বজাৰলৈ অ’ডিৰ নতুন বাহনঃ দৰ হ’ব প্ৰায় ১ কোটি টকা Assam news - Assam Tv9

বজাৰলৈ অ’ডিৰ নতুন বাহনঃ দৰ হ’ব প্ৰায় ১ কোটি টকা

Published: 

21 May 2024 | 08:32 PM

বিশ্বৰ বিলাসী আৰু অত্যাধুনিক বাহন নিৰ্মাতা কোম্পানীৰ ভিতৰত অন্যতম অ’ডি। গ্ৰাহকসকলৰ মাজত কোম্পানীৰ বাহনসমূহৰ আছে বিশেষ জনপ্ৰিয়তা। ভাৰতীয় বজাৰত অ’ডিয়ে মুকলি কৰিছে Q7 SUV ৰ ব’ল্ড এডিচন। বাহনখনৰ এক্স শ্ব’ৰুমৰ মূল্য ৯৭.৮৪ লাখ টকা। অৰ্থাৎ ইয়াৰ অন-ৰোড মূল্য ১ কোটি টকাৰ ওপৰলৈ যাব।

1 / 5অ’ডি কিউ৭ৰ বল্ড এডিচন চাৰিটা ৰঙত উপলব্ধ- বগা, ক’লা, নীলা আৰু ধোঁৱা বৰণ। এই SUV খন অৱশ্যে সীমিত ষ্টকত উপলব্ধ হৈছে।

অ’ডি কিউ৭ৰ বল্ড এডিচন চাৰিটা ৰঙত উপলব্ধ- বগা, ক’লা, নীলা আৰু ধোঁৱা বৰণ। এই SUV খন অৱশ্যে সীমিত ষ্টকত উপলব্ধ হৈছে।

2 / 5

নতুন অ’ডি বাহনখনৰ দৃষ্টিনন্দন ষ্টাইলে গ্ৰাহকসকলক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে।

3 / 5

অ’ডি কিউ৭ বল্ড এডিচনত ৪৮ভি মাইল্ড হাইব্ৰিড চেটআপ আৰু কোৱাট্ৰ’ অল-হুইল ড্ৰাইভৰ লগতে ৩.০ লিটাৰৰ ভি৬ ইঞ্জিন দিয়া হৈছে।

4 / 5

বাহনখনৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ২৫০ কিলোমিটাৰ। এই বাহনখনে মাত্ৰ ৫.৬ ছেকেণ্ডত ঘণ্টাত ০ৰ পৰা ১০০ কিলোমিটাৰলৈ গতি কৰিব পাৰে।

5 / 5

বাহনখনত পেনোৰামিক ছাদ, ৭টা ড্ৰাইভ মোড (অটো, ডাইনামিক, কম্ফৰ্ট, ইফিচিয়েন্সি, ইণ্ডিভিজুৱেল, অফ-ৰোড আৰু অল-ৰোড), প্ৰিমিয়াম থ্ৰীডি চাউণ্ড চিষ্টেম আৰু ৪ জ’ন এয়াৰ কণ্ডিচনাৰৰ সুবিধা প্ৰদান কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...