কেতিয়া অনুষ্ঠিত হ'ব টেট পৰীক্ষা, প্ৰকাশ পালে নতুন সময়সূচী... | Assam TET Exam Rescheduled: New Date Announced Assam news - Assam Tv9

কেতিয়া অনুষ্ঠিত হ’ব টেট পৰীক্ষা, প্ৰকাশ পালে নতুন সময়সূচী…

Updated On: 

22 Dec 2024 13:07 PM

প্ৰকাশিত খবৰ অনুসৰি স্নাতক আৰু স্নাতকোত্তৰ টেটৰ লিখিত পৰীক্ষা অহা ১৯ জানুৱাৰীত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । টেট পৰীক্ষা প্ৰৱেশপত্ৰ অহা ৩ জানুৱাৰীৰ পৰা উপলব্ধ হব ।

1 / 5অসমৰ শিক্ষক নিযুক্তি পৰীক্ষা চমুকৈ টেট(TET) ১৫ দিন পিছুৱাই দিয়াৰ বাবে নিৰ্দেশ জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে । পৰীক্ষা পাঠ্যক্ৰমত ৫০ নম্বৰ গণিত বিষয় অন্তৰ্ভুক্ত কৰাৰ বিষয়তে এই নিৰ্দেশ জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে শিক্ষক নিযুক্তিৰ পৰীক্ষা চমুকৈ TET ৰ নতুন সময়সূচী প্ৰকাশ কৰিছে অসম মাধ্যমিক শিক্ষা সঞ্চালকে ।

অসমৰ শিক্ষক নিযুক্তি পৰীক্ষা চমুকৈ টেট(TET) ১৫ দিন পিছুৱাই দিয়াৰ বাবে নিৰ্দেশ জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে । পৰীক্ষা পাঠ্যক্ৰমত ৫০ নম্বৰ গণিত বিষয় অন্তৰ্ভুক্ত কৰাৰ বিষয়তে এই নিৰ্দেশ জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে শিক্ষক নিযুক্তিৰ পৰীক্ষা চমুকৈ TET ৰ নতুন সময়সূচী প্ৰকাশ কৰিছে অসম মাধ্যমিক শিক্ষা সঞ্চালকে ।

2 / 5

প্ৰকাশিত খবৰ অনুসৰি স্নাতক আৰু স্নাতকোত্তৰ টেটৰ লিখিত পৰীক্ষা অহা ১৯ জানুৱাৰীত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । উল্লেখ্য যে, অহা ২৯ ডিচেম্বৰত টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল ।

3 / 5

মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকে প্ৰকাশ কৰা নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, টেট পৰীক্ষা প্ৰৱেশপত্ৰ অহা ৩ জানুৱাৰীৰ পৰা উপলব্ধ হব । নিৰ্দিষ্ট ৱেবচাইটৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে ডাউনলোড কৰিব পাৰিব প্ৰৱেশ পত্ৰ ।

4 / 5

পৰীক্ষালৈ মাজত কেইটামান দিন বাকী থকাৰ সময়তে গণিত বিষয় পৰীক্ষাৰ পাঠ্যক্ৰমত ৫০ নম্বৰৰ গণিত বিষয় অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰকাশ পাইছিল । এই সিদ্ধান্তৰ পাছতে একাংশ পৰীক্ষাৰ্থীয়ে উচ্চতম ন্যায়ালৰ কাষ চাপে আৰু পৰীক্ষা পিছুৱাবলৈ আবেদন জনায় ।

5 / 5

এই আবেদনৰ ভিত্তিতে ২৯ ডিচেম্বৰৰ পৰিবৰ্তে উচ্চ ন্যায়ালয়ে ১৫ দিনৰ পাছতহে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ জাৰি কৰে । উচ্চ ন্যায়ালৰ এই নিৰ্দেশ অনুসৰিয়ে আজি নতুন সময়সূচী প্ৰকাশ কৰে মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকে ।

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...