পুনৰ হ'ব ধাৰাসাৰ বৰষুণ! কেইবাখনো জিলাত সতৰ্কবাণী বতৰ বিজ্ঞান বিভাগৰ | assam weather forecast expected rain Assam news - Assam Tv9

পুনৰ হ’ব ধাৰাসাৰ বৰষুণ! কেইবাখনো জিলাত সতৰ্কবাণী বতৰ বিজ্ঞান বিভাগৰ

Published: 

08 Aug 2024 11:06 AM

ৰাজ্যত পুনৰ হ'ব পাৰে ধাৰাসাৰ বৰষুণ। ইতিমধ্যে এই ক্ষেত্ৰত য়ালো এলাৰ্ট জাৰি কৰিছে। এই জিলা সমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱণা আছে। গুৱাহাটীতো হ'ব পাৰে ধাৰাসাৰ বৰষুণ।

1 / 5কিছুদিন পূৰ্বে গুৱাহাটীত হোৱা ধাৰাসাৰ বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰিছিল। মহানগৰীৰ প্ৰায়বোৰ অঞ্চল জলামগ্ন হৈ পৰিছিল। হাজাৰ হাজাৰ জনত জলবন্দী হৈ পৰিছিল। দাবী অনুসৰি গুৱাহাটীত ৫ আগষ্টৰ বৰষুণে অভিলেখ গঢ়িছে। ইয়াৰ পূৰ্বে কেতিয়াও এনে ধৰণৰ বৰষুণ হোৱা নাছিল।

কিছুদিন পূৰ্বে গুৱাহাটীত হোৱা ধাৰাসাৰ বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰিছিল। মহানগৰীৰ প্ৰায়বোৰ অঞ্চল জলামগ্ন হৈ পৰিছিল। হাজাৰ হাজাৰ জনত জলবন্দী হৈ পৰিছিল। দাবী অনুসৰি গুৱাহাটীত ৫ আগষ্টৰ বৰষুণে অভিলেখ গঢ়িছে। ইয়াৰ পূৰ্বে কেতিয়াও এনে ধৰণৰ বৰষুণ হোৱা নাছিল।

2 / 5

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতৰ্কবাণী দিয়ে যে পুনৰ গুৱাহাটীত ধাৰাসাৰ বৰষুণ হ'ব। যাৰ বাবে প্ৰয়োজনীয় কাম নহ'লে জনতাক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনায়।মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰ কৃত্ৰিম বানত যিমান পানী হৈছিল সিমান পানী মহানগৰীৰ নলাই কঢ়িয়াই নিব নোৱাৰে।

3 / 5

ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। কিয়নো পুনৰ হ'ব পাৰে ধাৰাসাৰ বৰষুণ। অসমৰ কেইবাখনো জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰে। ২০ খনৰো অধিক জিলাত হালধীয়া এলাৰ্ট জাৰি কৰে।

4 / 5

দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বাক্সা,গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ) জিলা, ওদালগুৰি, দৰং, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ জিলাত য়ালো এলাৰ্ট জাৰি কৰিছে।

5 / 5

ইয়াৰোপৰি লখিমপুৰ,ধেমাজি, শিৱসাগৰ,কৰিমগঞ্জ, গোলাঘাট, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড় জিলাত য়ালো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। এই জিলাসমূহত ধাৰাসাৰ বৰষুণ হ'ব পাৰে।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?