14 Aug 2025 21:42 PM
অৱশেষত জামিন পালে জ্যোতিষী ড০ পৰশমণি শৰ্মাই। আজি ভগদত্তপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জ্যোতিষীজনক।
কিছুদিনৰ পৰা সামাজিক মাধ্যমত বিভিন্ন জ্যোতিষ শাস্ত্ৰৰ জ্ঞান দি চৰ্চা লাভ কৰিছিল তেওঁ। কিন্তু আজি হঠাতে অহা গ্ৰেপ্তাৰৰ খবৰটোৱে সকলোকে আচৰিত কৰি তুলিছিল।
ভুৱা চাৰ্টিফিকেট প্ৰদানৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল পৰশমণি। ৩৮০/২৫ নম্বৰত গোচৰ ৰুজু হৈছিল শৰ্মাৰ বিৰুদ্ধে। কিন্তু CJM আদালতে জামিন মঞ্জুৰ কৰে জোতিষীজনৰ।
পৰশমণি শৰ্মাৰ বিৰুদ্ধে আৰোপ কৰা জামিনবিহীন ধাৰাসমূহ নাছিল গ্ৰহণযোগ্য। সেয়ে জামিন পালে জ্যোতিষীজনে।
অতি কম সময়ৰ ভিতৰতে যথেষ্ঠ জনপ্ৰিয় হৈ পৰিছে জ্যোতিষী ড০ পৰশমণি শৰ্মা। তেওঁ দিয়া প্ৰতিটো বিধান অনুসৰণ কৰে একাংশই। পৰৱৰ্তী সময়ত তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগৰ তদন্ত কেনেকৈ হয়, সেয়া হ'ব লক্ষণীয়।