পৃথিৱীত আহিব প্ৰলয়, ভূমিকম্প, ৰাজনীতি... বাবা ভাংগাৰ জুলাই মাহৰ ভৱিষ্যদ্বাণীত কি কি আছে? | Baba Vanga predictions 2025 know What does baba vanga predict for 2025 Dharma Assam news - Assam Tv9

পৃথিৱীত আহিব প্ৰলয়, ভূমিকম্প, ৰাজনীতি… বাবা ভাংগাৰ জুলাই মাহৰ ভৱিষ্যদ্বাণীত কি কি আছে?

Updated On: 

02 Jul 2025 16:41 PM

Baba Vanga Predictions: জাপানৰ বাবা ভাংগাই ২০২৫ চনৰ জুলাই মাহৰ বাবে কিছুমান ভৱিষ্যদ্বাণী কৰিছে। যাৰ বাবে চিন্তা বাঢ়িছে সকলোৰে। ২০২৫ চনৰ জুলাইৰ বাবে বাবা ভাংগাই কি ভৱিষ্যদ্বাণী কৰিছে জানক...

1 / 6বাবা ভাংগাৰ ভৱিষ্যদ্বাণী প্ৰায়ে বাতৰিৰ শিৰোনামাত থাকে। বিশ্বাস কৰা হয় যে তেওঁৰ বেছিভাগ ভৱিষ্যদ্বাণী সঁচা হৈছে। এতিয়া বাবা ভাংগাৰ নতুন ভৱিষ্যদ্বাণীয়ে ভয় খুৱাইছে মানুহক। এই ভৱিষ্যদ্বাণী অনুসৰি অনাগত দিনত এক বৃহৎ দুৰ্যোগৰ সৃষ্টি হ’ব।

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী প্ৰায়ে বাতৰিৰ শিৰোনামাত থাকে। বিশ্বাস কৰা হয় যে তেওঁৰ বেছিভাগ ভৱিষ্যদ্বাণী সঁচা হৈছে। এতিয়া বাবা ভাংগাৰ নতুন ভৱিষ্যদ্বাণীয়ে ভয় খুৱাইছে মানুহক। এই ভৱিষ্যদ্বাণী অনুসৰি অনাগত দিনত এক বৃহৎ দুৰ্যোগৰ সৃষ্টি হ’ব।

2 / 6

বাবা ভাংগাৰ ‘The Future’ নামৰ গ্ৰন্থখনত জুলাই মাহত হ’বলগীয়া দুৰ্যোগৰ বিষয়ে কোৱা হৈছে। ইয়াৰ মতে জুলাই মাহত বহুতো ডাঙৰ ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে, ইয়াৰে কিছুমান বতৰ, ৰোগ আৰু বিশ্ব ৰাজনীতিৰ সৈতে জড়িত।

3 / 6

জাপানৰ বাবা ভাংগাৰ কিতাপখনত দাবী কৰা হৈছে যে ২০২৫ চনৰ জুলাই মাহত জাপানত এটা ডাঙৰ দুৰ্যোগ হ’ব পাৰে। লগতে এই মাহত জাপান আৰু ফিলিপাইনছৰ মাজত সাগৰৰ তলত হোৱা বিভাজনৰ বাবে উপকূলত ভূমিকম্পৰ ফলত তিনিগুণ বেছি ঢৌৰ সৃষ্টি হ’ব।

4 / 6

বাবা ভাংগাই ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত বিশ্বত বৃহৎ প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্ঘটনাৰো ভৱিষ্যদ্বাণী কৰিছে। ইয়াৰ উপৰিও বাবা ভাংগাই এই মাহত জুই, বতাহ আৰু পানীৰ সৈতে জড়িত ধ্বংসৰো ইংগিত দিছে।

5 / 6

জ্যোতিষৰ মতে গ্ৰহৰ অৱস্থা অনুযায়ী এই সময়ত মংগল, ৰাহু আৰু কেতুৰ এক অশুভ সংযোগ অৰ্থাৎ অংগাৰক যোগৰ সৃষ্টি হয়। এই অশুভ যোগে দেশ আৰু বিশ্বত অশান্তিৰ সৃষ্টি কৰিব পাৰে। মংগল গ্ৰহৰ অশুভ যোগৰ বাবে পৃথিৱীত ভূমিকম্প, আগ্নেয়গিৰিৰ বিস্ফোৰণ, ছুনামী আদি দুৰ্যোগৰ সম্ভাৱনা আছে।

6 / 6

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী অনুসৰি জুলাই মাহত প্ৰাকৃতিক দুৰ্যোগ আৰু অগ্নিকাণ্ডৰ দৰে ভয়ানক ঘটনা সংঘটিত হ’ব পাৰে। যদি এই ভৱিষ্যদ্বাণীবোৰ সঁচা হয়, তেন্তে এইটোৱেই হ’ব পাৰে মানৱ ইতিহাসৰ আজিলৈকে হোৱা আটাইতকৈ ডাঙৰ ট্ৰেজেডী। গতিকে এই মাহত সাৱধান হওক।

কেতিয়াৰ পৰা মহিলাসকলে মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰা হ'ল?
এনে প্ৰকৃতিৰ লোকে লাভ কৰে নৰক যন্ত্ৰণা, জানক সকলো...
মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ কিয় হয় ? ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক
ফেটি লিভাৰ হ'লে কি কি খাদ্য খাব নালাগে? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...