Assam police: পুনৰ অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা স্থগিত! পৰৱৰ্তী দিন ঘোষণা... | assam police recruitment examination postponed in guwahati today Assam news - Assam Tv9

Assam police: পুনৰ অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা স্থগিত! পৰৱৰ্তী দিন ঘোষণা…

trishna-kalita
Updated On: 

04 Oct 2024 10:33 AM

পুৱাৰে পৰা পৰীক্ষাৰ্থীসকল ব্যস্ত হৈ পৰিছিল শাৰীৰিক পৰীক্ষাৰ বাবে। এই সিদ্ধান্ত কেৱল গুৱাহাটীৰ বাবে গ্ৰহণ কৰা হৈছে। প্ৰতিকূল বতৰৰ বাবে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা অৱস্থা নাই।

1 / 5গুৱাহাটীত অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা স্থগিত।   প্ৰতিকূল বতৰৰ বাবে সাময়িকভাৱে স্থগিত শাৰীৰিক পৰীক্ষা।

গুৱাহাটীত অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা স্থগিত। প্ৰতিকূল বতৰৰ বাবে সাময়িকভাৱে স্থগিত শাৰীৰিক পৰীক্ষা।

2 / 5 চতুৰ্থ আৰক্ষী বেটেলিয়নত পৰীক্ষা হোৱাৰ কথা আছিল আজি। ৪ অক্টোবৰৰ পৰিৱৰ্তে ১৪ অক্টোবৰত অনুষ্ঠিত হ'ব শাৰীৰিক পৰীক্ষা।

চতুৰ্থ আৰক্ষী বেটেলিয়নত পৰীক্ষা হোৱাৰ কথা আছিল আজি। ৪ অক্টোবৰৰ পৰিৱৰ্তে ১৪ অক্টোবৰত অনুষ্ঠিত হ'ব শাৰীৰিক পৰীক্ষা।

3 / 5 ৩ অক্টোবৰতো বাতিল হৈছিল আৰক্ষীৰ নিযুক্তি পৰীক্ষা। প্ৰতিকূল বতৰৰ বাবে বাতিল হৈছিল পৰীক্ষা। ৫,৫৬৩টা পদৰ বাবে অসম আৰক্ষীয়ে অনুষ্ঠিত কৰিছে এই পৰীক্ষা।

৩ অক্টোবৰতো বাতিল হৈছিল আৰক্ষীৰ নিযুক্তি পৰীক্ষা। প্ৰতিকূল বতৰৰ বাবে বাতিল হৈছিল পৰীক্ষা। ৫,৫৬৩টা পদৰ বাবে অসম আৰক্ষীয়ে অনুষ্ঠিত কৰিছে এই পৰীক্ষা।

4 / 5

এই সিদ্ধান্ত কেৱল গুৱাহাটীৰ বাবে গ্ৰহণ কৰা হৈছে। প্ৰতিকূল বতৰৰ বাবে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা অৱস্থা নাই। যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ আছে শাৰীৰিক পৰীক্ষা।

5 / 5

৩ অক্টোবৰৰ পৰা প্ৰথম পৰ্যায়ৰ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ বাবে পৰীক্ষাৰ্থীয়ে দীৰ্ঘদিন ধৰি অনুশীলন চলাই আহিছে। কিন্তু নিশাৰ পৰা হোৱা বৰষুণৰ ফলত গুৱাহাটীৰ চতুৰ্থ আৰক্ষী বেটেলিয়নৰ ফিল্ডখন বোকাময় হৈ পৰিছে। এনে পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰিছে পৰীক্ষাৰ্থী আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা থাকে বা ভালদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। পৰীক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সঘনাই জ্বৰ উঠে নেকি আপোনাৰ? উলাই নকৰিব, হ’ব পাৰে এনে চিন্তনীয় সমস্যাৰ লক্ষণ
ৰাতিপুৱাৰ মূৰ গধুৰ আৰু চকু ফুলি উঠা: মগজুৰ টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
ভাগৰুৱা, বমি, জ্বৰৰ লগতে ভোক কমি গৈছে নেকি? সাৱধান হওক, হ'ব পাৰে এই ৰোগ...
ব্ৰেকফাষ্ট নকৰাকৈয়ে আৰম্ভ কৰে নেকি দিনটো? সাৱধান, এই ভুলৰ ফলত দেহত হ’ব পাৰে ৫টা চিন্তনীয় সমস্যা