Zubeen garg's sikaar box office collection : অসমীয়া ছবি 'চিকাৰ'য়ে কিমান টকা আয় কৰিলে ? | assamese movie sikaar box office collection zubeen garg assam Assam news - Assam Tv9

Zubeen garg’s sikaar box office collection : অসমীয়া ছবি ‘চিকাৰ’য়ে কিমান টকা আয় কৰিলে ?

Updated On: 

23 Sep 2024 | 08:47 AM

Zubeen garg's sikaar: ২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে জুবিন গাৰ্গ, আদিল হুচেইন, উৰ্মিলা মহন্ত আদিৰ দ্বাৰা অভিনীত ছবি চিকাৰ। এই ছবিখন এতিয়াও ছবিগৃহত স- গৌৰৱে চলি আছে। ৩টা দিন সম্পূৰ্ণ কৰিলে ছবিখনে।

1 / 5২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰে চেম ভট্টাচাৰ্যৰ দ্বাৰা প্ৰযোজনা কৰা ছবি চিকাৰ। এই ছবিখনত জুবিন গাৰ্গ, আদিল হুচেইন, সিদ্ধাৰ্থ শৰ্মা, উৰ্মিলা মহন্তকে ধৰি বহু অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে।

২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰে চেম ভট্টাচাৰ্যৰ দ্বাৰা প্ৰযোজনা কৰা ছবি চিকাৰ। এই ছবিখনত জুবিন গাৰ্গ, আদিল হুচেইন, সিদ্ধাৰ্থ শৰ্মা, উৰ্মিলা মহন্তকে ধৰি বহু অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে।

2 / 5

ছবিখনত মূল চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে। শংকৰ চিকাৰী নামেৰে চাহ বাগানীয়া যুৱকৰ ৰূপত দেখা গৈছে জুবিন গাৰ্গক। জুবিনৰ লগতে উৰ্মিলা, আদিল হুচেইন আদিৰ অভিনয়ে আপ্লুত কৰিছে দৰ্শকক।

3 / 5

এতিয়াও ছবিগৃহত স- গৌৰৱে চলি আছে অসমীয়া ছবি চিকাৰ। ছবিখনত দেখুওৱা হৈছে যে জুবিনে অসমৰ চাহ বাগিচাৰ পৰা লণ্ডণলৈ গৈ তেওঁৰ প্ৰমিকাক হত্যা কৰাৰ প্ৰতিশোধ ল'ব বিচাৰে। পৰম্পৰাগত আৰু আধুনিকতাৰ মাজৰ সংঘৰ্ষ আৰু সম্পৰ্কৰ সন্ধান কৰা ই এক একশ্যন থ্ৰীলাৰ।

4 / 5

ছবিখন মুক্তিৰ দিনটোত আছিল নেশ্যনেল চিনেমা ডে। এই দিনটোৰ দেশৰ লগতে ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহতে টিকটৰ মূল্য আছিল ৯৯ টকা। তাৰ পাছতে চিকাৰ ছবিখনে প্ৰথম দিনটোতেই ৩২ লাখৰো অধিক টকা আয় কৰিবলৈ সক্ষম হয়। দ্বিতীয় দিনটোতো কেইবাটাও ছবিগৃহত হাউচ ফুল থকা দেখা যায়। দ্বিতীয় দিনটোৰ আয় প্ৰায় ৫৩ লাখ টকা।

5 / 5

আগন্তুক সময়ত এই ছবিখনে আৰু অধিক আয় কৰাৰ সম্ভাৱণা আছে। ইয়াৰ মাজতে ছবিখনৰ মাজত জুবিন গাৰ্গে গোৱা ৰ'দ শীৰ্ষক গীতটি যথেষ্ঠ ভাইৰেল হৈ আছে। অভিনয়ৰ লগতে জুবিনে গোৱা এই ফাঁকি গীতে দৰ্শকৰ মন মুহিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...