09 Sep 2025 | 09:42 PM
অৱশেষত মুকলি আকাশৰ তললৈ আহিল অভিনেত্ৰী নন্দিনী কাশ্যপ। ৪৩ দিনৰ অন্তত কেন্দ্ৰীয় কাৰাগাৰাৰ পৰা ওলাই আহে অভিনেত্ৰীগৰাকী।
দীৰ্ঘ দিনৰ অন্তত মঙলবাৰে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হয় নন্দিনী কাশ্যপ। কামৰূপ মহানগৰ জিলা চেছন ন্যায়াধীশৰ আদালতে সোমবাৰে জামিন মঞ্জুৰ কৰিছিল।
বিলাসী বাহনত উঠি ঘৰমুৱা বিতৰ্কিত নন্দিনী!
উল্লেখ্য যে, অভিনেত্ৰীগৰাকীৰ গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল ছামিউল ইছলাম নামৰ এজন যুৱকে। মাজনিশা নন্দিনীয়ে দ্ৰুতগতিত চলাই অহা গাড়ীৰ খুন্দাত হাস্পতালত যুৱকজনৰ মৃত্যু হয়।
দুৰ্ঘটনাৰ পিছতে নন্দিনী কাশ্যপে বিভিন্ন ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰো অভিযোগ উত্থাপিত হৈছিল।