উভতি নহা বাটেৰে গ'ললৈ 'বসু দা', জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ | Assamese Tv Serial Beharbari Outpost popular actor phailao basumatary passes away Assam news - Assam Tv9

উভতি নহা বাটেৰে গ’ললৈ বেহাৰবাৰীৰ ‘বসু দা’, জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ

Updated On: 

23 Apr 2025 | 09:03 AM

ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে দুঃখবৰ। জনপ্রিয় অভিনেতা ফেইলাও বসুমতাৰী (বসু দা)ৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।

1 / 5ৰাজ্যবাসীৰ বাবে এটা শোকৰ খবৰ। জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰী আৰু নাই। জীৱনৰ নাটৰ পৰা চিৰবিদায় ল'লে সকলোৰে মৰমৰ 'বসু দা'-এ।

ৰাজ্যবাসীৰ বাবে এটা শোকৰ খবৰ। জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰী আৰু নাই। জীৱনৰ নাটৰ পৰা চিৰবিদায় ল'লে সকলোৰে মৰমৰ 'বসু দা'-এ।

2 / 5

বেহাৰবাৰী আউট পোষ্টৰ ‘বসু দা’ৰ চৰিত্ৰৰে ৰাজ্যজুৰি অধিক জনপ্ৰিয় হৈছিল ফাইলাও বসুমতাৰী। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।

3 / 5

অভিনেতাজনৰ মৃত্যুত পৰিয়ালৰ লগতে সাংস্কৃতিক মহলত শোকৰ ছাঁ। বিগত কেইবামাহ ধৰি যকৃতজনিত ৰোগত চিকিৎসাধীন হৈ আছিল বসুমতাৰী। অৱশেষত মঙলবাৰে নিশা তেওঁৰ দেহাৱসান ঘটে।

4 / 5

মঙলবাৰে নিশা প্ৰায় ৯:৪৭ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় অভিনেতাজনৰ। শেহতীয়াকৈ মহানগৰীৰ গড়চুকত স্থায়ীভাৱে বসবাস কৰা অভিনেতাজনৰ ঘৰ আছিল বাক্সা জিলাত।

5 / 5

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। বড়ো সংগীত জগততো জনপ্রিয় আছিল ফেইলাও বসুমতাৰী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...