কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি হ'ল হাতী ছাফাৰী! হাতীত উঠি মনোমোহা দৃশ্য পৰিদৰ্শন কৰিলে দেশী-বিদেশী পৰ্যটকে | assam minister atul bora inaugurates elephant safari in kaziranga Assam news - Assam Tv9

কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি হ’ল হাতী ছাফাৰী! হাতীত উঠি মনোমোহা দৃশ্য পৰিদৰ্শন কৰিলে দেশী-বিদেশী পৰ্যটকে

Updated On: 

01 Nov 2024 | 04:42 PM

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ল হাতী ছাফাৰী। কহঁৰাৰ মিহিমুখত হাতী ছাফাৰী মুকলি কৰিলে মন্ত্ৰী অতুল বৰাই। পৰম্পৰাগত হস্তী পূজাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী ৷

1 / 5আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ল হাতী ছাফাৰী। কহঁৰাৰ মিহিমুখত হাতী ছাফাৰী মুকলি কৰিলে মন্ত্ৰী অতুল বৰাই

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ল হাতী ছাফাৰী। কহঁৰাৰ মিহিমুখত হাতী ছাফাৰী মুকলি কৰিলে মন্ত্ৰী অতুল বৰাই

2 / 5

পৰম্পৰাগত হস্তী পূজাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী ৷ একেলগে বাগৰি বনাঞ্চলতো আৰম্ভ হয় ব্যক্তিগত হাতী ছাফাৰী ৷

3 / 5

মন্ত্ৰীজনৰ লগতে হাতী ছাফাৰীৰ আমোদ ল'লে দেশী-বিদেশী পৰ্যটকেও৷ ১ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল নতুন পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হৈছিল।

4 / 5

প্ৰথম দিনটোত কহঁৰা বনাঞ্চলত ১০টা হাতীত বেলজিয়াম, ইউ কেৰ বিদেশী পৰ্যটক আৰু বহিৰাজ্যৰ পৰ্যটককে ধৰি মুঠ ৩০গৰাকী পৰ্যটকে হাতী ছাফাৰী কৰে ৷ হাতীত উঠি নিচেই কাষৰ পৰা বন্যজন্তু প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে দেশী বিদেশী পৰ্যটক ৷

5 / 5

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সদৰী কৰা মতে অক্টোবৰ মাহত ২৮৯৮০ গৰাকী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰে ৷ ইয়াৰে ভাৰতীয় পৰ্যটক ২৮৪০১ গৰাকী আৰু বিদেশী পৰ্যটক ৫৭৯ গৰাকী ৷ সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ ৬৫৩৭৫১৫ টকা ৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...