31 Dec 2024 07:56 AM
নৱবৰ্ষৰ প্ৰাকক্ষণত আৰক্ষী প্ৰশাসনত ৰদবদল। গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বদলি। দিগন্ত বৰাক বিশেষ শাখাৰ আই জি পি পদলৈ বদলি কৰা হৈছে। ইয়াৰোপৰি বৰাই লাচিন বৰফুকন একাডেমীৰ সঞ্চালকৰো দায়িত্ব পালন কৰিব।
দিগন্ত বৰাৰ স্থানত গুৱাহাটী আৰক্ষী আয়ুক্তৰ দায়িত্ব দিয়া হৈছে পাৰ্থ সাৰথি মহন্তক। STFৰ IGP হিচাপেও দায়িত্ব পালন কৰিব পাৰ্থ সাৰথি মহন্তই। উল্লেখ কৰা প্ৰয়োজন যে, চলিত বৰ্ষৰ মাৰ্চ মাহত পাৰ্থ সাৰথি মহন্তক ৰাজ্যৰ যান-বাহন আৰু পথ সুৰক্ষাৰ আই জি পি হিচাপে পদোন্নতি দিয়া হৈছিল।
ইয়াৰ পূৰ্বে মহন্ত এছ টি এফৰ ডি আই চি হিচাপে দায়িত্ব পালন কৰি আছিল। কেৱল পাৰ্থ সাৰথি মহন্ত আৰু দিগন্ত বৰাই নহয়, উচ্চ পৰ্যায়ৰ আন কেইবাগৰাকী আৰক্ষী বিষয়াক নতুন দায়িত্ব দি বদলি কৰা হৈছে।
বদলি কৰা হৈছে অখিলেশ কুমাৰ সিঙক। তেওঁক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে। বদলি কৰা হৈছে IGP(MG) বিবেক সিঙক। তেওঁক IGP(T&AP) পদলৈ বদলি কৰা হৈছে। ইয়াৰোপৰি BTRৰ IGP পদৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে বিবেক সিঙক। (ফটোত দিগন্ত বৰা)
ইয়াৰ লগতে আইন- শৃংখলা শাখাৰ আই জি পি প্ৰশান্ত কুমাৰ ভূঞাক বদলি কৰা হৈছে। তেওঁক IGP(Admn) পদলৈ বদলি কৰা হৈছে। বদলি কৰা হৈছে লাচিত বৰুৱাকো । SBৰ IGP লাচিত বৰুৱাক এছ বি পদৰ পৰা অব্যাহতি দি APHCL ৰ পৰিচালন সঞ্চালকৰ দায়িত্ব দিয়া হৈছে।