ডিব্ৰুগড়ত স্থাপন হ'ব বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান | Assam to Establish Institute of Wildlife Health and Research in Dibrugarh : Himanta Biswa Sarma Assam news - Assam Tv9

২৫০ কোটি টকা ব্যয়, ডিব্ৰুগড়ত স্থাপন হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান

Published: 

30 May 2025 | 06:51 PM

২৫০ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড় জিলাত স্থাপন কৰা হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান । ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

1 / 5অসমৰ ডিব্ৰুগড় জিলাত স্থাপন কৰা হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান । শুকুৰবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ডিব্ৰুগড়ৰৰ দিনজানত স্থাপন হ’ব এই প্ৰতিষ্ঠানখন ।

অসমৰ ডিব্ৰুগড় জিলাত স্থাপন কৰা হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান । শুকুৰবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ডিব্ৰুগড়ৰৰ দিনজানত স্থাপন হ’ব এই প্ৰতিষ্ঠানখন ।

2 / 5

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, ১২০ বিঘা মাটিত ২৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান। সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

3 / 5

উন্নত ডায়গ্নষ্টিক পদ্ধতি, ফৰেনছিক বিজ্ঞান আৰু নীতি-সহায়ক গৱেষণাৰ জৰিয়তে এই পদক্ষেপে ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণত এক নতুন দিশ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

4 / 5

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্রতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই প্ৰতিষ্ঠানখন স্থাপন কৰাৰ উদ্দেশ্য হৈছে- জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণা আৰু অধ্যয়নৰ সুবিধা প্ৰদান কৰা।

5 / 5

এই প্ৰতিষ্ঠানখনে ৰাজ্যখনৰ চহকী জৈৱ বৈচিত্ৰ্য সংৰক্ষণত সহায় কৰাৰ লগতে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্রান্তৰ বিজ্ঞানী আৰু গৱেষকসকলক গৱেষণা আৰু অধ্যয়ন কৰিবলৈ সুবিধা প্ৰদান কৰিব বুলি আশা কৰিছে চৰকাৰে । এই প্ৰতিষ্ঠানখনে বন্যপ্ৰাণী সংকট ব্যৱস্থাপনা আৰু স্থানান্তৰ, বন্যপ্ৰাণী তথ্যবিজ্ঞান, ৰাজহুৱা নীতি আৰু সহযোগিতাৰ ব্যৱস্থাও কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...