কেতিয়া অনুষ্ঠিত হ'ব টেট পৰীক্ষা, প্ৰকাশ পালে নতুন সময়সূচী... | Assam TET Exam Rescheduled: New Date Announced Assam news - Assam Tv9

কেতিয়া অনুষ্ঠিত হ’ব টেট পৰীক্ষা, প্ৰকাশ পালে নতুন সময়সূচী…

Updated On: 

22 Dec 2024 | 01:07 PM

প্ৰকাশিত খবৰ অনুসৰি স্নাতক আৰু স্নাতকোত্তৰ টেটৰ লিখিত পৰীক্ষা অহা ১৯ জানুৱাৰীত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । টেট পৰীক্ষা প্ৰৱেশপত্ৰ অহা ৩ জানুৱাৰীৰ পৰা উপলব্ধ হব ।

1 / 5অসমৰ শিক্ষক নিযুক্তি পৰীক্ষা চমুকৈ টেট(TET) ১৫ দিন পিছুৱাই দিয়াৰ বাবে নিৰ্দেশ জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে । পৰীক্ষা পাঠ্যক্ৰমত ৫০ নম্বৰ গণিত বিষয় অন্তৰ্ভুক্ত কৰাৰ বিষয়তে এই নিৰ্দেশ জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে শিক্ষক নিযুক্তিৰ পৰীক্ষা চমুকৈ TET ৰ নতুন সময়সূচী প্ৰকাশ কৰিছে অসম মাধ্যমিক শিক্ষা সঞ্চালকে ।

অসমৰ শিক্ষক নিযুক্তি পৰীক্ষা চমুকৈ টেট(TET) ১৫ দিন পিছুৱাই দিয়াৰ বাবে নিৰ্দেশ জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে । পৰীক্ষা পাঠ্যক্ৰমত ৫০ নম্বৰ গণিত বিষয় অন্তৰ্ভুক্ত কৰাৰ বিষয়তে এই নিৰ্দেশ জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে শিক্ষক নিযুক্তিৰ পৰীক্ষা চমুকৈ TET ৰ নতুন সময়সূচী প্ৰকাশ কৰিছে অসম মাধ্যমিক শিক্ষা সঞ্চালকে ।

2 / 5

প্ৰকাশিত খবৰ অনুসৰি স্নাতক আৰু স্নাতকোত্তৰ টেটৰ লিখিত পৰীক্ষা অহা ১৯ জানুৱাৰীত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । উল্লেখ্য যে, অহা ২৯ ডিচেম্বৰত টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল ।

3 / 5

মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকে প্ৰকাশ কৰা নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, টেট পৰীক্ষা প্ৰৱেশপত্ৰ অহা ৩ জানুৱাৰীৰ পৰা উপলব্ধ হব । নিৰ্দিষ্ট ৱেবচাইটৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে ডাউনলোড কৰিব পাৰিব প্ৰৱেশ পত্ৰ ।

4 / 5

পৰীক্ষালৈ মাজত কেইটামান দিন বাকী থকাৰ সময়তে গণিত বিষয় পৰীক্ষাৰ পাঠ্যক্ৰমত ৫০ নম্বৰৰ গণিত বিষয় অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰকাশ পাইছিল । এই সিদ্ধান্তৰ পাছতে একাংশ পৰীক্ষাৰ্থীয়ে উচ্চতম ন্যায়ালৰ কাষ চাপে আৰু পৰীক্ষা পিছুৱাবলৈ আবেদন জনায় ।

5 / 5

এই আবেদনৰ ভিত্তিতে ২৯ ডিচেম্বৰৰ পৰিবৰ্তে উচ্চ ন্যায়ালয়ে ১৫ দিনৰ পাছতহে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ জাৰি কৰে । উচ্চ ন্যায়ালৰ এই নিৰ্দেশ অনুসৰিয়ে আজি নতুন সময়সূচী প্ৰকাশ কৰে মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...