Babu Scheme: বাবু আঁচনিঃ এইসকল ছাত্ৰই ফেব্ৰুৱাৰীৰ পৰা প্ৰতিমাহে লাভ কৰিব ২০০০ টকাকৈ... | Babu Scheme Assam Announced Graduate And Post Graduate Boy Will Get Money Know Details IN Assamese Assam news - Assam Tv9

Babu Scheme: বাবু আঁচনিঃ এইসকল ছাত্ৰই ফেব্ৰুৱাৰীৰ পৰা প্ৰতিমাহে লাভ কৰিব ২০০০ টকাকৈ…

Published: 

01 Jan 2026 15:16 PM

Babu Scheme: অসমৰ লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বাবু আঁচনি। এই আঁচনিৰ অধীনত ছাত্ৰসকলে বিশেষ চৰ্তৰ অধীনত প্ৰতিমাহে চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰিব।

1 / 5ৰাজ্যৰ লাখ লাখ লৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। ১ জানুৱাৰী, ২০২৬ ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে বাবু আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী লাভান্বিত হ'ব। ইয়াৰ অধীনত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে প্ৰতিমাহে টকা লাভ কৰিব।

ৰাজ্যৰ লাখ লাখ লৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। ১ জানুৱাৰী, ২০২৬ ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে বাবু আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী লাভান্বিত হ'ব। ইয়াৰ অধীনত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে প্ৰতিমাহে টকা লাভ কৰিব।

2 / 5

বাবু আঁচনিৰ অধীনত স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১,০০০ টকাকৈ লাভ কৰিব। ই উচ্চ শিক্ষা আগবঢ়াই নিয়াত সহায় কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই আঁচনি। ইয়াৰোপৰি এই আঁচনিৰ সুবিধা পাবলৈ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখতকৈ কম হ'ব লাগিব।

3 / 5

এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখে যে,ল’ৰা শিক্ষাৰ্থীক আমি প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ পূৰণ কৰিব পাৰি আনন্দিত হৈছোঁ৷ ফেব্ৰুৱাৰী মাহৰ পৰা 'বাবু আঁচনি'ৰ অধীনত যোগ্য বিবেচিত স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১,০০০ টকাকৈ তেওঁলোকৰ উচ্চ শিক্ষা আগবঢ়াই নিয়াত সহায়ক হোৱাকৈ প্ৰদান কৰা হ’ব।

4 / 5

উল্লেখ্য যে, ৰাজ্য় চৰকাৰে বিভিন্ন সময়ত ছাত্ৰ-ছাত্ৰী, মহিলাৰ কল্যানৰ হকে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। এইসমূহ আঁচনিৰ ভিতৰত এইবাৰ সংযোজন হ'ল বাবু আঁচনি। ইতিমধ্যে নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকলে প্ৰতিমাহে টকা লাভ কৰি আহিছে।

5 / 5

ছাত্ৰসকলৰ বাবে ৰাজ্যত কোনো বিশেষ আঁচনি নাছিল। নিযুত মইনাৰ পাছত ছাত্ৰসকলে তেওঁলোকৰ বাবে আঁচনি ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছিল। তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ছাত্ৰৰ বাবে আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল। এই অনুসৰি ঘোষণা হয় বাবু আঁচনি।

বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?