মাতৃক চিৰ বিদায় জনালে মৃদুল ভূঞাই, ভ্ৰাম্যমাণৰ অভিনয় শেষ কৰি নিশাই ভাগ ল’লে মাতৃৰ অন্ত্যোষ্টিক্ৰিয়াত | Assamese Popular actor Mridul Bhuyan's mother passes away Assam news - Assam Tv9

মাতৃক চিৰ বিদায় জনালে মৃদুল ভূঞাই, ভ্ৰাম্যমাণৰ অভিনয় শেষ কৰি নিশাই ভাগ ল’লে মাতৃৰ অন্ত্যোষ্টিক্ৰিয়াত

Updated On: 

27 Feb 2025 | 01:00 PM

ভ্ৰাম্যমানৰ অভিনেতা মৃদুল ভূঞাৰ মাতৃৰ দেহাৱসান। এফালে সুন্দৰ অভিনয়েৰে দৰ্শকক মনোৰঞ্জন আনফালে মাতৃ বিয়োগৰ শোকত বুকত এজাক ধুমুহা, এয়াই যেন এজন অভিনেতাৰ জীৱন। মাতৃৰ মৃত্যু হলেও নাটক কৰিবই লাগিব কিয়নো মৃদুৰ ভূঞা আছিল চুক্তিবদ্ধ।

1 / 5মাতৃহাৰা হ'ল ভ্ৰাম্যমান নাট্যজগতৰ ট্ৰেজেডি কিং খ্যাত অভিনেতা মৃদুল ভূঞা। বুধবাৰে বিয়লি প্ৰায় ৪ বজাত ২ নং ৰঙাজান গাঁৱৰ বাসগৃহত মৃত্যু হয় মাতৃ কুঞ্জলতা ভূঞাৰ।

মাতৃহাৰা হ'ল ভ্ৰাম্যমান নাট্যজগতৰ ট্ৰেজেডি কিং খ্যাত অভিনেতা মৃদুল ভূঞা। বুধবাৰে বিয়লি প্ৰায় ৪ বজাত ২ নং ৰঙাজান গাঁৱৰ বাসগৃহত মৃত্যু হয় মাতৃ কুঞ্জলতা ভূঞাৰ।

2 / 5

লখিমপুৰৰ কে বি ৰোডত ৰাজধানী থিয়েটাৰৰ নাট চলি থকাৰ মাজতে লাভ কৰে মাতৃ বিয়োগৰ খবৰ। কিন্তু কৰ্তব্যৰ তাড়নাত মঞ্চত অভিনয় কৰি গ’ল অভিনেতাজনে।

3 / 5

এফালে চোতালত সাজু মাতৃৰ চিতা, আনফালে মাতৃৰ বিয়োগৰ দুখ বান্ধি মঞ্চত পুত্ৰৰ অভিনয়। এজন শিল্পী হোৱাটো ইমান সহজ নহয়। অভিনয় সামৰি নিশাই অন্ত্যোষ্টিক্ৰিয়াত ভাগ ল’লে মৃদুল ভূঞাই।

4 / 5

কেৱল অভিনেতা হিচাপে নহয় এজন ভাল পুত্ৰ আৰু স্বামীয়ো মৃদুল ভূঞা। নিজৰ অভিনয় আৰু ব্যক্তিত্বৰে ৰাইজৰ মাজত গঢ়িছে সুকীয়া পৰিচয়। কালিৰ দিনটো অভিনেতাজনৰ বাবে ইমান সহজ নাছিল।

5 / 5

নাটক আৰম্ভ কৰাৰ কেইমুহূর্ত মানৰ আগতে লাভ কৰিছিল মাতৃৰ মৃত্যুৰ খবৰ। তথাপিও সেই মুহূর্তত সহজ ভাবে সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰিছিল। এতিয়া সামজিক মাধ্যমত অভিনেতাজনৰ এই কৰ্মনিষ্ঠা সকলোৰে মাজত চৰ্চিত হৈ পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...