হালধীয়াৰ মাজৰ পৰাই ভোগালীৰ ওলগ জনালে দীপলিনাই, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো | Assamese Singer Deeplina Deka wishes Happy bhogali bihu Assam news - Assam Tv9

হালধীয়াৰ মাজৰ পৰাই ভোগালীৰ ওলগ জনালে দীপলিনাই, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Published: 

14 Jan 2025 16:55 PM

আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু। পুৱাই মেজি জ্বলাই অসমবাসীয়ে কৰে মংগল কামনা। ভোগালী উপলক্ষে সামাজিক মাধ্যমত শুভেচ্ছা জনাইছে দীপলিনাই।

1 / 5সমগ্ৰ ৰাজ্য আজি ভোগালী বিহুৰ আনন্দ-উলাহত মচগুল হৈ আছে। অসমৰ ছবি আৰু সংগীত জগতৰ অভিনেতা-অভিনেত্ৰীসকলেও পুৱাই মেজি জ্বলাই অগ্নি দেৱক সেৱা কৰে।

সমগ্ৰ ৰাজ্য আজি ভোগালী বিহুৰ আনন্দ-উলাহত মচগুল হৈ আছে। অসমৰ ছবি আৰু সংগীত জগতৰ অভিনেতা-অভিনেত্ৰীসকলেও পুৱাই মেজি জ্বলাই অগ্নি দেৱক সেৱা কৰে।

2 / 5

সামাজিক মাধ্যমত ইজনৰ পিছত সিজন তাৰকাই জনাইছে ভোগালীৰ শুভকামনা। পিছ পৰি ৰোৱা নাই অসমৰ যুৱপ্ৰজন্মৰ কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকা।

3 / 5

হাঁহিমুখীয়া দীপলিনা যুৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয়। ছ'চিয়েল মিডিয়াতো দীপলিনাৰ আছে বহু অনুৰাগী। প্ৰায়ে কণ্ঠশিল্পীগৰাকীৰ ফটো বা ভিডিঅ' দিলে ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত।

4 / 5

সামাজিক মাধ্যমত ভোগালীৰ ফটো শ্বেয়াৰ কৰি দীপলিনাই লিখিছে- "ভোগালী বিহুৰ শুভেচ্ছা যাঁচিলো। ভোগালীৰ দৰেই অনাগত সময়বোৰ উলাহ-উচাহৰ সতে প্ৰাচুৰ্য্যময় হৈ পৰক।"

5 / 5

বৰ্তমান কণ্ঠশিল্পীগৰাকী ব্যস্ত তেওঁৰ নতুন গীত চালাং ডেকাৰ প্ৰচাৰৰ। শীঘ্ৰে দীপলিনাই দৰ্শকক উপহাৰ দিব আৰু বহু নতুন গান।

অকালতে চুলি পকা সমস্যা প্ৰাকৃতিকভাৱে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? ফলপ্ৰসূ ঘৰুৱা উপায়
ৰক্তহীনতা কেনেকৈ প্ৰাকৃতিকভাৱে নিৰাময় কৰিব পাৰি ? ফলপ্ৰসূ প্ৰতিকাৰ আৰু খাদ্যৰ পৰামৰ্শ
ব্ৰহ্মযোগত ধনতেৰাচ! এই ৪ ৰাশিৰ বাবে অত্যন্ত শুভ, জানক...
মূলা খাই পাত পেলাই দিয়াৰ ভুল নকৰিব, এনে গুণাৱলীৰ কথা জানিলে হ’ব আচৰিত