Babu Scheme: বাবু আঁচনিঃ এইসকল ছাত্ৰই ফেব্ৰুৱাৰীৰ পৰা প্ৰতিমাহে লাভ কৰিব ২০০০ টকাকৈ... | Babu Scheme Assam Announced Graduate And Post Graduate Boy Will Get Money Know Details IN Assamese Assam news - Assam Tv9

Babu Scheme: বাবু আঁচনিঃ এইসকল ছাত্ৰই ফেব্ৰুৱাৰীৰ পৰা প্ৰতিমাহে লাভ কৰিব ২০০০ টকাকৈ…

Published: 

01 Jan 2026 | 03:16 PM

Babu Scheme: অসমৰ লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বাবু আঁচনি। এই আঁচনিৰ অধীনত ছাত্ৰসকলে বিশেষ চৰ্তৰ অধীনত প্ৰতিমাহে চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰিব।

1 / 5ৰাজ্যৰ লাখ লাখ লৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। ১ জানুৱাৰী, ২০২৬ ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে বাবু আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী লাভান্বিত হ'ব। ইয়াৰ অধীনত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে প্ৰতিমাহে টকা লাভ কৰিব।

ৰাজ্যৰ লাখ লাখ লৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। ১ জানুৱাৰী, ২০২৬ ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে বাবু আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী লাভান্বিত হ'ব। ইয়াৰ অধীনত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে প্ৰতিমাহে টকা লাভ কৰিব।

2 / 5

বাবু আঁচনিৰ অধীনত স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১,০০০ টকাকৈ লাভ কৰিব। ই উচ্চ শিক্ষা আগবঢ়াই নিয়াত সহায় কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই আঁচনি। ইয়াৰোপৰি এই আঁচনিৰ সুবিধা পাবলৈ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখতকৈ কম হ'ব লাগিব।

3 / 5

এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখে যে,ল’ৰা শিক্ষাৰ্থীক আমি প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ পূৰণ কৰিব পাৰি আনন্দিত হৈছোঁ৷ ফেব্ৰুৱাৰী মাহৰ পৰা 'বাবু আঁচনি'ৰ অধীনত যোগ্য বিবেচিত স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১,০০০ টকাকৈ তেওঁলোকৰ উচ্চ শিক্ষা আগবঢ়াই নিয়াত সহায়ক হোৱাকৈ প্ৰদান কৰা হ’ব।

4 / 5

উল্লেখ্য যে, ৰাজ্য় চৰকাৰে বিভিন্ন সময়ত ছাত্ৰ-ছাত্ৰী, মহিলাৰ কল্যানৰ হকে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। এইসমূহ আঁচনিৰ ভিতৰত এইবাৰ সংযোজন হ'ল বাবু আঁচনি। ইতিমধ্যে নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকলে প্ৰতিমাহে টকা লাভ কৰি আহিছে।

5 / 5

ছাত্ৰসকলৰ বাবে ৰাজ্যত কোনো বিশেষ আঁচনি নাছিল। নিযুত মইনাৰ পাছত ছাত্ৰসকলে তেওঁলোকৰ বাবে আঁচনি ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছিল। তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ছাত্ৰৰ বাবে আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল। এই অনুসৰি ঘোষণা হয় বাবু আঁচনি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...