অপেক্ষাৰ অন্তত গুৱাহাটীত এজাক বৰষুণ, আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা ? | Assam Weather Updates heavy rain in guwahati Assam news - Assam Tv9

অপেক্ষাৰ অন্তত গুৱাহাটীত এজাক বৰষুণ…আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা ?

Updated On: 

23 Sep 2024 | 05:49 PM

প্ৰচণ্ড গৰমৰ মাজতে সকাহ পালে গুৱাহাটীবাসীয়ে । ৰাজ্যবাসীয়ে প্ৰচণ্ড গৰম অনুভৱ কৰাৰ সময়তে হঠাতে সলনি হ'ল ৰাজধানী চহৰ গুৱাহাটীৰ বতৰ ।

1 / 8ৰাজ্যৰ প্ৰায়ে সকলো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰবল বৰষুণৰ সতৰ্কতা জাৰি কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত অহা ২৪ ঘণ্টাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা সদৰী কৰিছে ।

ৰাজ্যৰ প্ৰায়ে সকলো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰবল বৰষুণৰ সতৰ্কতা জাৰি কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত অহা ২৪ ঘণ্টাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা সদৰী কৰিছে ।

2 / 8

বহুত ঠাইত শিল্পালয়সমূহত দেৱীৰ প্ৰতিমাসমূহ বৰষুণৰ বাবে শুকোৱা নাই। বৃহস্পতিবাৰৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত ঠায়ে ঠায়ে পানী জমা হৈছে।

3 / 8

দেওবাৰে ৰাজ্যৰ কোনো কোনো অংশত পাতলীয়া বৰষুণ হোৱাৰ বিপৰীতে গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত গৰমে জ্বলা-কলা খুৱাইছিল ৰাইজক ।

4 / 8

অহা ৩ দিনলৈ ৰাজ্যৰ দুই এঠাইত বিজুলী-ঢেৰেকনিৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

5 / 8

২৩ ছেপ্টেম্বৰত গুৱাহাটীত গৰমৰ লগতে আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব বুলি জাননী জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ২৪ ছেপ্টেম্বৰত আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু কোনো কোনো ঠাইত পাতল বৰষুণ,বিজুলী- ঢেৰেকনি আহিব পাৰে।

6 / 8

আজিৰ দিনটোত ৰাজ্যৰ ঠায়ে ঠায়ে হ'ব ধাৰাসাৰ বৰষুণ। ৫ জিলাত Orange Alert আৰু ১২খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

7 / 8

উৎকট গৰমৰ বাবে ২৪ ছেপ্টেম্বৰ, মঙ্গলবাৰৰ পৰা কামৰূপ মহানগৰ জিলাৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছিল । এই কথা সদৰী কৰিছিল কামৰূপ মহানগৰ জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰগৰাকীয়ে । এই কথা ঘোষণা কৰাৰ পাছতে গুৱাহাটীত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে ।

8 / 8

বৰষুণ অহাৰ পাছত মহানগৰীৰ ঠায়ে ঠায়ে পানী জমা হোৱাৰো খবৰ লাভ কৰা গৈছে । কিন্তু প্ৰচণ্ড গৰমৰ মাজতে অহা বৰষুণ জাকৰ বাবে কিছু সকাহ পাইছে গুৱাহাটীবাসীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...