অসমীয়া ছবিজগতত ৰবি শৰ্মাৰ আন এক সংযোজন! শীঘ্ৰে আৰম্ভ হ’ব নতুন ছবিৰ কাম | assamese actor ravi sarma announces his new film titled moksh Assam news - Assam Tv9

অসমীয়া ছবিজগতত ৰবি শৰ্মাৰ আন এক সংযোজন! শীঘ্ৰে আৰম্ভ হ’ব নতুন ছবিৰ কাম

Updated On: 

28 Sep 2024 16:39 PM

অসমীয়া ছবিজগতৰ নায়ক ৰবি শৰ্মাৰ আন এক নতুন সংযোজন। ‘শ্ৰী ৰঘুপতি’ৰ সফলতাৰ পাছত অভিনেতা ৰবি শৰ্মাৰ লিখিত কাহিনীৰে শীঘ্ৰেই আহি আছে দ্বিতীয়খন অসমীয়া ছবি। আগন্তুক বৰ্ষত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে।

1 / 5

অভিনেতা ৰবি শৰ্মাই ঘোষণা কৰিছে এখন নতুন ছবিৰ কথা ৷অহা নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব ছবিখনৰ শ্বুটিং।

2 / 5

সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তা যোগে এই খবৰ শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে । আগন্তুক বৰ্ষত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে।

3 / 5

অভিনেতাগৰাকীয়ে কয়, “প্ৰথমে আপোনালোকক শ্ৰী ৰঘুপতিৰ অপাৰ সফলতাৰ বাবে মই পুনৰবাৰ নতশিৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এই ভিডিঅ’টোৰ জৰিয়তে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ৰঘুপতিৰ অপাৰ সফলতাৰ পাছত এতিয়া মই পুনৰ এখন নতুন স্ক্ৰীপ্ট লিখি আছোঁ।"

4 / 5

তেওঁ কয়, এই স্ক্ৰীপ্টখনৰ নাম হৈছে 'মোক্ষ' । এটা সংস্কৃত শব্দ । এই ছবিখনৰ শ্বুটিং আমি নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম। ঈশ্বৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে 2025 বৰ্ষত আমি ছবিগৃহত আপোনালোকৰ বাবে ছবিখন উপলব্ধ কৰিম ।"

5 / 5

‘শ্ৰী ৰঘুপতি’ৰ সফলতাৰ পাছত আহিবলগীয়া ছবিখনক লৈ যথেষ্ট আশাবাদী অভিনেতাগৰাকীৰ লগতে অনুৰাগীসকল। তেওঁৰ ছবি ‘শ্ৰী ৰঘুপতি’ৰ বক্স অফিচ উপাৰ্জন আছিল ১৩.৮১ কোটি টকা

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey