শিক্ষাখণ্ডত মুকলি বিশেষ SMS পদ্ধতি: ৫ দিন বিদ্যালয়লৈ নগ'লে অভিভাৱক, শিক্ষকে পাব বিশেষ বাৰ্তা... | Automated SMS Absenteeism Alert System Inauguration By Ranoj Pegu See Details IN Assamese Assam news - Assam Tv9

শিক্ষাখণ্ডত মুকলি বিশেষ SMS পদ্ধতি: ৫ দিন বিদ্যালয়লৈ নগ’লে অভিভাৱক, শিক্ষকে পাব বিশেষ বাৰ্তা…

Published: 

15 Dec 2025 22:18 PM

আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মুকলি কৰিলে Automated SMS Absenteeism Alert System. ইয়াৰ অধীনত বিদ্যালয়ত ৫ দিনতকৈ অধিক দিন ছাত্ৰ-ছাত্ৰী অনুপস্থিতিত থাকিলে এছ এম এছ যাব। আজি শুভাৰম্ভ কৰে এই বিশেষ চিষ্টেমৰ।

1 / 5শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সোমবাৰ (১৫ ডিচেম্বৰ)য়ে মুকলি কৰিলে "Automated SMS Absenteeism Alert System"। এই পদ্ধতি সংযুক্ত থাকিব শিক্ষা সেতু এপৰ সৈতে। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিত সন্দৰ্ভত এই বিশেষ পদ্ধতিৰ শুভাৰম্ভ কৰা হৈছে।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সোমবাৰ (১৫ ডিচেম্বৰ)য়ে মুকলি কৰিলে "Automated SMS Absenteeism Alert System"। এই পদ্ধতি সংযুক্ত থাকিব শিক্ষা সেতু এপৰ সৈতে। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিত সন্দৰ্ভত এই বিশেষ পদ্ধতিৰ শুভাৰম্ভ কৰা হৈছে।

2 / 5

তথ্য অনুসৰি, অনুমতি অবিহনে যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে কমেও পাঁচ দিন বিদ্যালয়ত অনুপস্থিত থাকে তেন্তে এই পদ্ধতিৰ দ্বাৰা অভিভাৱকলৈ এছ এম এছ (SMS) যাব। শ্ৰেণী শিক্ষকলৈ যাব SMS। অটোমেটিক SMS প্ৰেৰণ কৰা হ'ব সমগ্ৰ শিক্ষা অসমৰ পৰা।

3 / 5

শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, মুঠ ৫ টা ভাষাত যাব এই SMS। এই ভাষাকেইটা হ'ল-অসমীয়া, বড়ো, ইংৰাজী, বঙালী আৰু হিন্দী ভাষা। BTR ত বড়ো ভাষাত যাব SMS আৰু আন প্ৰান্তত যাব অসমীয়া ভাষাত। ইয়াৰোপৰি বৰাকত যাব বঙালী ভাষাত।

4 / 5

এই SMS যোৱাৰ পিছতো যদি সেই ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত উপস্থিত নহয়, তেন্তে পুনৰ ১৫ দিনৰ পিছত SMS যাব। তথ্য অনুসৰি, মূলত ড্ৰপ আউটৰ সমস্যাৰ বাবে এই বিশেষ SMS সেৱা মুকলি কৰা হৈছে। ড্ৰপ আউটৰ হাৰ বেছি বাবে প্ৰথমেই অনুপস্থিতি ৰোধ কৰিব লাগিব বুলি কয় পেগুয়ে।

5 / 5

এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখে যে,''আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত অনুপস্থিতিৰ বাৰ্তা শ্ৰেণী শিক্ষক আৰু অভিভাৱকলৈ প্ৰদানৰ এক সু-সংহত ব্যৱস্থা "Automated SMS Absenteeism Alert System"ৰ শুভ উদ্বোধন কৰোঁ। এই পদ্ধতি শিক্ষা সেতু এপৰ সৈতে সংযুক্ত থাকিব আৰু ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে অনুমতি অবিহনে বিদ্যালয়ত কমেও পাঁচ দিন অনুপস্থিত থাকিলে অভিভাৱকলৈ এছ এম এছ পঠিয়াব। ৰাজ্যৰ বিদ্যালয় শিক্ষাত এনে এক সংযোজনৰ বাবে সমগ্ৰ শিক্ষা অসমৰ শলাগ লৈছোঁ"।

ইউৰিক এচিড হ’লে এনে খাদ্য হ’ব পাৰে বিপজ্জনক, অন্যথা হ’ব পাৰে অধিক সমস্যা
প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা