সামাজিক মাধ্যমত দেশবিৰোধী পোষ্টঃ গ্ৰেপ্তাৰ হাইলাকান্দিৰ আতিকুৰ ৰহমান | Assam Police Arrest Hailakandi Man Over Allegedly Anti-National Social Media Post Assam news - Assam Tv9

সামাজিক মাধ্যমত দেশবিৰোধী পোষ্টঃ গ্ৰেপ্তাৰ হাইলাকান্দিৰ আতিকুৰ ৰহমান

Published: 

01 Aug 2025 18:27 PM

সামাজিক মাধ্যমত বিতৰ্কিত আৰু দেশবিৰোধী ভিডিঅ’ পোষ্ট কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হাইলাকান্দিৰ এজন যুৱকক। আতিকুৰ ৰহমান লস্কৰ নামৰ যুৱকজনে ইনষ্টাগ্ৰাম যোগে জেহাদৰ সমৰ্থনত এক ভিডিঅ’ পোষ্ট কৰাৰ অভিযোগ উঠিছে।

1 / 5শেহতীয়া সময়ছোৱাত অসম আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে সামাজিক মাধ্যমৰ ওপৰত। সামাজিক মাধ্যম যোগে কোনো বিতৰ্কিত তথা দেশবিৰোধী পোষ্ট শ্বেয়াৰ কৰিলেই আৰক্ষীয়ে গ্ৰহণ কৰিছে তাৎক্ষণিক পদক্ষেপ।

শেহতীয়া সময়ছোৱাত অসম আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে সামাজিক মাধ্যমৰ ওপৰত। সামাজিক মাধ্যম যোগে কোনো বিতৰ্কিত তথা দেশবিৰোধী পোষ্ট শ্বেয়াৰ কৰিলেই আৰক্ষীয়ে গ্ৰহণ কৰিছে তাৎক্ষণিক পদক্ষেপ।

2 / 5

এনে গোচৰত আজি পুনৰ আৰক্ষীৰ জালত পৰিছে এজন যুৱক। সামাজিক মাধ্যমত বিতৰ্কিত আৰু দেশবিৰোধী ভিডিঅ’ পোষ্ট কৰাৰ অভিযোগত হাইলাকান্দিৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

3 / 5

হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই যুৱকজনৰ নাম আতিকুৰ ৰহমান লস্কৰ বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি ধৃত আতিকুৰ ৰহমানৰ ঘৰ হাইলাকান্দিৰ বৰবন্দ নামৰ এখন গাঁৱত।

4 / 5

যুৱকজনৰ বিৰুদ্ধে সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত দেশ বিৰোধী আৰু উগ্ৰপন্থাৰ সমৰ্থনত বিভিন্ন ভিডিঅ’ আপলোড কৰাৰ অভিযোগ উত্থাপন হৈছে। ‘হোক কথা আসল বাড়ি’ নামেৰে এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাই আছিল যুৱকজনে।

5 / 5

এই একাউণ্ট যোগে আতিকুৰে শেহতীয়াকৈ কাশ্মীৰত জেহাদ কৰাৰ আহ্বান জনোৱা এটা ভিডিঅ’ আপলোড কৰিছিল। ইয়াৰ পিছতে হাইলাকান্দি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি হাইলাকান্দি আৰক্ষীয়ে আতিকুৰক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে।

কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক
দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন
অপৰাজিতা ফুল ব্যৱহাৰ কৰিলে কি কি ৰোগৰ পৰা হাত সাৰিব জানেনে?