Bagori range of Kaziranga National Park reopens for tourists on 26th September | Bagori range of Kaziranga National Park reopens for tourists on 26th September Assam news - Assam Tv9

পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল, জীফ ছাফাৰীৰে উপভোগ কৰিব পাৰিব নৈসৰ্গিক সৌন্দৰ্য

Published: 

26 Sep 2025 16:19 PM

Kaziranga National Park: শুকুৰবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনায় যে বৰ্তমান ৯ কিলোমিটাৰ ভিতৰলৈ জীপ ছাফাৰী কৰিব পাৰিব।

1 / 6আহিন সোমোৱা মানেই লাহে লাহে খৰালি আৰম্ভ। লগে লগে আহি পায় উৎসৱৰ সময়। তাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰৰ পৰা পৰ্যটকৰ উপভোগৰ বাবে মুকলি কৰি দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ।

আহিন সোমোৱা মানেই লাহে লাহে খৰালি আৰম্ভ। লগে লগে আহি পায় উৎসৱৰ সময়। তাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰৰ পৰা পৰ্যটকৰ উপভোগৰ বাবে মুকলি কৰি দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ।

2 / 6

অৱশ্যে এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত জীপ চাফাৰীৰ দ্বাৰাহে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰিব পৰ্যটকে। পূজাৰ সময়ত পৰ্যটকৰ উপভোগৰ বাবে নগাঁও জিলাৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম অংশ মুকলি কৰা হৈছে।

3 / 6

কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই আজি ফিটা কাটি চলিত পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰে কাজিৰঙাৰ বাগৰি বনাঞ্চল। তেওঁৰ সৈতে উপস্থিত থাকে বিধায়ক মৃণাল শইকীয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডাইৰেক্টৰ সোণালী ঘোষ, নগাঁও জিলাৰ আয়ুক্ত আৰু অন্যান্য বিষয়াসকল।

4 / 6

উদ্বোধনৰ পূৰ্বে জুবিন গাৰ্গৰ অকাল বিয়োগৰ বাবে শোক প্ৰকাশ কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনায় যে বৰ্তমান ৯ কিলোমিটাৰ ভিতৰলৈ জীপ ছাফাৰী কৰিব পাৰিব।

5 / 6

গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত কঁহৰা ৰেঞ্জ অক্টোৱৰ মাহৰ দ্বিতীয় সপ্তাহত মুকলি কৰা হ'ব। আনহাতে, নৱেম্বৰৰ ১ তাৰিখৰ পৰা হাতী ছাফাৰী আৰম্ভ কৰা হ'ব বুলি কৰ্তৃপক্ষই জনায়।

6 / 6

মে' মাহত পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ পূৰ্বতকৈ সোনকালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।

শীতকালত ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাৰ ৫ টা সহজ উপায়, জানক চিকিৎসকৰ পৰা...
মাছ-মাংস নহ’লেও কথা নাই, এই ৫ বিধ ফলেই দেহত পূৰ কৰে প্ৰটিনৰ অভাৱ
প্ৰতিদিনে খাওক গুড়, পাব জটিল ৰোগৰ পৰা মুক্তি!
শীতকালত কাহ আৰু ডিঙিৰ বিষে অশান্তি কৰিছে নেকি? সহজ উপায়েৰে ঘৰতে দূৰ কৰক সমস্যা
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী