হালধীয়াৰ মাজৰ পৰাই ভোগালীৰ ওলগ জনালে দীপলিনাই, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো | Assamese Singer Deeplina Deka wishes Happy bhogali bihu Assam news - Assam Tv9

হালধীয়াৰ মাজৰ পৰাই ভোগালীৰ ওলগ জনালে দীপলিনাই, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Published: 

14 Jan 2025 | 04:55 PM

আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু। পুৱাই মেজি জ্বলাই অসমবাসীয়ে কৰে মংগল কামনা। ভোগালী উপলক্ষে সামাজিক মাধ্যমত শুভেচ্ছা জনাইছে দীপলিনাই।

1 / 5সমগ্ৰ ৰাজ্য আজি ভোগালী বিহুৰ আনন্দ-উলাহত মচগুল হৈ আছে। অসমৰ ছবি আৰু সংগীত জগতৰ অভিনেতা-অভিনেত্ৰীসকলেও পুৱাই মেজি জ্বলাই অগ্নি দেৱক সেৱা কৰে।

সমগ্ৰ ৰাজ্য আজি ভোগালী বিহুৰ আনন্দ-উলাহত মচগুল হৈ আছে। অসমৰ ছবি আৰু সংগীত জগতৰ অভিনেতা-অভিনেত্ৰীসকলেও পুৱাই মেজি জ্বলাই অগ্নি দেৱক সেৱা কৰে।

2 / 5

সামাজিক মাধ্যমত ইজনৰ পিছত সিজন তাৰকাই জনাইছে ভোগালীৰ শুভকামনা। পিছ পৰি ৰোৱা নাই অসমৰ যুৱপ্ৰজন্মৰ কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকা।

3 / 5

হাঁহিমুখীয়া দীপলিনা যুৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয়। ছ'চিয়েল মিডিয়াতো দীপলিনাৰ আছে বহু অনুৰাগী। প্ৰায়ে কণ্ঠশিল্পীগৰাকীৰ ফটো বা ভিডিঅ' দিলে ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত।

4 / 5

সামাজিক মাধ্যমত ভোগালীৰ ফটো শ্বেয়াৰ কৰি দীপলিনাই লিখিছে- "ভোগালী বিহুৰ শুভেচ্ছা যাঁচিলো। ভোগালীৰ দৰেই অনাগত সময়বোৰ উলাহ-উচাহৰ সতে প্ৰাচুৰ্য্যময় হৈ পৰক।"

5 / 5

বৰ্তমান কণ্ঠশিল্পীগৰাকী ব্যস্ত তেওঁৰ নতুন গীত চালাং ডেকাৰ প্ৰচাৰৰ। শীঘ্ৰে দীপলিনাই দৰ্শকক উপহাৰ দিব আৰু বহু নতুন গান।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...