চলন্ত বিমানত অসমৰ যাত্ৰীক প্ৰহাৰ সহযাত্ৰীৰঃ এতিয়ালৈকে নাই সন্ধান, পৰিয়ালে ল’লে এনে পদক্ষেপ | Assam Passenger Attacked Mid-Air on IndiGo Flight; Family Seeks Help in Locating Him Assam news - Assam Tv9

চলন্ত বিমানত অসমৰ যাত্ৰীক প্ৰহাৰ সহযাত্ৰীৰঃ এতিয়ালৈকে নাই সন্ধান, পৰিয়ালে ল’লে এনে পদক্ষেপ

Published: 

01 Aug 2025 21:24 PM

তথ্য অনুসৰি তেওঁ মুম্বাইৰ পৰা কলকাতা হৈ শিলচৰলৈ যাত্ৰা কৰিছিল। এই ঘটনাৰ পিছৰে পৰা তেওঁ সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

1 / 5চলন্ত অৱস্থাতে মাজ আকাশত সহযাত্ৰীৰ আক্ৰমণৰ সন্মুখীন হৈছে অসমৰ এজন লোক। ইণ্ডিগোৰ এখন বিমানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

চলন্ত অৱস্থাতে মাজ আকাশত সহযাত্ৰীৰ আক্ৰমণৰ সন্মুখীন হৈছে অসমৰ এজন লোক। ইণ্ডিগোৰ এখন বিমানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

2 / 5

আক্ৰমণৰ সন্মুখীন হোৱা ব্যক্তিজনৰ নাম কাছাৰ জিলাৰ কাটিগড়াৰ হুছেইন আহমদ মজুমদাৰ বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি তেওঁ মুম্বাইৰ পৰা কলকাতা হৈ শিলচৰলৈ যাত্ৰা কৰিছিল।

3 / 5

কিন্তু বিমানখন শিলচৰ অভিমুখে আহি থকাৰ সময়তে মাজ আকাশতে এজন ব্যক্তিয়ে হুছেইনক প্ৰহাৰ কৰে। বিমান পৰিচাৰিকাৰ সমুখতেই এই ঘটনা সংঘটিত হয়।

4 / 5

আশ্চৰ্যজনকভাৱে বৃহস্পতিবাৰেই এই ঘটনা সংঘটিত হৈছিল। কিন্তু এই ঘটনাৰ পিছত আজি পৰ্যন্ত নিজা বাসগৃহত উপস্থিত হোৱা নাই হুছেইন আহমদ মজুমদাৰ।

5 / 5

এনে পৰিস্থিতিত তেওঁৰ পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে। যদি কোনো লোকে নিৰুদ্দিষ্ট হুছেইনৰ সন্ধান লাভ কৰে, তেতিয়া 6000467825 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।

কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক
দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন
অপৰাজিতা ফুল ব্যৱহাৰ কৰিলে কি কি ৰোগৰ পৰা হাত সাৰিব জানেনে?