ভাল খবৰ! একাদশ শ্ৰেণীত 'সাংকেতিক ভাষা'ক ঐচ্ছিক বিষয় হিচাপে প্ৰৱৰ্তন... | assam introduced Sign Language as an Elective subject in Class XI announced himanta biswa sarma Assam news - Assam Tv9

ভাল খবৰ! একাদশ শ্ৰেণীত ‘সাংকেতিক ভাষা’ক ঐচ্ছিক বিষয় হিচাপে প্ৰৱৰ্তন…

Updated On: 

25 Jun 2025 19:30 PM

Sign Language as an Elective subject: অসমৰ শিক্ষাখণ্ডৰ বাবে এক ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা একাদশ শ্ৰেণীত সাংকেতিক ভাষা ঐচ্ছিক বিষয় হিচাপে থাকিব।

1 / 5অসমৰ শিক্ষাখণ্ডৰ বাবে এক ডাঙৰ খবৰ। এতিয়াৰে পৰা একাদশ শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হ'ব সাংকেতিক ভাষা। বুধবাৰে সামাজিক মাধ্যমত এই ঘোষণা কৰে তেওঁ।

অসমৰ শিক্ষাখণ্ডৰ বাবে এক ডাঙৰ খবৰ। এতিয়াৰে পৰা একাদশ শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হ'ব সাংকেতিক ভাষা। বুধবাৰে সামাজিক মাধ্যমত এই ঘোষণা কৰে তেওঁ।

2 / 5

শৰ্মাই ঘোষণা কৰা অনুসৰি, ৰাজ্যত ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা একাদশ শ্ৰেণীত সাংকেতিক ভাষাক (Sign Language) ঐচ্ছিক বিষয় হিচাপে আৰম্ভ কৰা হৈছে। গতিকে ইয়াৰ দ্বাৰা বহু শিক্ষাৰ্থী লাভান্বিত হ'ব।

3 / 5

শৰ্মাৰ মতে, চলিত বৰ্ষত ইতিমধ্যে ৭০জন তেনে শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে আৰু ইতিমধ্যে শিক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। গতিকে ইয়ে পৰৱৰ্তী সময়ত দিব্যাংগ (মূক-বধিৰ) শিক্ষাৰ্থীসকলক সহায় কৰিব বুলি আশা কৰিছে চৰকাৰে।

4 / 5

শৰ্মাই সামাজিক মাধ্যমত লিখে- "অসমৰ শিক্ষা খণ্ড তথা দিব্যাংগ (মূক-বধিৰ) শিক্ষাৰ্থীৰ বাবে এটি ভাল খবৰ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। ৰাজ্যত ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা একাদশ শ্ৰেণীত সাংকেতিক ভাষাক (Sign Language) ঐচ্ছিক বিষয় হিচাপে আৰম্ভ কৰা হৈছে"।

5 / 5

লগতে লিখে- "চলিত বৰ্ষত ইতিমধ্যে ৭০জন তেনে শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে আৰু ইতিমধ্যে শিক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। আমাৰ এই প্ৰয়াসে নিশ্চয়কৈ বহুজনক উপকৃত কৰিব"।

মৃত্যুৰ পিছত আত্মাৰ কি হয়? মৃত্যুৰ পিছত অস্তিত্ব থাকেনে?
নকৰিব এই ৫টা ভুল! অন্যথা ভৱিষ্যত হ'ব অন্ধকাৰ...
মহাকাশলৈ উৰা মৰা শুভাংশু শুক্লাই কিমান টকা লাভ কৰিব?
বাৰিষা ঋতুত পেটৰ সমস্যা কিয় হয়? জানক কি কি বস্তু খাব নালাগে