভাকাংক্ষীয়ে। সন্তান জন্মৰ পিছতে বৰষাৰাণী বিষয়ায়ো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল এক বিশেষ আৱেগিক পোষ্ট।

3 / 5আজি বৰষা আৰু ভাস্কৰে নামকৰণ কৰিছে তেওঁলোকৰ সন্তানটিৰ নাম। নিজা ইনষ্টাগ্ৰাম একাউণ্ট যোগে বৰষাৰাণী বিষয়াই অনুৰাগীৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে। সদ্যোজাত কন্যা শিশুটিৰ নাম আদিত্ৰি বৰুৱা ৰাখিছে দম্পতীহালে।

আজি বৰষা আৰু ভাস্কৰে নামকৰণ কৰিছে তেওঁলোকৰ সন্তানটিৰ নাম। নিজা ইনষ্টাগ্ৰাম একাউণ্ট যোগে বৰষাৰাণী বিষয়াই অনুৰাগীৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে। সদ্যোজাত কন্যা শিশুটিৰ নাম আদিত্ৰি বৰুৱা ৰাখিছে দম্পতীহালে।

4 / 5

উল্লেখ্য যে আদিত্ৰি দেৱী লক্ষীৰ অন্য এটি নাম। অৰ্থাৎ ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ নামেৰেই সন্তানৰ নাম ৰাখিছে বৰষা-ভাস্কৰে। সন্তানৰ নাম প্ৰকাশ কৰি বৰষাৰাণী বিষয়াই লগতে পোষ্টটোত অনুৰাগী তথা শুভাকাংক্ষীৰ মৰম-আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

5 / 5

এতিয়া ৰাজ্যৰ সাংস্কৃতিক জগতৰ এক চৰ্চিত দম্পতী বৰষা-ভাস্কৰৰ প্ৰথম পৰিচয় হৈছিল ইনষ্টাগ্ৰামত। অনুৰাগী হিচাপে ভাস্কৰে প্ৰথমে বৰষাৰাণী বিষয়ালৈ কৰা এটা মেছেজৰ পিছতে দুয়োৰে সম্পৰ্ক আগবাঢ়িছিল।

কিদৰে পালন কৰিব নৱৰাত্ৰিৰ ব্ৰত? নকৰিব এইকেইটা ভুল!
বৃক্ক অসুস্থ মানেই জীৱনৰ বিঘিনি! দৈনিক খাওক এই ৯ টা ফল, বৃক্ক হৈ থাকিব সুস্থ
মেথি গুটিয়ে দূৰ কৰিব আপোনাৰ চুলিৰ সমস্যা, মাথোঁ কৰক এইদৰে ব্যৱহাৰ...
আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...